ভাৰতীয় সেনাৰ এডজুটেণ্ট জেনেৰেলৰ দায়িত্ব গ্ৰহণ লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিকৰ - Lt Gen VPS Kaushik
Lt Gen VPS Kaushik : ভাৰতীয় সেনাৰ এডজুটেণ্ট জেনেৰেল হিচাবে নিযুক্ত হৈছে লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিকে ৷ লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিকৰ উত্তৰ-পূৰ্বাঞ্চলত সেৱা আগবঢ়োৱাৰ বিশাল অভিজ্ঞতা আছে । বিশেষকৈ অসম, নাগালেণ্ড, মণিপুৰ আৰু শ্বিলঙৰ বিষয়ে ভালদৰে অৱগত ।

By ANI
Published : August 3, 2024 at 7:17 AM IST
নিউজ ডেস্ক, ৩ আগষ্ট : লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিকে ভাৰতীয় সেনাৰ এডজুটেণ্ট জেনেৰেল নিযুক্তি লাভ কৰিছে ৷ শুকুৰবাৰে তেওঁক ভাৰতীয় সেনাৰ এই গুৰুত্বপূৰ্ণ দায়িত্বত নিযুক্ত কৰা হয় । এই দায়িত্ব গ্ৰহণৰ পূৰ্বে লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিকে ভাৰতীয় সেনাৰ ত্ৰিশক্তি ক'ৰ্পছত জেনেৰেল অফিচাৰ কমাণ্ডিং (জি অ' চি) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷
"লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিকে আজি ভাৰতীয় সেনাৰ এডজুটেণ্ট জেনেৰেলৰ নিযুক্তি গ্ৰহণ কৰে । এই গুৰুত্বপূৰ্ণ নিযুক্তি গ্ৰহণ কৰাৰ পূৰ্বে, তেওঁ ত্ৰিশক্তি ক'ৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।" ভাৰতীয় সেনাৰ অতিৰিক্ত জন তথ্য সঞ্চালকালয়ে এক্স পোষ্টত কয় ।
আনহাতে, লেফটেনেণ্ট জেনেৰেল বিনোদ নাম্বিয়াৰেও এক নতুন নিযুক্তি লাভ কৰিছে । লেফটেনেণ্ট জেনেৰেল বিনোদ নাম্বিয়াৰক সেনা বিমান পৰিবহণৰ সঞ্চালক প্ৰধান আৰু কৰ্ণেল কমাণ্ডেণ্টত নিযুক্তি প্ৰদান কৰা হৈছে । এক্সৰ এটা পোষ্টত অতিৰিক্ত জন তথ্য সঞ্চালকালয়ে, "লেফটেনেণ্ট জেনেৰেল বিনোদ নাম্বিয়াৰে সেনা বিমান পৰিবহণৰ সঞ্চালক প্ৰধান আৰু কৰ্ণেল কমাণ্ডেণ্টৰ নিযুক্তি গ্ৰহণ কৰে । এই নিযুক্তি গ্ৰহণৰ সময়ত তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক এন ডব্লিউ এমত সাহসী বীৰ যোদ্ধাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সামৰিক বিমান পৰিবহণৰ সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক দেশৰ সেৱাত একে উৎসাহ আৰু উৎসৰ্গাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।"
উল্লেখ্য যে, লেফটেনেণ্ট জেনেৰেল ভিপিএছ কৌশিক হৈছে লক্ষ্ণৌৰ ছেইণ্ট পলছ স্কুল, নেচনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ প্ৰাক্তন ছাত্ৰ । তেওঁ 1988 চনৰ জুন মাহত 3 কুমাওন (ৰাইফলছ)ত নিযুক্তি দিয়া হৈছিল । উত্তৰ-পূৰ্বাঞ্চলত সেৱা আগবঢ়োৱাৰ তেওঁৰ বিশাল অভিজ্ঞতা আছে ।
বিশেষকৈ অসম, নাগালেণ্ড, মণিপুৰ আৰু শ্বিলঙৰ বিষয়ে ভালদৰে অৱগত । তেওঁ পূৰ্বতে অসম ৰাইফলছতো সেৱা আগবঢ়াই গৈছে । তেওঁ অসম ৰাইফলছত মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

