কাশ্মীৰক অনুসৰণ কৰি লাডাখতো আৰম্ভ কেশৰ বিপ্লৱ
চি এছ আই আৰ-আই আই আই এমৰ কাৰিকৰী সমৰ্থনত লাডাখৰ কৃষি বিভাগে পৰীক্ষামূলক কেশৰ খেতি আৰম্ভ কৰিছে ।

Published : March 9, 2025 at 7:29 PM IST
ৰিঞ্চেন এংমো চুমিকচান
লেহ : কেশৰৰ বাবে বিখ্যাত কাশ্মীৰৰ পাম্পোৰ । সুগন্ধি মছলাবিধৰ প্ৰতি আদৰ এতিয়া অঞ্চলটোৰ বিভিন্ন প্ৰান্ততো দেখা গৈছে । যাৰ বাবে কাশ্মীৰ উপত্যকাৰ বাহিৰতো মানুহে ঘৰৰ পিছফালে এই খেতি আৰম্ভ কৰিছে । লাডাখে কেশৰৰ প্ৰতি থকা এই প্ৰেমক পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈছে আৰু চৰকাৰে লেহৰ চি এছ আই আৰ-ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইণ্টিগ্ৰেটিভ মেডিচিনৰ (চি এছ আই আৰ-আই আই আই এম) সহযোগিতাৰে স্থানীয়ভাৱে ইয়াৰ উৎপাদন বৃদ্ধিত জোৰ দিছে ।
কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ কৃষি বিভাগে কৃষকসকলৰ মাজত কেশৰ খেতি আৰম্ভ কৰাৰ বাবে কাম কৰি আছে ।
লেহ আৰু কাৰ্গিলত কেশৰ খেতি
শেহতীয়াকৈ কৃষি বিভাগৰ সচিব ভূপেশ চৌধুৰীয়ে বিষয়াসকলক লেহ আৰু কাৰ্গিল দুয়োখন জিলাতে কেশৰ খেতিৰ বাবে উপযুক্ত গাঁও আৰু স্থান চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছিল । বিভাগটোৱে এই বছৰ পৰীক্ষামূলকভাৱে চি এছ আই আৰ-আই আই এমৰ কাৰিকৰী সমৰ্থনত কেশৰৰ খেতি কৰিব । ইয়াৰ উপৰিও সচিবগৰাকীয়ে কেশৰ খেতিৰ ক্ষেত্ৰত এক ব্যাপক নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । যাৰ ভিতৰত আছে চি এছ আই আৰ-আই আই এমৰ সৈতে অংশীদাৰিত্বত কৃষকসকলৰ বাবে প্ৰদৰ্শন প্ৰকল্প আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন ।

লাডাখত এল এ এইচ ডি চি আৰু ইউ টি লাডাখত কেশৰ কৃষি সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপে এই উদ্যোগৰ বাবে ভূমি আৱণ্টন কৰিছে । ২০২৪ চনত পালম অঞ্চলৰ ৫৬ কানাল আৰু ৬ মাৰ্লা ভূমিৰ বাবে আনুষ্ঠানিকভাৱে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । এই পদক্ষেপৰ উদ্দেশ্য হৈছে কেশৰ খেতিৰ বাবে এক বহনক্ষম আৰ্হি স্থাপন কৰা, বীজ সংগ্ৰহ, মাটিৰ উৰ্বৰতা আৰু পানীৰ উপলব্ধতাৰ দৰে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লগতে লাডাখৰ কৃষি-জলবায়ুৰ সুবিধাসমূহ ব্যৱহাৰ কৰা ।
চি এছ আই আৰৰ বিশেষজ্ঞই কি কয় ?
