দেৱভূমিত প্ৰলয়; পাহাৰৰ ধ্বংসাৱশেষৰ তলত পোত গ’ল এটা দম্পতী
ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত ধ্বংসাৱশেষৰ তলত পোত যায় এটা দম্পতী ৷

Published : August 29, 2025 at 10:56 AM IST
চামোলী (উত্তৰাখণ্ড): এটাৰ আনটোকৈ বিস্ফোৰিত হৈছে ডাৱৰ ৷ প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ ৷ আমি কৈছো দেৱভূমি খ্যাত উত্তৰাখণ্ডৰ কথা ৷ উত্তৰাখণ্ডৰ চাৰিওফালে এতিয়া বিৰাজ কৰিছে কেৱল ধ্বংসাৱশেষে ৷ বহু লোক ইতিমধ্যে গৃহহাৰা হৈছে ৷ আপোনজনক হেৰুৱাই হাহাকাৰ কৰিছে ভুক্তভোগীয়ে ৷
ৰুদ্ৰপ্ৰয়াগত ডাৱৰ বিস্ফোৰণৰ ফলতে কেবাঠাইটো মুষলধাৰ বৰষুণ হয় ৷ চামোলী জিলাত হোৱা মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনত পোত যায় এটা দম্পতী ৷ আনহাতে এই ভূমিস্খলনৰ ফলত আহত হয় দুজন লোক । আহতসকলক দেৱাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয়, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে ।
⚠️ चेतावनी – चमोली पुलिस ⚠️
— Chamoli Police Uttarakhand (@chamolipolice) August 29, 2025
जनपद चमोली में लगातार हो रही मूसलाधार बारिश के चलते नदियों का जलस्तर खतरनाक रूप से बढ़ गया है।
🌊 नदी किनारे बने घरों में रहने वाले सभी लोग कृपया तुरंत सुरक्षित स्थानों पर चले जाएँ।
🙏 आपकी सतर्कता ही आपकी सुरक्षा है। pic.twitter.com/3WjVRYkjgL
- ধ্বংসাৱশেষৰ তলত পোত যোৱা স্বামী-স্ত্ৰীৰ মৃত্যু :
ধাৰাসাৰ বৰষুণৰ ফলত চামোলীৰ বহু ঠাইত ঘাইপথ বন্ধ হৈ পৰিছে । ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । বৰ্তমান অঞ্চলটোত বিদ্যুৎ যোগান বন্ধ হৈ আছে । ইয়াৰ স্থানীয় গাঁওবাসীয়ে বিগত কেইবাদিন ধৰি খোৱাপানীৰ সমস্যাৰ সৈতে যুঁজ দিব লগাত পৰিছে ৷
টেংকাৰৰ জৰিয়তে থাৰালীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত পানীৰ ব্যৱস্থা কৰা হৈছে। একে সময়তে চামোলীৰ দেৱাল উন্নয়ন খণ্ডৰ এখন দুৰ্গম গাঁও মোপাটাত ভূমিস্খলনৰ ধ্বংসাৱশেষৰ তলত পোত যায় এটা দম্পতী ৷ স্থানীয় ৰাইজৰ সহায়ত আন দুজন আহতক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ দেৱাললৈ অনা হয়, য’ত আহতসকলৰ চিকিৎসা চলি আছে । একে সময়তে প্ৰায় ২০টা গৰুও এই ধ্বংসাৱশেষৰ তলত পোত গৈছে ৷

ধাৰাসাৰ বৰষুণৰ বাবে বহু পথ বন্ধ :
লক্ষণীয় যে ধাৰাসাৰ বৰষুণৰ বাবে ছিমালছাইন আৰু কুলছাৰীৰ সমীপত চামোলীৰ নন্দপ্ৰয়াগ, কামেদা, ভানেৰপানী, পাগলনালা, গুলাকোটি আৰু গ্ৱালদাম ঘাইপথ বন্ধ হৈ পৰিছে । BRO ৰ দ্বাৰা ঘাইপথকেইটাৰ মেৰামতিৰ কাম কৰি থকা হৈছে । এই ধাৰাষাৰ বৰষুণৰ বাবে থাৰালী আৰু ইয়াৰ আশে-পাশে থকা বহু অঞ্চলত ধাৰাবাহিকভাৱে ভূমিস্খলনৰ গৈছে ।
🚨 यातायात सूचना 🚨
— Chamoli Police Uttarakhand (@chamolipolice) August 29, 2025
जनपद चमोली में लगातार हो रही भारी वर्षा के कारण राष्ट्रीय राजमार्ग कई स्थानों पर अवरुद्ध हो गया है।
📍 नंदप्रयाग
📍 कमेड़ा
📍 भनेरपानी
📍 पागलनाला
📍 जिलासू के पास
👉 मार्ग खोलने हेतु संबंधित टीमें मौके पर कार्यरत हैं। pic.twitter.com/5V3uy8PNCQ
আহতসকলক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে :
থাৰালী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত হোৱা ভূমিস্খলনৰ বাবেই ধ্বংসাৱশেষ হাস্পতালৰ ভিতৰলৈকে আহিছে । সেয়ে ইয়াৰ পৰা ইতিমধ্যে প্ৰশাসনে চিকিৎসালয়খন খালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
থাৰালী মহকুমাধিপতি পংকজ ভট্ট কয়, ‘‘দেৱালৰ মোপাটাত হোৱা ভূমিস্খলনৰ ফলত এটা দম্পতী ধ্বংসাৱশেষৰ তলত পোত যায়, লগতে আন ২ জন লোকো আহত হয় ৷ আহতসকলক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ দেৱাললৈ অনাৰ পিছতে আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে মোপাটালৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰকাৰী দল । মুষলধাৰ বৰষুণৰ ফলত কালেশ্বৰত পাহাৰৰ পৰা ধ্বংসাৱশেষ মানুহৰ ঘৰৰ ভিতৰলৈকে অহা দেখা যায় ৷ জেচিবি বা অন্য মেচিনৰ সহায়ত ধ্বংসাৱশেষ আঁতৰোৱাৰ চেষ্টা কৰি থকা হৈছে ।’’

