ETV Bharat / bharat

এনকাউণ্টাৰত নিহত লৰেন্স বিষ্ণৈই গেঙৰ শ্বাৰ্প শ্বুটাৰ

উত্তৰ প্ৰদেশ এছ আই টি(SIT) আৰু আৰক্ষীৰ যুটীয়া অভিযান ৷ এই অভিযানতে ভৰিত গুলী লগাৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰে ৰবি ভাৰতীয় নামৰ দুৰ্ধৰ্ষ অপৰাধীটো ৷

SHARP SHOOTER KILLED IN ENCOUNTER
এনকাউণ্টাৰত নিহত লৰেন্স বিষ্ণৈই গেঙৰ শ্বাৰ্প শ্বুটাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 10:53 AM IST

5 Min Read
Choose ETV Bharat

লক্ষ্ণৌ/কৌশম্বী: এছ টি এফ আৰু দিল্লী আৰক্ষীৰ যৌথ অভিযানত নিহত লৰেন্স বিষ্ণৈই গেঙৰ এজন শ্বাৰ্প শ্বুটাৰ । বুধবাৰে নিশা হাপুৰত সংঘটিত হোৱা এক এনকাউণ্টাৰৰ ঘটনাত এজন আৰক্ষীও আহত হয় ।

এই গুলীয়াগুলিত গুৰুতৰভাৱে আহত লৰেন্স বিষ্ণৈই গেঙৰ সদস্যজনক পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । আনহাতে, একেটা অভিযানতে কৌশম্বিত আৰক্ষীয়ে আটক কৰে আন এজন অপৰাধী ৷ ধৃত অপৰাধীজনক কৰায়ত্ত কৰাৰ বাবদ পূৰ্বে আৰক্ষীয়ে ঘোষণা কৰে ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ৷

হাপুৰত ইউ পি এছ টি এফ আৰু দিল্লী আৰক্ষীৰ যুটীয়া অভিযান

এই অভিযান সন্দৰ্ভত এছ টি এফৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এনেদৰে কয়- ‘‘বুধবাৰে মাজনিশা উত্তৰ প্ৰদেশৰ এছ টি এফৰ নয়দা ইউনিট আৰু দিল্লীৰ বিশেষ কোষৰ দল দুটাৰ হাপুৰৰ কোতৱালি থানাৰ অন্তৰ্গত এটা অঞ্চলত দুৰ্বৃত্তৰ এটা দলৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।’’

SHARP SHOOTER KILLED IN ENCOUNTER
ঘটনাস্থলীত পৰি ৰৈছে দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা বাইকখন (ETV Bharat)

‘‘এই ঘটনাত এজন অপৰাধী গুৰুতৰভাৱে আহত হয়, যাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অৱশ্যে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । অপৰাধীজন গাজিয়াবাদৰ লনী নিবাসী সেৱাৰামৰ পুত্ৰ নবীন কুমাৰ বুলি জানিব পৰা গৈছে । তেওঁ লৰেন্স বিষ্ণৈই গেঙৰ শ্বাৰ্প শ্বুটাৰ হিচাপে পৰিচিত আছিল ৷ বিভিন্ন অপৰাধত জড়িত থকাৰ বাবে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ২০ টাতকৈও অধিক গোচৰ ৰুজু হৈছে ৷’’ এছ টি এফৰ বিষয়াগৰাকীয়ে কয় ৷

শ্বাৰ্প শ্বুটাৰগৰাকীৰ বিৰুদ্ধে হত্যা-লুণ্ঠনৰ 20 টাকৈ গোচৰ ৰুজু

হত্যা আৰু লুণ্ঠনৰ বিৰুদ্ধে দিল্লীৰ ফৰ্চ বজাৰ থানাত ৰুজু হোৱা গোচৰৰ পিছৰ পৰাই আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছিল নবীন কুমাৰৰ । অভিযুক্ত নবীন আছিল লৰেন্স বিষ্ণৈই গেঙৰ সক্ৰিয় সদস্য আৰু এগৰাকী শ্বাৰ্প শ্বুটাৰ ৷ পূৰ্বে তেওঁ লৰেন্স বিষ্ণৈই গোটৰ ঘনিষ্ঠ সদস্য হাছিম বাবাৰ সৈতে মিলি বিভিন্ন অপৰাধ সংঘটিত কৰি আহিছিল ।

২০০৮ চনত নবীন কুমাৰৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু হৈছিল । ইয়াৰ পিছত ক্ৰমে দিল্লী আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন থানাত নবীন কুমাৰৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, ডকাইতি আৰু লুণ্ঠনৰ দৰে অপৰাধৰ বাবে ২০ টাকৈ গোচৰ ৰুজু হৈছিল । ইতিমধ্যে দিল্লীৰ দুটা গোচৰত আদালতে শাস্তি প্ৰদান কৰিছিল মষ্ট ৱাণ্টেড অভিযুক্ত নবীনক ।