লেহৰ পালমৰ চি এছ আই আৰ-আই আই এম পৰীক্ষামূলক আৰ এণ্ড ডি ষ্টেচনৰ জাবিৰ আহমেদে কয়, "আমি ২০২৩ চনত কেশৰ খেতি আৰম্ভ কৰিছিলো । ইয়াক খেতি কৰাৰ কাৰণ কেৱল অৰ্থনৈতিক লাভালাভ নহয় । ইয়াৰ ধৰ্মীয় গুৰুত্বৰ বাবে আমি আৰম্ভ কৰিছিলো । এনেদৰেই চি এছ আই আৰ-আই আই এমে এই প্ৰকল্পটো আৰম্ভ কৰিছিল । লাডাখত আমি তিনিটা মুখ্য ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰিছো । প্ৰথমতে প্ৰয়োজনীয়তা- যিহেতু কেশৰে সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব বহন কৰে । দ্বিতীয়তে লাডাখে সাধাৰণতে কেৱল এটা শস্য উৎপাদন কৰে আৰু ছেপ্টেম্বৰত কেশৰ খেতি কৰা হয়, যাৰ ফলত ইয়াক এক কাৰ্যকৰী বিকল্প হিচাপে ল'ব পাৰি । তৃতীয়তে লাডাখত পানীৰ অভাৱ আছে আৰু কেশৰ খেতিৰ বাবে কম পানীৰ প্ৰয়োজন হয় ।"
আহমেদে কয় যে তেওঁলোকৰ গৱেষণা এতিয়াও চলি আছে আৰু পৰীক্ষামূলকভাৱে কৰা হৈছে । গৱেষণাৰ অংশ হিচাপে তেওঁলোকে কেশৰৰ কেমো প্ৰ'ফাইলো বিশ্লেষণ কৰিব । অতিৰিক্তভাৱে লাডাখৰ জলবায়ুত কেশৰৰ বাবে খেতিৰ প্ৰটোকল মানক কৰাৰ পৰিকল্পনা কৰিছে । তেওঁ কয়, "আমি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল সৰ্বশ্ৰেষ্ঠ মানৰ বীজ লাভ কৰা । বৰ্তমান আমি শ্ৰীনগৰৰ টাংমাৰ্গত থকা আমাৰ ফাৰ্মৰ পৰা বীজ লাভ কৰি আছো । যদি আমি বীজবোৰ লাডাখৰ পৰিস্থিতিৰ সৈতে অধ্যয়ন আৰু খাপ খুৱাব পাৰো, ই অঞ্চলটোৰ বাবে এক দিক পৰিৱৰ্তনকাৰী হ'ব পাৰে । সেয়েহে আমি বীজ গৱেষণাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো ।"

আহমেদে কয় যে তেওঁলোকে একাধিক স্থানত কেশৰ খেতি পৰীক্ষামূলকভাৱে কৰিছে আৰু দুইৰ পৰা তিনিজন কৃষকক বীজ বিতৰণ কৰিছে । ভাল ফলাফলো লাভ কৰিছে । কেশৰ খেতি কৰা তুলনামূলকভাৱে সহজ কিন্তু সুৰক্ষাৰ বাবে সঠিক বেৰৰ প্ৰয়োজন । চি এছ আই আৰ-আই আই আই এমে কৃষি বিভাগৰ সহযোগত এখন বৈঠক অনুষ্ঠিত কৰে য'ত লেহ আৰু কাৰ্গিলৰ পৰা কৃষক বাছনি কৰা আৰু পৰীক্ষণৰ ভিত্তিত কেশৰৰ বীজ বিতৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় বুলিও তেওঁ উল্লেখ কৰে । তেওঁৰ মতে কৃষি বিভাগে উদগনি প্ৰদান কৰিব, আনহাতে চি এছ আই আৰ-আই আই আই এমে প্ৰশিক্ষণ দিব । এতিয়ালৈকে, ফুলৰ উৎপাদন আশাব্যঞ্জক হৈ আহিছে ।
তেওঁ কয়, "আয়ুষতো কেশৰ ব্যৱহাৰ কৰা হয় । যদি ইয়াৰ খেতি সফল প্ৰমাণিত হয় মানুহে ব্যক্তিগত ব্যৱহাৰৰ বাবে উচ্চমানৰ কেশৰ লাভ কৰিবলৈ ঘৰতে খেতি কৰিব পাৰে । আমি পালম ফাৰ্মত দুবছৰ ধৰি কেশৰ খেতিৰ অধ্যয়ন কৰি আছো, অক্টোবৰৰ শেষলৈকে মুকলি পথাৰত খেতি কৰি আছো । ইয়াৰ উপৰিও আমি সেউজগৃহত পৰীক্ষণ চলাইছো । আমাৰ দৃষ্টিভংগী কৃষক-অনুকূল, ব্যয়সাপেক্ষ আৰু কাৰ্যকৰী কৰিবলৈ সহজ । আমি টাবতো কেশৰ খেতিৰ পৰীক্ষা-নিৰীক্ষা কৰিছো ।"
