ETV Bharat / bharat

সামাজিক মাধ্যমত ভাইৰেল হৈ থকা কোন এইজন IITian বাবা ?

আইআইটি মুম্বাইৰ ছাত্ৰ এতিয়া বাবা । মহাকুম্ভ মেলালৈ আহি ভাইৰেল হৈ পৰা এই বাবাৰ পিতৃৰ বিশেষ আহ্বান...

IIT Baba at Mahakumbh
সামাজিক মাধ্যমত ভাইৰেল হৈ থকা কোন এইজন আইআইটিয়ান বাবা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 16, 2025 at 11:52 AM IST

3 Min Read
Choose ETV Bharat

ঝজ্জৰ : বিশ্বাস কৰা হয় যে মানুহে জীৱনক সম্পূৰ্ণৰূপে বুজি উঠাৰ পিছত আধ্যাত্মিকতাৰ আশ্ৰয় লয় । এই প্ৰবাদটো সঁচা প্ৰমাণিত কৰিলে হাৰিয়ানাৰ ঝজ্জৰৰ বাসিন্দা অভয় সিঙে । যি এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ আছে ।

অভয় সিঙে আইআইটি মুম্বাইৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত বি.টেক কৰি পিছত তেওঁ ভাৰত আৰু কানাডাত কাম কৰিছিল । কিন্তু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণে তেওঁক সম্পূৰ্ণ সলনি কৰিলে । পূৰ্বৰ আইআইটিয়ান এতিয়া এজন বাবা ।

বাবা হিচাপে এতিয়া সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে অভয় সিং । প্ৰয়াগৰাজ মহাকুম্ভত অভয় সিং যথেষ্ট জনপ্ৰিয় হৈ পৰিছে । এনে সময়তে ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হয় তেওঁৰ বাসগৃহত । তেওঁৰ পৰিয়ালে অভয় সিঙৰ জীৱন যাত্ৰা সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

  • পিতৃয়ে ক'লে গোটেই কাহিনী

অভয় সিঙৰ পিতৃ এগৰাকী অধিবক্তা । যি ঝজ্জৰ আদালতত অধিবক্তা হিচাপে অনুশীলন কৰি আছে । পিতৃ কৰণ গ্ৰেৱালে কয় যে অভয় সিং সৰুৰে পৰা পঢ়াশুনাত অতি আগ্ৰহী আৰু ভাল আছিল । স্থানীয় বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত অভয় সিঙে দিল্লীত আইআইটি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ লৈছিল । তাৰ পিছত তেওঁ আইআইটি মুম্বাইৰ পৰা বি.টেক ডিগ্ৰী লাভ কৰে ।

পিতৃয়ে জনোৱা মতে ইয়াৰ পিছত অভয়ে মাষ্টাৰ্ছ অফ ডিজাইনিঙৰ এক পাঠ্যক্ৰমত নামভৰ্তি কৰে । কেৱল এয়াই নহয় অভয় সিঙে দেশৰ ৰাজধানী দিল্লী আৰু কানাডাৰ প্ৰতিষ্ঠিত কোম্পানীতো কাম কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত তেওঁ স্বদেশলৈ উভতি আহে । সেই সময়ছোৱাত তেওঁ শীতকালত কেইবাদিন ধৰি মানালী, ছিমলা, হৰিদ্বাৰ আদি বিভিন্ন স্থান ভ্ৰমণ কৰিছিল ।

  • ৬ মাহ ধৰি কোনো কথা-বতৰা হোৱা নাই

পিতৃ কৰণ গ্ৰেৱালে কয় যে তেওঁ প্ৰায় ৬ মাহ পূৰ্বে অভয় সিঙৰ সৈতে কথা পাতিছিল । তেতিয়াৰে পৰা পিতৃয়ে নাজানে অভয় ক'ত আছে । তেওঁ পৰিয়ালৰ সৈতেও দূৰত্ব বজাই ৰাখিছে । কৰণ গ্ৰেৱালে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালে অভয় সিঙক পুনৰ ঘৰলৈ উভতি অহাটো বিচাৰে । একে সময়তে তেওঁ এইটোও বিশ্বাস কৰে যে বাবা হোৱাৰ পিছত এতিয়া তেওঁৰ পুত্ৰৰ ঘৰলৈ উভতি অহাৰ সম্ভাৱনা নাই ।

  • মাতৃ আৰু ভগ্নী যথেষ্ট উদ্বিগ্ন

পিতৃয়ে লগতে কয় যে অভয়ৰ মাতৃয়ে তেওঁক বাৰে বাৰে কয় যে পুত্ৰ ঘূৰি আহিব লাগে, গাৰ্হস্থ্য জীৱন গ্ৰহণ কৰিব লাগে । কিন্তু তেতিয়া তেওঁ মাতৃক কৈছিল যে সন্ন্যাসী হোৱাৰ পিছত আৰু এতিয়া এয়া সম্ভৱ নহয় ।

পিতৃয়ে কয়, "মোৰ সন্দেহ হৈছিল তেওঁ হৰিদ্বাৰত থাকিব পাৰে, এতিয়া যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে মই নিশ্চিত যে তেওঁ সুৰক্ষিত আছে । ভনীয়েকেও অভয়ক মনত পেলাই থাকে আৰু কয় যে মই তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিব লাগে, কিন্তু তেওঁৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলো ।"

লগতে পঢ়ক :ত্ৰিবেণী সংগমস্থলীত ১৩ আখাড়াৰ সাধুৰ অমৃত স্নান - MAHAKUMBH 2025