পাটনা: বিহাৰৰ ৰাজনীতিত ডাঙৰ খবৰ ৷ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱৰ ৷ তেজ প্ৰতাপ যাদৱক দল আৰু পৰিয়ালৰ পৰা ইতিমধ্যে কৰা হৈছে বহিষ্কাৰ ।
বৰপুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বজ্ঞানহীন কাণ্ড তেওঁলোকৰ পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰা অনুসৰি নহয় বুলিও লালুৱে কয় ।
"পৰিস্থিতিৰ বাবে মই তেওঁক দল আৰু পৰিয়ালৰ পৰা আঁতৰাই দিছো । এতিয়াৰে পৰা দল আৰু পৰিয়ালত তেওঁৰ কোনো ভূমিকা নাথাকিব । ৬ বছৰৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয় । তেওঁ ব্যক্তিগত জীৱনৰ ভাল-বেয়া আৰু গুণ আৰু অসুবিধাবোৰ চাবলৈ সক্ষম" বুলি লালু প্ৰসাদ যাদৱে বৰপুত্ৰ তেজস্বী যাদৱৰ সন্দৰ্ভত এনেদৰে কয় ৷
লালু প্ৰসাদ যাদৱে লগতে কয় যে তেওঁৰ সৈতে যাৰ সম্পর্ক আছে, তেওঁ নিজৰ বিবেচনা অনুসৰি সিদ্ধান্ত ল’ব লাগে ৷ ৰাজহুৱা জীৱনত মই সদায় ৰাজহুৱা সন্মানৰ সমৰ্থক । পৰিয়ালৰ আজ্ঞাকাৰী সদস্যসকলে ৰাজহুৱা জীৱনত এই ধাৰণাটো গ্ৰহণ কৰি সকলো নিয়ম অনুসৰণ কৰি আহিছে ।
निजी जीवन में नैतिक मूल्यों की अवहेलना करना हमारे सामाजिक न्याय के लिए सामूहिक संघर्ष को कमज़ोर करता है। ज्येष्ठ पुत्र की गतिविधि, लोक आचरण तथा गैर जिम्मेदाराना व्यवहार हमारे पारिवारिक मूल्यों और संस्कारों के अनुरूप नहीं है। अतएव उपरोक्त परिस्थितियों के चलते उसे पार्टी और परिवार…
— Lalu Prasad Yadav (@laluprasadrjd) May 25, 2025
উল্লেখ্য যে, লালুপ্ৰসাদ যাদৱে ইতিমধ্যে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে ৷ এক্সত উল্লেখ কৰা পোষ্টটো আছিল এনেধৰণৰ- ‘‘ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক আওকাণ কৰিলে সামাজিক ন্যায়ৰ বাবে আমাৰ সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে । ডাঙৰ পুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বহীন আচৰণ আমাৰ পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰা অনুসৰি নহয় ।"
কিয় এনে কৰিলে লালুপ্ৰসাদ যাদৱে ?
আচলতে শনিবাৰে তেজ প্ৰতাপ যাদৱৰ ফেচবুক একাউণ্টৰ পৰা এটা পোষ্ট কৰা হৈছিল । য’ত তেজ প্ৰতাপ যাদৱে বন্ধু অনুষ্কা যাদৱৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল ৷ এইটোও উল্লেখ কৰা হৈছিল যে তেওঁলোকৰ বন্ধুত্বই ১২ বছৰ অতিক্ৰম কৰিছে ৷ ইয়াৰোপৰি তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত এই কথাও কোৱা হৈছিল যে তেওঁ অনুষ্কা যাদৱক ভাল পায় ।
পৰৱৰ্তী সময়ত অস্বীকাৰ
অৱশ্যে তেজ প্ৰতাপ যাদৱে নিশা ১১ বজাত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰে । তেজে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট হেক হোৱা বুলি পোষ্টটোত উল্লেখ কৰে ৷ তদুপৰি এনে কাৰ্যৰ দ্বাৰা নিজৰ লগতে তেওঁৰ পৰিয়ালক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলিও কয় । ইয়াত AI জেনেৰেট কৰা এখন ছবি শ্বেয়াৰ কৰা হোৱাৰ কথাও উল্লেখ কৰে, যিখন এখন ভুৱা ফটো ।
"মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হেক কৰা হৈছে আৰু মোৰ ছবিসমূহ ভুলকৈ সম্পাদনা কৰি মোক আৰু মোৰ পৰিয়ালৰ সদস্যসকলক হাৰাশাস্তি আৰু বদনাম কৰা হৈছে । মোৰ শুভাকাংক্ষী আৰু অনুগামীসকলক সাৱধান হ'বলৈ আৰু কোনো ধৰণৰ উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছো"- এই ভাষ্য তেজ প্ৰতাপ যাদৱৰ ৷
मेरे सोशल मीडिया प्लैटफॉर्म को हैक एवं मेरे तश्वीरो को गलत तरीके से एडिट कर मुझे और मेरे परिवार वालो को परेशान और बदनाम किया जा रहा है,मैं अपने सुभचिंतको और फॉलोवर्स से अपील करता हूं कि वे सतर्क रहें और किसी भी अफ़वाह पर ध्यान न दे....
— Tej Pratap Yadav (@TejYadav14) May 24, 2025
এনে খবৰ অহাৰ পাছত ৰাজ্যৰ ৰাজনীতিও তুংগত উঠিছে । কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিয়ে লালু পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় ‘‘ইন্সপেক্টৰ বাবুৰ নাতিনীয়েক ঐশ্বৰ্য (তেজ প্ৰতাপৰ পত্নী) ৰ লগত কিবা এটা ভুল হৈছে । ইয়াৰ প্ৰতিশোধ আগন্তুক নিৰ্বাচনত লোৱা হ’ব ।’’
दरोग़ा बाबू की पोती ऐश्वर्या के साथ जो लालू परिवार ने किया है उसका बदला आने वाले चुनाव में बिहार की हर महिला लेकर रहेगी।
— Jitan Ram Manjhi (@jitanrmanjhi) May 24, 2025
तेज प्रताप जब किसी के साथ रिलेशनशिप में थें तो फिर किसी लड़की की ज़िन्दगी बर्बाद करने का अधिकार लालू परिवार को किसने दिया?
कहीं ऐसा तो नहीं है कि किसी “सिन्हा”…
"যেতিয়া তেজ প্ৰতাপৰ কাৰোবাৰ লগত সম্পৰ্ক আছিল, তেতিয়া লালু পৰিয়ালক কোনে ছোৱালীৰ জীৱন ধ্বংস কৰাৰ অধিকাৰ দিছিল ? কোনোবা ‘‘সিনহা’’ৰ বাবেই সম্ভৱনে যে লালু পৰিয়ালে অনুষ্কা যাদৱৰ জীৱনটোও ধ্বংস কৰিব পাৰে ? লালু পৰিয়ালে ইয়াৰ উত্তৰ দেশৰ আগত দিব লাগিব’’ বুলি মাঝিয়ে লগতে কয় ৷
লগতে পঢ়ক: RDXৰ সহায়ত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি, কেৰালাৰ পৰা আহিছে এই ই-মেইল, ৩ ঘণ্টা ধৰি চলিল অনুসন্ধান