ETV Bharat / bharat

কুম্ভমেলাত পদপিষ্ট হৈ মৃত্যু ৩০, আহত ৬০; যোগী প্ৰশাসনে কৰিলে স্পষ্ট

মৃতকৰ পৰিয়ালক ২৫ লাখ ক্ষতিপূৰণ যোগী চৰকাৰৰ ৷ ঘটনাৰ ন্যায়িক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

MAHA KUMBH MELA 2025
কুম্ভমেলাত পদপিষ্ট হৈ ৩০ জনৰ মৃত্যু, আহত ৬০ জন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 29, 2025 at 11:03 PM IST

3 Min Read
Choose ETV Bharat

লক্ষ্ণৌ/ প্ৰয়াগৰাজ: মৌনী অমাৱস্যাৰ পবিত্ৰ স্নানৰ সময়ত বুধবাৰে পুৱতি নিশা জনবহুল সংগমত মহাকুম্ভ মেলাত সংঘটিত পদপিষ্টৰ ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে ৷ বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কুম্ভমেলাৰ ডি আই জি বৈভৱ কৃষ্ণ আৰু মেলাৰ বিষয়া বিজয় কিৰণ আনন্দে সংবাদমেলযোগে মৃত আৰু আহতসকলৰ বিষয়ে তথ্য প্ৰদান কৰে ।

এই দুখজনক ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে যদিও মৃত আৰু আহতসকলৰ সন্দৰ্ভত কোনো সঠিক তথ্য দিয়া নাছিল । দুৰ্ঘটনাটোৰ প্ৰায় ২০ ঘণ্টাৰ পিছত চৰকাৰী পক্ষই স্বীকাৰ কৰে যে এই ভয়াবহতাত ৩০ জন ভক্তৰ মৃত্যু হৈছে আৰু ৬০ জন লোক আহত হৈছে ।

মেলা বিষয়া বিজয় কিৰণ আনন্দ আৰু ডি আই জি বৈভৱ কৃষ্ণই দুৰ্ঘটনাটোৰ বিষয়ে বিতং তথ্য প্ৰদান কৰি কয়, "ব্ৰহ্ম মুহুৰ্তৰ পূৰ্বে নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত মেলা এলেকাৰ আখৰা মাৰ্গত বিপুল জনসমাগম আছিল । ৰাইজৰ হেঁচাত সিপাৰৰ বেৰিকেডবোৰ ভাঙি যায় । ইয়াৰ পিছত মানুহে বেৰিকেড পাৰ হৈ সিপাৰলৈ আহি ব্ৰহ্ম মুহুৰ্তৰ সময়ত গা ধুবলৈ ৰৈ থকা ভক্তসকলক চেপা মাৰি ধৰে ।

ডি আই জি বৈভৱ কৃষ্ণই কয়, "মৌনি আমাৱস্যাৰ মহা কুম্ভমেলা অঞ্চলত হোৱা ভয়াবহতাত ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে । এই দুৰ্ঘটনাত ৬০ জন লোক আহত হৈছে । ইয়াৰে ৩৬ গৰাকী চিকিৎসাধীন হৈ আছে । বাকী ২৪জনক তেওঁলোকৰ আত্মীয়ই লৈ যায় । এই মৰ্মান্তিক দুৰ্ঘটনাত মুঠ ৯০ জন লোক আহত হয় । যাক এম্বুলেন্সৰ সহায়ত চিকিৎসালয়লৈ লৈ যোৱা হয় ।"

MAHA KUMBH MELA 2025
কুম্ভমেলাত পদপিষ্ট হৈ ৩০ জন মৃত্যু, আহত ৬০ জন (ETV Bharat)

ইফালে মহাকুম্ভ মেলা অঞ্চলৰ ডি আই জিৰ পৰা জানিব পৰা মতে, নিহতসকলৰ ভিতৰত ২৫ জনক চিনাক্ত কৰা হৈছে । বাকী কেইজনক চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে । মৌনি আমাৱস্যা উপলক্ষে মঙলবাৰৰ মাজনিশাৰ পিছত পুৱতি নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত সংগম স্থানত হঠাৎ এই ভয়াবহ ঘটনাটো সংঘটিত হয় ।

MAHA KUMBH MELA 2025
ন্যায়িক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ (ETV Bharat)

ইফালে, এই ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত আৰু ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এক বিবৃতিত কয়, আমি ন্যায়াধীশ হৰ্ষ কুমাৰ, প্ৰাক্তন ডি জি ভি কে গুপ্তাৰ নেতৃত্বত ৩ জনীয়া ন্যায়িক আয়োগ গঠন কৰিছো । ইয়াৰ সমান্তৰালকৈ মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা আমি ঘোষণা কৰিছো । বৃহস্পতিবাৰে মুখ্য সচিব আৰু ডিজিপি প্ৰয়াগৰাজলৈ যাব আৰু প্ৰয়োজন হ’লে সেই সকলোবোৰ দিশ চোৱাচিতা কৰিব ।

বিষয়াদ্বয়ে উল্লেখ কৰা মতে, নিহত হোৱা বহু লোক বহিঃৰাজ্যৰ ৷ ইয়াৰে কৰ্ণাটকৰ ৪ জন, অসমৰ ১ জন আৰু গুজৰাটৰ ১ জনক চিনাক্ত কৰা হৈছে । আহতসকলৰ একাংশক পৰিয়ালৰ লোকে লৈ যোৱাৰ বিপৰীতে ৩৬জন আহতক স্থানীয় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । ভক্তসকলৰ সুবিধাৰ্থে মেলা প্ৰশাসনে ১৯২০ হেল্পলাইন নম্বৰ জাৰি কৰিছে ।

একে সময়তে ডি আই জিয়ে কয় যে মেলা এলেকা প্ৰশাসনে ২৯ জানুৱাৰীত ভি আই পি প্ৰট’কল মানি চলা নাছিল । ভৱিষ্যতেও প্ৰধান পবিত্ৰ স্নানৰ সময়ত কোনো ভি আই পি প্ৰট’কল প্ৰযোজ্য নহ’ব ।

লগতে পঢ়ক: মহাকুম্ভ মেলাত অঘটন: পদপিষ্ট হৈ ১৭ জনৰ মৃত্যু, অমৃত স্নান বাতিল