কৌশম্বীত ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা অপৰাধী আটক

কৌশম্বী জিলাৰ কাৰৰী থানা এলেকাত আৰক্ষী আৰু অপৰাধীৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ এই অভিযানতে ভৰিত গুলী লগাৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰে ৰবি ভাৰতীয় নামৰ দুৰ্ধৰ্ষ অপৰাধীটো ৷ এই অপৰাধীটোৰ তথ্য-সন্ধান দিব পৰা ব্যক্তিক ২৫ হাজাৰ টকাৰ পুৰস্কাৰ দিব বুলি পূৰ্বে ঘোষণা কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে দুৰ্বৃত্তটো ৷

SHARP SHOOTER KILLED IN ENCOUNTER
দিল্লী আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰৰ তালিকা (ETV Bharat)

মঞ্জনপুৰৰ চক্ৰ বিষয়া শিৱংক সিঙে জনোৱা মতে, কাৰৰী আৰু পিপৰি আৰক্ষীৰ সৈতে এছ অ’ জিৰ দলটোৱে অঞ্চলটোত ডকাইতি আৰু লুটপাতৰ গোচৰত পলাতক অপৰাধীৰ সন্ধান অব্যাহত ৰাখিছে ৷ ইফালে ম্যোহৰ চাৰিআলিৰ সমীপত যান-বাহন পৰীক্ষা কৰি থকাৰ সময়তে আৰক্ষীয়ে দুজন সন্দেহযুক্ত লোকক বাইকত উঠি অহা দেখা পায় ।

আৰক্ষীৰ দলৰ ওপৰত গুলীচালনা

আৰক্ষীয়ে দুজনীয়া দলটোক উক্ত স্থানত ৰ’বলৈ নিৰ্দেশ দিয়াৰ পিছতে দুয়োগৰাকী ব্যক্তি পলাবলৈ উদ্যত হয় ৷ আৰক্ষীয়ে দুজনীয়া দলটোক লক্ষ্য কৰি খেদি যায় ৷ আৰ্কা তিনিআলিৰ সমীপত দুৰ্বৃত্ত দুজনক ঘেৰাও কৰি ধৰে আৰক্ষীৰ দলটোৱে । তাৰপিছতে দুজনীয়া দলটোৱে আৰক্ষীক উদ্দেশ্যি কৰিবলৈ ধৰে গুলীচালনা ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত ৰবি ভাৰতীয় নামৰ দুৰ্বৃত্তটোৰ ভৰিত গুলী লাগে আৰু সহযোগী কিষাণে এন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

আৰক্ষীয়ে দলটোৰ পৰা লুটি অনা বেগ, নগদ ২০০০ টকা, এযোৰ পায়েল, এটা অনুজ্ঞাপত্ৰবিহীন পিষ্টল আৰু কাৰ্টিজ জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে আনজন পলাতক অপৰাধী কিষাণৰ সন্ধানত অভিযান চলাই আছে ।

বেগটো কাঢ়ি লৈ ​​পলায়ন কৰিছিল দুৰ্বৃত্তই

বিগত মঙলবাৰে ছিৰিয়াভা গাঁৱৰ বাসিন্দা পূজা দেৱীয়ে কৰৰী আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ । মঞ্জনপুৰৰ পৰা গাঁৱলৈ উভতি আহোঁতে দুটাকৈ দুৰ্বৃত্তই মহিলাগৰাকীৰ বেগটো কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি এজাহাৰত উল্লেখ আছিল ৷

SHARP SHOOTER KILLED IN ENCOUNTER
ঘটনাস্থলীৰ এক দৃশ্য (ETV Bharat)

বেগটোত নগদ প্ৰায় ডেৰ-দুই হাজাৰ টকা আৰু এযোৰ পায়েল আছিল । ঘটনাটোৰ তদন্ত কৰিবলৈ কৌশম্বীৰ আৰক্ষী অধীক্ষকে গঠন কৰিছিল ৩ টা দল । ইতিমধ্যে পুৰামুফটি থানা এলেকাৰ মন্দাৰ ফাটকৰ নিবাসী ৰবি ভাৰতীয়ৰ বিৰুদ্ধে চুৰি, ডকাইতি আৰু লুণ্ঠনৰ কেইবাটাও গোচৰ ৰুজু কৰা হৈছে । দীৰ্ঘসময়ে আৰক্ষীৰ চকুত ধূলি মাৰি পলাই আছিল এই দুৰ্বৃত্তটো ৷

লগতে পঢ়ক: দুজন সেনা জোৱানে ডিজাইন কৰিছিল অপাৰেশ্যন সেন্দূৰৰ ল’গ’