সম্বলপুৰ: "যোৱা চাৰি বছৰ ধৰি মোৰ স্বামীয়ে দৰিদ্ৰ ৰোগীসকলক এটকাৰ বিনিময়ত চিকিৎসা কৰি আহিছে । সেইটোৱেই মোক অনুপ্ৰাণিত কৰিছিল । এইটো মোৰ স্বৰ্গীয়া শাহুৰ সপোন আছিল যাৰ বাবে মই নিজকে দৰিদ্ৰ লোকসকলৰ সেৱাৰ বাবে সমৰ্পিত কৰিছো," ওড়িশাৰ সম্বলপুৰ জিলাৰ এগৰাকী প্ৰখ্যাত দন্ত চিকিৎসক তথা সমাজকৰ্মী ডাঃ শিখা ৰামচন্দানীয়ে এনেদৰে কয় ।
যি সময়ত স্বাস্থ্যসেৱাৰ ব্যয় আকাশচুম্বী হৈছে, সেই সময়তে বুৰ্লা চহৰৰ এই চিকিৎসক দম্পতীয়ে দৰিদ্ৰ ৰোগীসকলক তেনেই কম মূল্যত সেৱা আগবঢ়োৱাৰ বাবে সকলোৰে হৃদয় জয় কৰিছে । স্বামীৰ সফল পদক্ষেপৰ পিছত ডাঃ শিখাই সম্প্ৰতি বুৰ্লাৰ ভিমচাৰ চিকিৎসা মহাবিদ্যালয়ৰ ওচৰত তেওঁৰ চৰকাৰী কোৱাৰ্টাৰত এখন দন্ত চিকিৎসালয় খুলিছে, য'ত চিকিৎসাৰ ব্যয় মাত্ৰ ১ টকা ।

পূজা-পাৰ্বণৰে আনুষ্ঠানিকভাৱে এই চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানৰ পিছত ক্লিনিকখনৰ প্ৰথমজন ৰোগী লাহন্দা গাঁৱৰ ৰবীন্দ্ৰ শেঠৰ দাঁতৰ স্কেলিং কৰা হয় । "ব্যক্তিগত চিকিৎসালয়ত দন্ত চিকিৎসা অতি ব্যয়বহুল । কিন্তু ইয়াত, মই মাত্ৰ এটকাত চিকিৎসাৰ সুবিধা ল'ব পাৰিলোঁ । চিকিৎসক দম্পতীহালৰ এই প্ৰচেষ্টা প্ৰশংসনীয় ।"- চিকিৎসাৰ অন্তত এনেদৰে কৃতজ্ঞতা জনাই ৰবীন্দ্ৰ শেঠে ৷
ডাঃ শিখাই চেন্নাইৰ পৰা ডেণ্টেল চাৰ্জাৰী (বি ডি এছ) ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে ৷ পৰৱৰ্তী সময়ত তেওঁৰ সঞ্চয়ৰ পৰা ৩ লাখ টকা বিনিয়োগ কৰি এই ক্লিনিকখন স্থাপন কৰিছে ।
বৰ্তমান ক্লিনিকখনত দন্ত চিকিৎসাৰ মৌলিক চিকিৎসা যেনে- স্কেলিং, চাফাই আৰু দাঁত নিষ্কাশন আদি উপলব্ধ কৰা হৈছে । ‘‘আমাৰ পৰিকল্পনা আছে যে অদূৰ ভৱিষ্যতে ডেণ্টেল ফিলিং, কেপিং, ৰুট কেনেল ট্ৰিটমেণ্ট আৰু দাঁত ইমপ্লাণ্টেচনৰ দৰে সেৱাও অন্তৰ্ভুক্ত কৰা হ'ব ।’’ বুলি চিকিৎসকগৰাকীয়ে সদৰী কৰে ৷
এই যাত্ৰাত লাভ কৰা প্ৰত্যাহ্বানৰ বিষয়ে সোধাৰ সময়ত তেওঁ কয়, "মই মোৰ ব্যক্তিগত সঞ্চয়ৰ পৰা এই ক্লিনিকখন খুলিছো । মই কেৱল নিজৰ ধন খৰচ কৰিহে ৰোগীসকলৰ চিকিৎসা কৰিম । মোৰ শাহুআইৰ অপূৰ্ণ সপোন পূৰণৰ বাবে এই কাম আৰম্ভ কৰাৰ সদায় ইচ্ছা আছিল । আমি বাহিৰৰ আৰ্থিক সহায় অবিহনে ব্যক্তিগত পুঁজিৰে দৰিদ্ৰ ৰোগীসকলক সম্ভৱপৰ সকলো ধৰণৰ দন্ত চিকিৎসা সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম ।"

ভিমছাৰ মেডিকেল কলেজত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত তেওঁৰ স্বামী ডাঃ শংকৰ ৰামচন্দনীয়ে পিতৃৰ অতি দৰিদ্ৰতাৰ সংগ্ৰামৰ পৰা অনুপ্ৰাণিত হৈ ১ টকীয়া ক্লিনিকৰ পদক্ষেপ আৰম্ভ কৰাৰ পিছৰে পৰা লাইমলাইটত আছে । কেৱল স্বাস্থ্যসেৱাৰ মৌলিক সেৱাই নহয়, বছৰ বছৰ ধৰি তেওঁ ১ টকাতে ECG, nebuliser আনকি ১ আশা খাদ্যশস্যৰ দৰে সেৱাও অন্তৰ্ভুক্ত কৰিছে ।
"দন্ত সমস্যা আজিকালি সাধাৰণ হৈ পৰিছে আৰু চিকিৎসাৰ ব্যৱস্থা দিনক দিনে অসাধ্য হৈ আহিছে, বিশেষকৈ দুখীয়াসকলৰ বাবে । ৰোগীয়ে বাহিৰত অন্ততঃ ৫০০০ ৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত খৰচ কৰিব লাগিব । মোৰ পত্নীৰ ক্লিনিক দুখীয়াৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব ।" বুলিও পত্নীক উৎসাহিত কৰে ডাঃ শংকৰ ৰামচন্দনীয়ে ৷
যদিও দুয়োজনে এই সত্যটো স্বীকাৰ কৰিছে যে মাত্ৰ ১ টকাত চিকিৎসা সেৱা আগবঢ়োৱাটো দীৰ্ঘম্যাদীভাৱে প্ৰত্যাহ্বানজনক হ’ব, তথাপিও তেওঁলোকে নিৰ্মল প্ৰতিশ্ৰুতিৰে এই অভিযান অব্যাহত ৰাখিবলৈ দৃঢ়প্ৰতিজ্ঞ ।
লগতে পঢ়ক: মানুহে যেতিয়া অলৌকিক শক্তিৰ সৈতে সাক্ষাৎ কৰে: চুলাত নৃত্য কৰা দেৱতা আৰু গাঁৱত ‘লকডাউন’