তেজপুৰ: অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত কেন্দ্ৰীয় চৰকাৰে চিয়াং নদীৰ বক্ষত এক বৃহৎ নদী বান্ধ নিৰ্মাণৰ বাবে কাম হাতত লোৱাৰ পাছৰে পৰা স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নদী বান্ধৰ সামগ্ৰীসমূহ আঁতৰাই নিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক আহ্বান জনায় । আনহাতে জিলা প্ৰশাসনক শনিবাৰৰ পৰা তিনিদিনৰ এক সময়সীমা বান্ধি দিছে যে নদী বান্ধৰ সামগ্ৰী সেই ঠাইৰ পৰা আঁতৰাই নিব লাগে ।
এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে শুকুৰবাৰে স্থানীয় এখন গাঁৱৰ ৰাইজ আৰু চৰকাৰৰ মাজত এক বুজাবুজি চুক্তিৰ স্বাক্ষৰ হয় আৰু প্ৰতিবাদ বন্ধ হৈ পৰে । এক চুক্তিৰ আধাৰত ছিয়াং জিলাৰ বলেঙত ছিয়াং উচ্চ বহুমুখী প্ৰকল্প (SUMP)ৰ বাবে গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক সম্ভাৱনীয়তা প্ৰতিবেদন (PFR) আৰম্ভ কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে পাংকাং(কুমকু)ৰ গাঁওবাসীয়ে ।

ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ বক্ষত চীনৰ সমান্তৰালভাৱে এটা বৃহৎ নদী বান্ধৰ নিৰ্মাণ কৰিবলৈ সাজু হৈছে । চীনে যিদৰে তাচাংপোত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিছে, সেই নদী বান্ধ হিচাবে এটা ১২,০০০ মেগাৱাত বৃহৎ নদী বান্ধ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰাৰ বাবে বৃহৎ সংখ্যক কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ মোটায়েনৰ আহ্বান জনোৱা পিছতে চিয়াং আৰু চুবুৰীয়া জিলা কেইখনত প্ৰতিবাদ মুখৰ হৈ পৰিছে ।
দিকান্ত লিবাঙ এই প্ৰতিবাদীৰ এজন অন্যতম ব্যক্তি তেওঁৰ মতে তেওঁলোকৰ ঐক্যবদ্ধ শক্তিটোৱে মাটিৰ মালিকে পাবলগীয়া মাটিৰ ক্ষতিপূৰণৰ দিব বিচাৰিছে ৷ কিন্তু তেওঁলোকক কোনো ক্ষতিপূৰণ নালাগে আৰু সেই স্থানত উক্ত প্ৰকল্প হোৱাটোও নিবিচাৰে । কাৰণ পূৰ্বতে যেনেকৈ দিবাঙ বান্ধৰ বাবে ৬০%তকৈ অধিক ক্ষতিপূৰণৰ ধন অপব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত কৰে ।