কেশৰ খেতিৰ অভিজ্ঞতাৰ বৰ্ণনা কাৰ্গিলৰ কৃষকৰ
কাৰ্গিলৰ মিঞ্জিৰ মহম্মদ মেহদীয়ে ২০১৮ চনৰ পৰা কেশৰ খেতিৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আহিছে । এছ কে ইউ এ এ এছ টি-কাশ্মীৰৰ এটা দলে তেওঁক কিছু সহযোগিতা কৰিছিল । তেওঁ কয়,"মই ৩/৪ ফুট এলেকাত ৰোপণ কৰিছিলো আৰু ফুল ফুলিছিল । দুৰ্ভাগ্যবশতঃ প্ৰচণ্ড শীত আৰু ওপৰতে ৰোপণ কৰাৰ বাবে কেশৰ পুলিবোৰ জীয়াই নাথাকিল । ২০২৩ চনত মই কাশ্মীৰৰ পদ্ধতি ব্যৱহাৰ কৰি আন এক পৰীক্ষণ চলাইছিলো আৰু এইবাৰ পূৰ্বৰ তুলনাত অধিক গভীৰতাত ৰোপণ কৰিছিলো । ৯০ শতাংশৰ সফলতাৰ হাৰত ফলাফল যথেষ্ট ভাল আছিল । আমি আনকি শস্য সফলতাৰে চপাইছিলো । মোৰ উদ্দেশ্য বাণিজ্যিক নাছিল; মই এইটো এক চখ হিচাপে আৰম্ভ কৰিছিলো ।"

তেওঁ কয়, "পৰীক্ষামূলকভাৱে ১৩০ বৰ্গফুট এলেকাত আৰু মই ২০২৩ চনৰ ছেপ্টেম্বৰত ৫২০ টা বীজ ৰোপণ কৰিছিলো । সফলতাৰ হাৰ আছিল ৯৫ শতাংশ আৰু ৫০ দিনৰ পিছত আমি ৩ নৱেম্বৰত শস্য চপাইছিলো । অৱশ্যে এই বছৰ কেৱল কেইটামান পুলিহে ফুলিছে আৰু ফুলৰ হাৰ ১০ শতাংশলৈ হ্ৰাস পাইছে । মই ভাবো যে লাডাখৰ মাটিৰ উৰ্বৰতা কাশ্মীৰৰ দৰে নহয় । তথাপিও মই লক্ষ্য কৰিছো যে মাটিত গভীৰভাৱে ৰোপণ কৰিলে কেশৰ বীজবোৰে লাডাখৰ প্ৰচণ্ড শীতৰ সন্মুখীন হ'ব পাৰিব ।" তেওঁ কয় যে তেওঁ সেউজগৃহত কেশৰ ৰোপণ কৰিছে আৰু শস্য ভাল হৈছে । তেওঁ কয়, "মই চপোৱা কেশৰখিনি মোৰ অতিথি, বন্ধুবৰ্গ আৰু আত্মীয়ক দিছিলো । ইয়াৰ ৰং, সোৱাদ আৰু সুবাস কাশ্মীৰী কেশৰৰ দৰেই ।"
মেহদীয়ে কয় যে কেশৰ খেতিত জলবায়ুৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । তেওঁ কয়, "পুলিবোৰৰ জীয়াই থকাৰ হাৰ আছিল ৯৫ শতাংশ । ৰোপণৰ ৫০ দিন পিছত প্ৰথম ফুল ওলাইছিল । প্ৰাৰম্ভিক শস্য ৰোপণৰ ৫৩ দিনৰ পিছত অৰ্থাৎ ২০২৩ চনৰ ৩ নৱেম্বৰত প্ৰথম চপোৱা হৈছিল । ইয়াৰ পিছত দুদিনৰ ব্যৱধানত দ্বিতীয় আৰু তৃতীয় শস্য চপোৱা হয় । গড় হিচাপত ১ গ্ৰাম শুকান কেশৰ উৎপাদন কৰিবলৈ ১৬৫ টা ফুলৰ প্ৰয়োজন হৈছিল । ৪৮ বৰ্গফুটৰ মাটিত উৎপাদন আছিল ১.৭ গ্ৰাম শুকান কেশৰ । যি কাশ্মীৰ উপত্যকাৰ গড় উৎপাদনতকৈ বিশেষভাৱে অধিক, য'ত একে এলেকাত সাধাৰণতে ১.২ গ্ৰাম উৎপাদন হয় ।"
লগতে পঢ়ক :এবছৰীয়া হ'ল ছেলা পাছৰ সুৰংগ: সাগৰপৃষ্ঠৰ পৰা ১৩ হাজাৰ ফুট উচ্চতাত এক মসৃণ পথ - SELA PASS TUNNEL

