ETV Bharat / bharat

মহাকুম্ভত ৩ লাখ কোটিৰ ব্যৱসায়ৰ অনুমান

চলিত মহাকুম্ভত 60 কোটি ভক্তৰ উপস্থিতিৰ সম্ভাৱনা । তেওঁলোকৰ অৰ্থনৈতিক কাৰ্যকলাপে 3 লাখ কোটিৰ ব্যৱসায় সৃষ্টি কৰিব বুলি আশা কৰা হৈছে ।

MAHA KUMBH ECONOMY
মহাকুম্ভত ৩ লাখ কোটিৰ ব্যৱসায়ৰ অনুমান (PTI)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 4:15 PM IST

3 Min Read
Choose ETV Bharat

প্ৰয়াগৰাজ : প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা । যেৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই কুম্ভমেলা ২৬ ফেব্ৰুৱাৰীলৈকে চলিব । আনহাতে, প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভমেলাত বিভিন্ন সামগ্ৰী আৰু সেৱাৰ পৰা ৩ লাখ কোটি টকাৰ এক আশ্চৰ্যকৰ ব্যৱসায়িক লেনদেন সৃষ্টি কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, বুধবাৰে দুপৰীয়ালৈকে ৫৫ কোটিতকৈও অধিক ভক্তৰ সমাগম হোৱা এই অনুষ্ঠানটো বিশ্বৰ সৰ্ববৃহৎ মানৱ সমাৱেশসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে ।

কনফেডাৰেচন অৱ অল ট্ৰেডাৰ্ছৰ (Confederation of All Traders, CAIT) মহাসচিব তথা চান্দনী চ’কৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালে বুধবাৰে এক বিবৃতিযোগে উল্লেখ কৰে যে মহাকুম্ভই বিশ্বাস আৰু অৰ্থনীতিৰ মাজত শক্তিশালী সম্পৰ্কৰ উদাহৰণ দিয়ে, যিয়ে ভাৰতৰ সনাতন অৰ্থনীতিৰ শক্তিক প্ৰতিফলিত কৰে ।

তেওঁ কয়, "এই অনুষ্ঠানটোৱে প্ৰমাণ কৰে যে ভাৰতৰ সনাতন অৰ্থনীতিৰ গভীৰ শক্তি আছে, যি দেশৰ সামগ্ৰিক অৰ্থনৈতিক আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।"

ইতিমধ্যে কৰা পূৰ্বানুমান অনুসৰি মহাকুম্ভত 40 কোটি ভক্তৰ সমাবেশ ঘটিব আৰু প্ৰায় 2 লাখ কোটি টকাৰ ব্যৱসায়িক লেনদেন হ'ব । অৱশ্যে খাণ্ডেলৱালে উল্লেখ কৰে যে কুম্ভমেলাৰ বাবে যি অভূতপূৰ্ব উৎসাহ দেখা গৈছে, তাৰ পৰিপ্ৰেক্ষিতত ইয়াত অংশগ্ৰহণকাৰীৰ সংখ্যা এতিয়া 60 কোটি হ'ব বুলি আশা কৰা হৈছে । যাৰ ফলত ব্যৱসায়িক লেনদেন 3 লাখ কোটি টকাৰো অধিক হ'ব ।

ই উত্তৰ প্ৰদেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । যাৰ ফলত বিভিন্ন ক্ষেত্ৰত নতুন ব্যৱসায়ৰ সুযোগ সৃষ্টি হৈছে । মহাকুম্ভৰ আৰম্ভণিৰ পৰা ৫৫.৫৬ কোটিতকৈও অধিক লোকে ইয়াত অংশগ্ৰহণ কৰিছে ।

খাণ্ডেলৱালে আতিথ্য, খাদ্য আৰু পানীয়, পৰিবহণ, স্বাস্থ্যসেৱা, বস্ত্ৰ, মিডিয়া, টেলিকম, ধৰ্মীয় সেৱা আৰু নাগৰিক সেৱাকে ধৰি কেইবাটাও উদীয়মান খণ্ডৰ কথা উল্লেখ কৰে, যিবোৰত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যকলাপ হৈছে । এই খণ্ডবোৰে ব্যাপক নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত অৰিহণা যোগাইছে লগতে স্থানীয় আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিক লাভান্বিত কৰিছে ।

তেওঁ উল্লেখ কৰে যে মহাকুম্ভৰ অৰ্থনৈতিক প্ৰভাৱ কেৱল প্ৰয়াগৰাজতে সীমাবদ্ধ হৈ থকা নাই । ই চুবুৰীয়া নগৰ-চহৰবোৰৰো ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধি কৰিছে । অযোধ্যা আৰু বাৰাণসীৰ দৰে ধৰ্মীয় স্থান ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকলে এই অঞ্চলবোৰত অৰ্থনৈতিক বিকাশত অধিক ইন্ধন যোগাইছে ।

খাণ্ডেলৱালে এই বিষয়তো গুৰুত্ব আৰোপ কৰে যে মহাকুম্ভ, ২০২৫ কেৱল এক ধৰ্মীয় মাইলৰ খুঁটি নহয় । ইয়াৰ লগতে ভাৰতৰ ব্যৱসায়, বাণিজ্য আৰু সাংস্কৃতিক দৃশ্যপটকো আগন্তুক বছৰবোৰৰ বাবে গঢ় দিয়া এক গুৰুত্বপূৰ্ণ অনুষ্ঠান ।

লগতে পঢ়ক :ত্ৰিবেণী সংগমত ৪১০ মিলিয়নতকৈও অধিক ভক্তৰ পবিত্ৰ স্নান - MAHA KUMBH 2025
লগতে পঢ়ক :৪৫০ নিযুত লোকে চিনিব মাজুলীৰ সত্ৰীয়া সংস্কৃতি - PRAYAGRAJ MAHA KUMBH 2025