ETV Bharat / bharat

কাৰাগাৰত থাকি হেনো আমনি লাগিছে আতিক আহমেদৰ পুত্ৰ আলীৰ; প্ৰয়োজন LED TV ৰ

এসময়ৰ গেংষ্টাৰ, আজি বন্ধ কাৰাগাৰৰ চাৰি বেৰৰ মাজত বন্দী আলী ৷ বহুদিন ধৰি আলীয়ে লাভ কৰা নাই বিশ্ব খবৰ ৷ সেয়ে আলীক লাগে LED TV৷

Mafia Atiq Ahmed son Ali demanded install TV in barrack Prayagraj Naini Central Jail Umesh Pal murder case
বন্ধ কাৰাগাৰৰ চাৰি বেৰৰ মাজত বন্দী আলী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 8:54 AM IST

|

Updated : April 4, 2025 at 9:16 AM IST

4 Min Read
Choose ETV Bharat

প্ৰয়াগৰাজ : অকলে আৰু কিমান দিন এনেকৈয়ে থাকিব ! কাৰাগাৰৰ ভিতৰত থাকি অশান্তি পাইছে আলীয়ে ৷ বন্ধ কাৰাগাৰৰ ভিতৰত থাকি লাভ কৰা নাই বাহিৰৰ খবৰ ৷ সেয়ে আলীক কাৰাগাৰৰ ভিতৰত লাগে এটা LED TV ৷

হয়, আপুনি ঠিকেই ভাবিছে কাৰাগাৰত বন্দী হৈ থকা আলী হৈছে মাফিয়া আতিক আহমেদৰ পুত্ৰ ৷ প্ৰয়াগৰাজৰ নাইনী কেন্দ্ৰীয় কাৰাগাৰৰ উচ্চ নিৰাপত্তাৰক্ষীৰ কোঠাত আবদ্ধ হৈ আছে মাফিয়া আতিক আহমেদৰ পুত্ৰ আলী ৷

আলীয়ে তেওঁৰ অধিবক্তাৰ জৰিয়তে কাৰাগাৰ প্ৰশাসনলৈ এখন পত্ৰ প্ৰেৰণ কৰি দাবী কৰে যে বৰ্তমান দেশ-বিদেশত কি হৈ আছে একোৱে নাজানে ৷ সেয়ে আলীক বন্দী কোঠাটোৰ ভিতৰত লাগে এটা LED TV আৰু এখন যিকোনো বাতৰি কাকত ৷

কেৱল LED TV আৰু বাতৰি কাকতেই নহয়, যিহেতু গৰম পৰিছে সেয়ে আলীক এটা কুলাৰ আৰু ঠাণ্ড খোৱাপানীৰ ব্যৱস্থা কৰি দিবলৈ জেল প্ৰসাসনক দাবী জনায় ৷

উল্লেখ্য যে, আলী হৈছে আতিক আহমেদৰ দ্বিতীয় পুত্ৰ । ২০২৩ চনৰ ১৫ এপ্ৰিলত সংঘটিত হোৱা উমেশ পাল হত্যাকাণ্ড গোচৰৰ বাবে আলীক নাইনী কেন্দ্ৰীয় কাৰাগাৰৰ উচ্চ নিৰাপত্তাৰক্ষীৰ মাজত ৰখা হৈছে । CCTV কেমেৰাৰ জৰিয়তে তেওঁক অহৰহ নিৰীক্ষণ কৰি থকা হৈছে ।

  • জেলত এল ই ডি টিভি স্থাপনৰ কোনো ব্যৱস্থা নাই :

আলীয়ে জেলৰ ভিতৰত টিভি স্থাপনৰ দাবীত আদালতত আবেদন দাখিল কৰিছে । এই সন্দৰ্ভত কাৰাগাৰৰ জ্যেষ্ঠ অধীক্ষক ৰং বাহাদুৰে কয় যে জেলৰ সংবিধান মতে কয়দী বা কাৰাবন্দীসকলক সা-সুবিধা প্ৰদান কৰা হয় ।

জেলৰ সংবিধানত জেলত এল ই ডি টিভি স্থাপনৰ কোনো ব্যৱস্থা নাই । সেয়েহে কাৰাগাৰ প্ৰশাসনে আদালতত নিজৰ পক্ষ ৰাখে ৷ অৱশেষত আদালতেও আলীৰ এই দাবী নাকচ কৰে । অৱশ্যে আদালতে আলীক বন্দী কোঠাত পঢ়িবলৈ বাতৰি কাকত আৰু কিতাপৰ ব্যৱস্থা কৰি দিছে ৷

  • শুনানিৰ সময়ত জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকি আহিছিল :

আলী জিছান ওৰফে জানু পাঁচ কোটি টকা ধন দাবী আৰু উমেশ পাল হত্যাৰ গোচৰৰ দৰে বহু গোচৰত অভিযুক্ত । নাইনী কাৰাগাৰত বন্দী হৈ আছে । সেই গোচৰসমূহৰ চলি থকাৰ মাজতে সংশ্লিষ্ট আদালতত হাজিৰ কৰোৱাৰ সময়ত তেওঁৰ ওপৰত আক্ৰমণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি আলীয়ে তেওঁৰ জীৱনৰ নিৰাপত্তাৰ দাবী জনাইছিল । ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁৰ এই দাবী কৰিছিল ৷ কিন্তু ৰাজ্য চৰকাৰে তেওঁৰ এই দাবী নাকচ কৰে আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁক আদালতত উপস্থিতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

  • আলীকে ধৰি ১৩জন লোকৰ বিৰুদ্ধে দাখিল কৰা ধন দাবী :

প্ৰয়াগৰাজত মাফিয়া আতিক আহমেদ, তেওঁৰ পুত্ৰ আলীকে ধৰি ১৩জন লোকৰ বিৰুদ্ধে এক কোটি টকা ধন দাবী কৰাৰ লগতে দাবী কৰা ধন নিদিয়াৰ বাবে হত্যা কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছে । ধূমনগঞ্জ থানাত ছাবিৰ হুছেইনৰ বিৰুদ্ধে ১৪৭, ১৪৮, ১৪৯, ৩০৭, ৩৮৬, ২৮৬, ৫০৪, ৫০৬ আৰু ১২০বি ধাৰাত দাখিল কৰা এজাহাৰ ।

মাফিয়া আতিক আহমেদ আৰু তেওঁৰ পুত্ৰ আলীৰ উপৰিও এজাহাৰত আছাদ কলিয়া, শ্বাকিল, ছাকিৰ, ছাবি আব্বাছ, ফৈজান, ছাইফ, নমি, আফফান, মাহমুদ, মৌদ আৰু আছলাম মন্ত্ৰী (আতিক আহমেদৰ খুলশালীয়েক)ৰ নাম উল্লেখ আছে । ৫ কোটি টকাৰ ধন দাবী কৰাৰ অভিযোগত আলীৰ বিৰুদ্ধেও দাখিল কৰা হৈছিল এজাহাৰ ৷ এই এজাহাৰ দাখিল কৰিছিল খোদ আতিক আহমেদৰ আত্মীয়ই ।

লগতে পঢ়ক : History of Atiq Ahmed: ৰাজনীতিবিদৰ পৰা গেংষ্টাৰলৈকে আতিক আহমেদৰ জীৱন পৰিক্ৰমা

লগতে পঢ়ক : Shooter Lavlesh Tiwari : আতিক হত্যাকাৰী লাভলেশ তিৱাৰীৰ পৰিয়ালে এৰিলে ঘৰ

Last Updated : April 4, 2025 at 9:16 AM IST