ETV Bharat / bharat

দুৰ্ঘটনাত পতিত লাইবেৰিয়াৰ জাহাজ; উপকূলৰ দিশে কণ্টেইনাৰ - LIBERIAN CARGO SHIP CAPSIZED

আৰৱ সাগৰত সিচঁৰিত হৈ পৰিছে দুৰ্ঘটনাত পতিত জাহাজৰ কণ্টেইনাৰ । উপকূলবাসীক সতৰ্ক প্ৰশাসনৰ ।

Liberian cargo ship capsized
দুৰ্ঘটনাত পতিত লাইবেৰিয়াৰ জাহাজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 7:51 PM IST

3 Min Read

থিৰুৱনন্তপুৰম : আৰৱ সাগৰত দুৰ্ঘটনাত পতিত হ'ল লাইবেৰিয়াৰ মালবাহী জাহাজ এমএছচি এলছা-৩ । জানিব পৰা মতে জাহাজখনত থকা কেপ্তেইনকে ধৰি সকলো ক্ৰু মেম্বাৰক উদ্ধাৰ কৰা হৈছে । নৌসেনাৰ এএনএছ সুজাতাই তেওঁলোকক উদ্ধাৰ কৰে ।

দুৰ্যোগ প্ৰশমন বিভাগে সকীয়াই দিছে যে জাহাজখনৰ কণ্টেইনাৰবোৰে এৰ্নাকুলাম আৰু আলাপ্পুজা উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে । মন্ত্ৰী ভি এন ভাছাৱনে কয়, "দুৰ্ঘটনাত পতিত জাহাজখনৰ পৰা অধিক কণ্টেইনাৰ সাগৰত পৰিছে । বৰ্তমান জাহাজখনৰ অৱস্থান ২৮ ডিগ্ৰীত দেখা গৈছে । কণ্টেইনাৰবোৰ আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে । বৰ্তমান আতংকিত হোৱাৰ প্ৰয়োজন নাই । জাহাজখনত থকা সকলো সুৰক্ষিত ।" জানিব পৰা মতে সাগৰত পৰা কণ্টেইনাৰবোৰ ঘণ্টাত এক কিলোমিটাৰ বেগেৰে উটি গৈ আছে । যদি এই গতিত গৈ থাকে তেনেহ'লে মন্ত্ৰীগৰাকীয়ে কয় যে এৰ্নাকুলাম আৰু আলাপ্পুজাৰ উপকূলীয় বাসিন্দা আৰু মাছমৰীয়াসকলে অত্যন্ত সতৰ্ক হ'ব লাগে ।

উল্লেখ্য যে জাহাজখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে নৌসেনাই নতুন প্ৰযুক্তি আৰু বাহ্যিক সহায়ৰ দ্বাৰা জাহাজখন উদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছিল । কিন্তু এই সকলোবোৰ প্ৰচেষ্টা বিফল হয় । কিছুমান কণ্টেইনাৰত সম্ভাৱ্য মাৰাত্মক ৰাসায়নিক পদাৰ্থ থকাৰ আশংকা কৰা হৈছিল আৰু সেইবোৰ আঁতৰোৱাৰ চেষ্টা কৰা হয় । কিন্তু প্ৰতিকূল বতৰ আৰু সাগৰৰ প্ৰৱল ঢৌৰ বাবে দেওবাৰে পুৱালৈকে সকলো প্ৰচেষ্টা ব্যৰ্থ হয় ।

শনিবাৰে দুপৰীয়া প্ৰায় ১:২৫ বজাত ভিজিনজামৰ পৰা ৰাওনা হোৱা লাইবেৰিয়াৰ পতাকা থকা ১৮৪ মিটাৰ দৈৰ্ঘ্যৰ কণ্টেইনাৰ জাহাজখন দুৰ্ঘটনাত পতিত হৈছিল । জাহাজখন ভিজিনজাম বন্দৰৰ পৰা কোচি অভিমুখে ৰাওনা হৈছিল । এমএছচি শ্বিপ মেনেজমেণ্টে জনাই যে কোচিৰ পৰা প্ৰায় ৩৮ মাইল দক্ষিণ-পশ্চিমে থকা জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তাৎক্ষণিক সহায় বিচাৰে । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সমন্বয়ত লগে লগে উদ্ধাৰ অভিযান চলোৱা হয় ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে জাহাজখনত থকা ২৪ গৰাকী ক্ৰুৰ ভিতৰত ৯ গৰাকী জাহাজখনৰ পৰা পানীত জপিয়াই দিয়ে । তেওঁলোকক লাইফ ৰাফ্টৰ জৰিয়তে উদ্ধাৰ কৰা হয় । আইচিজি এয়াৰক্ৰাফ্ট (ডৰ্নিয়াৰ) ব্যৱহাৰ কৰি জাহাজখনৰ ওচৰত অধিক লাইফ ৰাফ্ট (লাইফ জেকেট) পেলাই দিয়া হয় আৰু উদ্ধাৰ অভিযান চলোৱা হয় ।

১৯৯৭ চনত ভূমধ্যসাগৰীয় জাহাজ কোম্পানীয়ে নিৰ্মাণ কৰিছিল এই মালবাহী জাহাজখন । এই জাহাজখন পশ্চিম আফ্ৰিকাৰ দেশ লাইবেৰিয়াত পঞ্জীয়নভুক্ত । এই জাহাজখনৰ দৈৰ্ঘ্য ১৮৩.৯১ মিটাৰ আৰু বহল ২৫.৩০ মিটাৰ । বুধবাৰে নিশা ৮.২২ বজাত ভিজিনজামত উপস্থিত হোৱা জাহাজখনে ইন্ধন ভৰাই শুকুৰবাৰে নিশা ২.২৬ বজাত ভিজিনজামৰ পৰা কোচি বন্দৰ অভিমুখে ৰাওনা হয় । শনিবাৰে বিয়লি ৪.৩০ বজাত কোচি বন্দৰত জাহাজখন উপস্থিত হোৱাৰ কথা আছিল । তাৰ পূৰ্বে জাহাজখন দুৰ্ঘটনাত পতিত হয় ।

লগতে পঢ়ক :RDXৰ সহায়ত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি, কেৰালাৰ পৰা আহিছে এই ই-মেইল, ৩ ঘণ্টা ধৰি চলিল অনুসন্ধান - AGRA TAJ MAHAL BOMB THREAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.