ETV Bharat / bharat

ত্ৰিবেণী সংগমস্থলীত ১৩ আখাড়াৰ সাধুৰ অমৃত স্নান

প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমস্থলীত আৰম্ভ হৈছে মহাকুম্ভ মেলা । প্ৰায় ৩.৫ কোটি সাধু আৰু ভক্ত অমৃত স্নানৰ সাক্ষী হয় ।

mahakumbh 2025
ত্ৰিবেণী সংগমস্থলীত ১৩ আখাৰাৰ সাধুৰ অমৃত স্নান (PTI)
author img

By ETV Bharat Assamese Team

Published : January 15, 2025 at 11:41 AM IST

|

Updated : January 15, 2025 at 12:31 PM IST

3 Min Read
Choose ETV Bharat

মহাকুম্ভ নগৰ : মকৰ সংক্ৰান্তি উপলক্ষে মঙলবাৰে সাধু-সন্যাসী তথা ভক্তসকলে মহাকুম্ভ মেলাত 'অমৃত স্নান' কৰে । শ্ৰীপঞ্চায়তি আখাড়া মহানিৰ্বাণী আৰু শ্ৰীশম্ভু পঞ্চায়তি অটল আখৰাই প্ৰথমে মকৰ সংক্ৰান্তিত 'অমৃত স্নান' কৰে । আধ্যাত্মিক গুৰু স্বামী কৈলাশানন্দ গিৰিয়ে মঙলবাৰে মকৰ সংক্ৰান্তিৰ পৱিত্ৰ ক্ষণত মহাকুম্ভৰ প্ৰথম অমৃত স্নানৰ বাবে নিৰঞ্জনী আখাড়াৰ পৰা উলিওৱা শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে ।

এই প্ৰথম 'অমৃত স্নান' বিভিন্ন ধৰণে বিশেষ । সোমবাৰে সংগমস্থলত 'পুহৰ পূৰ্ণিমা' উপলক্ষে প্ৰথম পবিত্ৰ 'স্নান'ৰ এদিন পিছতে এই অমৃত স্নান কৰা হয় ।

বিভিন্ন সম্প্ৰদায়ৰ ১৩ আখাড়াই এই মহাকুম্ভত অংশগ্ৰহণ কৰিছে । যোগ, ধ্যান আৰু আধ্যাত্মিক জ্ঞানৰ অন্বেষণৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে প্ৰসিদ্ধ নিৰঞ্জনী আখাড়া হৈছে এই পবিত্ৰ সমাৱেশত অংশগ্ৰহণ কৰা অন্যতম গুৰুত্বপূৰ্ণ আখাড়া ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে প্ৰথম অমৃত স্নানৰ সময়ত ৩.৫০ কোটিতকৈও অধিক ভক্ত, সাধু আৰু সন্যাসীসকলে সংগমত উপস্থিত থাকে । তেওঁ এক্সৰ এটা পোষ্টত কয়, "প্ৰথম অমৃত স্নান পৰ্ব সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত, সনাতন ধৰ্ম, মহাকুম্ভ মেলা প্ৰশাসন, স্থানীয় প্ৰশাসন, আৰক্ষী প্ৰশাসন, অনাময় কৰ্মী, স্বেচ্ছাসেৱী সংগঠন আৰু ধৰ্মীয় প্ৰতিষ্ঠান, নাৱৰীয়া আৰু মহাকুম্ভৰ সৈতে জড়িত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক আন্তৰিক ধন্যবাদ আৰু ৰাজ্যবাসীক অভিনন্দন !"

মুখ্যমন্ত্ৰীয়ে এই পবিত্ৰ ক্ষণক ভাৰতৰ চিৰন্তন সংস্কৃতি আৰু বিশ্বাসৰ এক জীৱন্ত প্ৰমাণ হিচাপে বৰ্ণনা কৰিছে । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মকৰ সংক্ৰান্তি সন্দৰ্ভত ৰাজ্যবাসীক শুভেচ্ছা জনাই কয়, "মকৰ সংক্ৰান্তিৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ, সকলো শ্ৰদ্ধাৰ সাধু, ভক্ত আৰু অনুগামীসকলক আন্তৰিক অভিনন্দন ! বিশ্বব্ৰহ্মাণ্ডৰ পিতৃ সূৰ্য দেৱতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবে এই উৎসৱ ।"

ত্ৰিবেণী সংগমত প্ৰচণ্ড শীতল পানী স্বত্বেও ভক্তসকলে দলীয়ভাৱে স্নান কৰাৰ ঠাইৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত 'হৰ হৰ মহাদেৱ', 'জয় শ্ৰী ৰাম' আৰু 'জয় গংগা মাইয়া'ৰ শ্লোগান সকলোতে শুনা গৈছিল ।

পবিত্ৰ স্নানত ১৩ আখাড়াৰ সাধুৰ অংশগ্ৰহণ

১৩ টা আখাড়াক তিনিটা গোটত বিভক্ত কৰা হৈছে - সন্যাসী (শৈৱীত), বৈৰাগী (বৈষ্ণৱ) আৰু উদাসীন । শৈৱীত আখাদাসবোৰৰ ভিতৰত আছে শ্ৰী পঞ্চ দশনাম জুনা আখাড়া, শ্ৰী পঞ্চায়তি আখাড়া নিৰঞ্জনী, শ্ৰী শম্ভু পঞ্চায়তি অটল আখাড়া, শ্ৰী পঞ্চায়তি আখাড়া মহানিৰ্বাণী, শ্ৰী শম্ভু পাঞ্চাগ্নি আখাড়া, শ্ৰী পঞ্চদশনাম আৱাহন আখাড়া আৰু তপনিধি শ্ৰী আনন্দ আখাড়া পঞ্চায়তি ৷

লগতে পঢ়ক :মহাকুম্ভ মেলাৰ দ্বিতীয়টো দিন; অমৃত স্নানৰ বাবে পবিত্ৰ সংগমস্থলীত অগণন ভক্তৰ ভিৰ - PRAYAGRAJ MAHAKUMBH 2025

Last Updated : January 15, 2025 at 12:31 PM IST