নতুন দিল্লী: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ অপৰাধীৰ লগতে ষড়যন্ত্ৰকাৰীসকলকো ভাৰতে ‘উচ্চ আৰু স্পষ্ট’ সঁহাৰি দিব বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।
মঙলবাৰে পহলগামৰ বৈছাৰণ ঘাঁহনিত পাকিস্তানৰ সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক গুলীয়াই হত্যা কৰিছিল, যাৰ ভিতৰত ২৫ জনে আছিল পৰ্যটক ।
"কালি পহলগামত এটা বিশেষ ধৰ্মক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে কাপুৰুষালি কাৰ্য সংঘটিত কৰিলে, য'ত আমি বহু নিৰীহ প্ৰাণ হেৰুৱালোঁ… মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰো যে চৰকাৰে প্ৰয়োজনীয় প্ৰতিটো পদক্ষেপ ল'ব । আমি কেৱল এই কাৰ্যৰ দোষীসকলৰ কাষতেই নহয়, পৰ্দাৰ আঁৰৰ খলনায়কসকলৰ ওচৰলৈও যাম… অভিযুক্তই অতি সোনকালে এক উচ্চস্বৰ আৰু স্পষ্ট সঁহাৰি দেখিব, মই দেশখনক আশ্বস্ত কৰিব বিচাৰো" - নতুন দিল্লীত অনুষ্ঠিত অৰ্জন সিং স্মৃতি বক্তৃতানুষ্ঠানত উপস্থিত থাকি পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
ভাৰতক কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপে ভয় খুৱাব নোৱাৰে বুলি উল্লেখ কৰি চৰকাৰে প্ৰয়োজনীয় আৰু উপযুক্ত প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিব বুলি জনসাধাৰণক আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । "ভাৰতৰ প্ৰতিজন নাগৰিক এই কাপুৰুষালিৰ বিৰুদ্ধে একত্ৰিত । এই অমানৱীয় কাণ্ডই আমাৰ সকলোকে গভীৰ শোক আৰু যন্ত্ৰণাত পেলাইছে" বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয় ৷
জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছতে এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । প্ৰায় ডেৰ-দুঘণ্টীয়া এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌ-সেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী আৰু এয়াৰ চিফ মাৰ্শ্বাল এ কে সিং উপস্থিত থাকে ।
প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়েও এই বৈঠকত যোগদান কৰে । সূত্ৰৰ উদ্ধৃতিৰে পি টি আইয়ে প্ৰকাশ কৰা অনুসৰি বৈঠকত এই ভয়াৱহ আক্ৰমণৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ সকলো সম্ভাৱ্য দিশৰ ওপৰত আলোচনা কৰা হয় ।
সিঙে সশস্ত্ৰ বাহিনীক যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ তীব্ৰতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । বৈঠকত সেনাপ্ৰধান জেনেৰেল দ্বিবেদীয়ে সৈন্যবাহিনী নিয়োগকে ধৰি জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ বিশদ আভাস দাঙি ধৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া ৬ বজাত দক্ষিণ ব্লকত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ অধ্যক্ষতাত বৈঠকত নিৰাপত্তা পৰিস্থিতি আৰু পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ ভৱিষ্যতৰ পদক্ষেপৰ পৰ্যালোচনা কৰে ৷
চি চি এছৰ আন সদস্যসকলৰ ভিতৰত আছে প্ৰতিৰক্ষা মন্ত্ৰী সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । চি চি এছৰ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ডোভাল, কেবিনেট সচিব টি ভি সোমনাথন আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙেও অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: অৰুণাচলৰ চকুলো ! বায়ুসেনা বাহিনীৰ বিষয়াৰ তেজেৰে পহলগামৰ সেউজভূমি ৰঙা হ'ল - PAHALGAM TERROR ATTACK