ETV Bharat / bharat

আদালত চলি থাকোতেই মুখ্য ন্যায়াধীশলৈ জোতা: ধৰি-বান্ধি উলিয়াই নিয়া হ'ল অধিবক্তাক

টানি-আজুৰি বাহিৰলৈ লৈ যোৱাৰ সময়তে অধিবক্তাজনে সকলোৱে শুনাকৈ চিঞৰি চিঞৰি কৈ যায়- “সনাতন কা অপমান নেহি ছহেংগে” (সনাতনক অপমান সহ্য নকৰো)।

File photo of Supreme Court
উচ্চতম ন্যায়ালয় (IANS)
author img

By PTI

Published : October 6, 2025 at 1:59 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেতিয়াও কোনেও নেদেখা বা নুশুনা এক আচৰিত ঘটনা আজি (সোমবাৰ) সংঘটিত হ'ল উচ্চতম ন্যায়ালয়ত ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ লক্ষ্য কৰি আদালতৰ মজিয়াতে এগৰাকী অধিবক্তাই জোতা নিক্ষেপ কৰিবলৈ উদ্যত হয় ৷

উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি চলি থকা সময়তে আজি সংঘটিত হয় এই নোহোৱা-নোপোজা ঘটনাটো ৷ শুনানি চলি থকা সময়তে অধিবক্তাজন মুখ্য ন্যায়াধীশৰ আসনৰ কাষ চাপি আহে আৰু ভৰিৰ পৰা জোতাযোৰ খুলি মুখ্য ন্যায়াধীশলৈ লক্ষ্য কৰি নিক্ষেপ কৰিবলৈ চেষ্টা চলায় ৷

অৱশ্যে আদালতৰ ভিতৰত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে সতৰ্কতাৰে লগে লগে অধিবক্তাজনৰ এই প্ৰচেষ্টা ব্যৰ্থ কৰে । তাৎক্ষণিকভাৱে নিৰাপত্তাৰক্ষীয়ে অধিবক্তাজনক আদালত চৌহদৰ বাহিৰলৈ উলিয়াই লৈ যায় ।

তাৎপৰ্যপূৰ্ণভাৱে নিৰাপত্তাৰক্ষীয়ে তেওঁক টানি-আজুৰি বাহিৰলৈ লৈ যোৱাৰ সময়তে অধিবক্তাজনে সকলোৱে শুনাকৈ চিঞৰি চিঞৰি কৈ যায়- “সনাতন কা অপমান নেহি ছহেংগে” (সনাতনক অপমান সহ্য নকৰো)। আনহাতে অকস্মাতে ঘটি যোৱা এই ঘটনাত মুখ্য ন্যায়াধীশগৰাকী ক্ষন্তেকৰ বাবে হতভম্ব হৈ পৰিলেও নিজকে সুস্থিৰ কৰি ৰাখি তেওঁ আদালত কক্ষত উপস্থিত থকা অধিবক্তাসকলক নিজৰ যুক্তি আগবঢ়াই নিবলৈ আহ্বান জনায় ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়- ‘এই সকলোবোৰৰ দ্বাৰা বিচলিত নহ’ব । মই বিচলিত হোৱা নাই । এইবোৰে মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই ।"

আজিৰ এই ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰাপত্তা গোটে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । অধিবক্তাগৰাকীৰ বিষয়ে অধিক সবিশেষ আৰু তেওঁৰ উদ্দেশ্য কি আছিল সেয়া অনুসন্ধান কৰি থকা হৈছে ।

লগতে পঢ়ক: শ্যামকানু মহন্তৰ হৈ উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰা অধিবক্তাজন কোন ?