ETV Bharat / bharat

অশান্তজৰ্জৰ মণিপুৰৰ পূব ইম্ফলত উদ্ধাৰ ৭ টাকৈ আই ই ডি - Manipur Violence

IED recovered in Manipur: মণিপুৰত উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ তদুপৰি উদ্ধাৰ কৰা হৈছে ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ ৷ ফলত ৰক্ষা পৰিল নিৰীহ সাধাৰণ নাগৰিকৰ জীৱন ৷

IED in Manipur
ইম্ফলত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Defense PRO)
author img

By ETV Bharat Assamese Team

Published : September 19, 2024 at 10:59 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ১৯ ছেপ্টেম্বৰ: অশান্ত জৰ্জৰিত মণিপুৰত সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ বিগত ১ ছেপ্টেম্বৰত পুনৰ অগ্নিগৰ্ভা হৈছিল মণিপুৰ ৷ ৰকেট ব’ম আৰু ড্ৰ’ণ আক্ৰমণত প্ৰায় ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেবাজনো লোক আহত হয় ৷

ইম্ফল পূব জিলাৰ বংজাং আৰু ইথাম গাঁৱৰ সমীপৰ পাহাৰীয়া অঞ্চলৰ পৰা ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বিপুল পৰিমাণৰ আই ই ডি, ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) উদ্ধাৰ কৰে । বৃহস্পতিবাৰে ভাৰতীয় সেনাই জাৰি কৰা এক বিবৃতিত এই কথা উল্লেখ কৰি কোৱা হৈছে যে নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে তীব্ৰতাৰে অভিযান আৰম্ভ কৰা হয় ৷ সেনাৰ কুকুৰৰ সহযোগত অনুসন্ধান অভিযান আৰম্ভ কৰি প্ৰায় ২৮.৫ কিলোগ্ৰাম ওজনৰ সাতটা আই ই ডি উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা আই ই ডিসমূহ ভাৰতীয় সেনাৰ অভিযন্তাৰ বিশেষজ্ঞসকলে নিশ্চিত কৰে ।

IED in Manipur
ইম্ফলত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Defense PRO)

এই উদ্ধাৰৰ ফলত এক বৃহৎ দুৰ্যোগ ৰোধ কৰাৰ লগতে নিৰীহ সাধাৰণ নাগৰিকৰ জীৱন ৰক্ষা কৰা হৈছে বুলি সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে আই ই ডি উদ্ধাৰ কৰাটো যোৱা তিনিমাহত নিৰাপত্তা বাহিনীৰ বাবে দ্বিতীয়টো বৃহৎ সফলতা ৷ ২০২৪ চনৰ ২০ জুলাইত ইম্ফল ইষ্টৰ চাইচাং ইথামৰ পাহাৰীয়া অঞ্চলত ৩৩ কিলোগ্ৰাম ওজনৰ আঠটা আই ই ডি সফলতাৰে উদ্ধাৰ কৰা হৈছিল ৷ ভাৰতীয় সেনাৰ মণিপুৰ আৰক্ষীৰ সহযোগত ভাৰতীয় সেনাই অভিযান চলাই এই সফলতা লাভ কৰে ৷

লগতে পঢ়ক : কেন্দ্ৰই মণিপুৰত উচিত মূল্যত সামগ্ৰী যোগান ধৰিব; কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা

অধিকাৰ বিচাৰি কুকি-মাৰসহ কেবাটাও জনজাতিৰ প্ৰতিবাদ জিৰিবামত: আৰক্ষীৰ শূন্যলৈ গুলীচালনা

মণিপুৰ হিংসা সন্দৰ্ভত কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ, প্ৰেৰণ কৰিব প্ৰতিনিধি দল