বিগত সময়চোৱাত চিয়াং ইণ্ডিজিনীয়াছ ফাৰ্মাৰ ফৰাৰ্মৰ নেতৃত্বত (এছ আই এফ এফ) কেবাটাও ছাত্ৰ সংগঠনৰ দ্বাৰা চিয়াং জিলাৰ পাৰং গাঁও আৰু বিভিন্ন স্থানত হাজাৰৰ অধিক প্রতিবাদকাৰী একত্ৰিত হৈ জিলা প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে । এই ছিয়াং উচ্চ বহুমুখী প্ৰকল্প (SUMP)ৰ পিএফআৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদীসকলে নিৰ্মাণ কাৰ্যৰ বাবে অনা সামগ্ৰীসমূহ উক্ত স্থানৰ পৰা আঁতৰাই নিয়াৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনিক বিষয়াসকলক দাবী জনাইছিল ।
ইয়াৰ পিছতে শুকুৰবাৰে বিয়লি চিয়াং উপত্যকাত অনুষ্ঠিত বুজাবুজি চুক্তি স্বাক্ষৰ বিষয়টোৱে প্ৰশাসনিক ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিলে । কিন্তু সেয়া মাত্ৰ এখন গাঁৱৰ সীমাৰ লগত এই বুজাবুজি চুক্তি স্বাক্ষৰ হ'ল । এই বুজাবুজি চুক্তিৰ সাক্ষী হল অৰুণাচল প্ৰদেশৰ পঞ্চায়তীৰাজ, ৰাজ্যিক পৰিবহণ বিভাগৰ মন্ত্ৰী ওজিং তাছিং, অৰুণাচল প্ৰদেশ চৰকাৰৰ জল শক্তিৰ যুটীয়া সচিব হাগে লাইলাং, জলবিদ্যুৎ বিভাগৰ মুখ্য অভিযন্তা আটেক মিয়ু আৰু বিজেপি অৰুণাচলৰ সাধাৰণ সম্পাদক তথা চৰকাৰৰ বিশেষ দূত নলং মিজে এই উল্লেখযোগ্য চুক্তিৰ সাক্ষী হৈ পৰে, পাংকাং (কুমকু) নেতা টাবা তামুট আৰু বাকিন তালিয়ে গৰিষ্ঠসংখ্যক স্থানীয় সদস্যৰ সন্মতিত ।
ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰি চিয়াঙৰ উপ-আয়ুক্ত পি এন থুংগনে টাবা তামুট আৰু বাকিন তালিৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । প্ৰস্তাৱিত চিয়াং উজনি মাল্টিপাৰপজ প্ৰজেক্ট SUMP, যদি সম্ভৱপৰ আৰু কাৰ্যকৰী হয়, তেন্তে কৌশলগত প্ৰতিৰক্ষা আৰু পৰিৱেশ স্থিতিস্থাপকতাৰ উপৰিও স্থানীয় সম্প্ৰদায়ৰ বাবে পৰিৱৰ্তনশীল সুবিধাৰ প্ৰতিশ্ৰুতি দিয়ে এই চুক্তিৰ আধাৰত । বুজাবুজি চুক্তি অনুসৰি তিনি বছৰৰ ভিতৰত ৫ কোটি টকাৰ উন্নয়ন পেকেজ ৰূপায়ণ কৰা হ’ব, যাৰ তদাৰক হ’ব নতুনকৈ গঠন কৰা গাঁও উন্নয়ন সমিতি ।

সম্ভাব্য প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালেৰে গঠিত এই সমিতিখনে গাঁৱৰ আন্তঃগাঁথনি উন্নয়ন, স্বাস্থ্য সেৱা, আৰু জীৱিকা কাৰ্যসূচীৰ নেতৃত্ব দিব । বিশেষ উন্নয়নৰ পদক্ষেপসমূহৰ ফল সম্প্ৰদায়ত শিপাই থকাটো নিশ্চিত কৰি আৰু ন্যায্য বৃদ্ধিৰ দিশত আগুৱাই নিব ।
উল্লেখযোগ্য যে, চিয়াং নদী বান্ধৰ নিৰ্মাণ হ’লে ক্ষতিগ্ৰস্ত হবলগীয়া গাঁওসমূহ হৈছে বেগিং গাঁও, পাৰং গাঁও, সীটাং গাঁও, ৰিগা গাঁও, পনাকাং, জৰকং,পনাকাং কুমকো গাঁও, জেংগিং অতিৰিক্ত উপ-আয়ুক্তৰ মুখ্য কাৰ্যালয় এলেকা কাৰ্কো গাঁও, গোছাং গাঁও, ৰামছিং গাঁও, ময়িং ,বোমদ, জনবও, পুগিং, লিকৰ, গেটতে, য়িংকীয়ঙ জিলা মুখ্য কাৰ্যালয়, চিমঙ, হালেং গাঁও ,কমকাৰ গাঁও , গেকো , গেকু কুমকু গাঁও আৰু চুমচিং গাঁও অঞ্চলৰ ২৫ খন গাঁৱৰ প্ৰায় ১.৫ লাখ লোকৰ জীৱন বিপদাপন্ন বুলি দিকান্ত লিবাংয়ে কয় ।
অৰুণাচল প্ৰদেশৰ মুঠ পাঁচখন জিলাত আদি জনগোষ্ঠীৰ প্ৰায় ৭৬ হাজাৰ জনসংখ্যা আছে । উল্লেখযোগ্য যে, শনিবাৰে স্থানীয় কেবাখনো গাঁৱৰ লোকে একত্ৰিত হৈ জিলা উপায়ুক্তক তিনিদিনৰ এক সময়সীমা বান্ধি দিছে । এই সময়সীমা অহা ২৬ তাৰিখে সমাপ্ত হ'ব । তেওঁলোকে জনাইছে যে এখন গাঁৱৰ মাজত হোৱা বুজাবুজিয়ে এই সমগ্ৰ লোকসকলৰ সমস্যাৰ সমাধান কৰিব নোৱাৰে ।