ETV Bharat / bharat

দেশত কাৰ্যকৰী হ’ল নতুন সংৰক্ষণ নিয়ম, ST-ৰ বাবে ৮০% সংৰক্ষণ

লাডাখ প্ৰশাসনে অনুসূচিত জনজাতি, EWS, বিশেষভাৱেসক্ষম ব্যক্তি আৰু প্ৰাক্তন সেনাবাহিনীৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণ সুনিশ্চিত কৰি লাডাখ সংৰক্ষণ নিয়ম, ২০২৫ অধিসূচনা জাৰি কৰে ।

Ladakh announces major reservation reforms for local youth
লাডাখ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 7:43 AM IST

3 Min Read
Choose ETV Bharat

লেহ : কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ প্ৰশাসনে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে লাডাখ সংৰক্ষণ (সংশোধনী) নিয়মাৱলী, ২০২৫ৰ কথা সকলোকে অৱগত কৰিছে লাডাখ প্ৰশাসনে । এই সংশোধনী ৰাজ্যিক নিযুক্তি ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু সংৰক্ষণ নীতিক কেন্দ্ৰীয় চৰকাৰৰ আইনৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তোলা, স্থানীয় যুৱক-যুৱতী আৰু পিছপৰা শ্ৰেণীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ দিশত এইটো এটা ডাঙৰ সিদ্ধান্ত হিচাপে বিবেচিত হৈছে ।

এই সংশোধনীসমূহ জম্মু-কাশ্মীৰ সংৰক্ষণ আইন, ২০০৪ৰ ২৩ নং ধাৰাৰ অন্তৰ্গত ক্ষমতা প্ৰয়োগ কৰি লাডাখ সংৰক্ষণ (সংশোধনী) নিয়মাৱলী, ২০২৫ (নং ১)ৰ জৰিয়তে অধিসূচনা কৰা হৈছে । এই অধিসূচনাৰ লগে লগে কাৰ্যকৰীও কৰা হৈছে এই নিয়ম ।

সংশোধনীৰ প্ৰক্ৰিয়া আৰু উদ্দেশ্য :

সাধাৰণ প্ৰশাসন বিভাগৰ সহযোগত সমাজ আৰু জনজাতি কল্যাণ বিভাগৰ নেতৃত্বত এই প্ৰক্ৰিয়া সাধাৰণ প্ৰশাসন বিভাগ (GAD)ৰ সহযোগত কৰা হৈছে ৷ মুখ্য সচিব ড৹ পৱন কোটৱালে কয় যে এই সংশোধনীসমূহৰ উদ্দেশ্য হৈছে আইনী পৰিভাষাসমূহ নবীকৰণ কৰা, সংৰক্ষিত শ্ৰেণীসমূহ পুনৰ সংগঠিত কৰা আৰু নিযুক্তি তথা পদোন্নতি প্ৰক্ৰিয়াসমূহক ‘‘বিশেষভাৱেসক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬’’ৰ দৰে কেন্দ্ৰীয় আইনসমূহৰ সৈতে মিল ৰখা হৈছে ।

প্ৰত্যক্ষ নিযুক্তিত সংশোধিত সংৰক্ষণ (নিয়ম ৪ অনুসৰি)

  • অনুসূচিত জাতি (SC): ১%
  • অনুসূচিত জনজাতি (ST): ৮০%
  • প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (ALC)ৰ কাষৰীয়া অঞ্চলৰ বাসিন্দা: ৪%
  • অৰ্থনৈতিকভাৱে দুৰ্বল অংশ (EWS): ১০%

অনুভূমিক সংৰক্ষণ (Horizontal Reservation)

প্ৰাক্তন সৈনিক (Ex-servicemen): : ৬%
বেঞ্চমাৰ্ক অক্ষম ব্যক্তি (Persons with Benchmark Disabilities) : ৪%

এই সংৰক্ষণক ‘বিশেষভাৱেসক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬’ৰ অধীনত বিভিন্ন ভাগত (দৃশ্যমানতা, শ্ৰৱণ ক্ষমতাত অক্ষমতা, গতিশীলতা আদি) ভাগ কৰা হৈছে ।

GAD-ৰ সচিব মাইকেল ডিছৌজাই কয় যে এই সংশোধনীত নিৰ্বাচিত তালিকাৰ তিনিটা স্তৰৰ গাঁথনি গ্ৰহণ কৰা হৈছে, য’ত-

  • সংৰক্ষিত আৰু অসংৰক্ষিত শ্ৰেণীত স্বচ্ছতা থাকিব লাগে ।
  • অনুভূমিক সংৰক্ষণ ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব পাৰি ।
  • মেধা ভিত্তিক (Merit) জ্যেষ্ঠতাক অগ্ৰাধিকাৰ দিব লাগে ।
  • EWS -ৰ খালী আসনসমূহ সংৰক্ষিত শ্ৰেণীলৈ ৰূপান্তৰিত কৰিব পাৰিব
  • বেকলগ আসনৰ অভিলেখ বজাই ৰাখিব পাৰি

নতুন ৰ’ষ্টাৰ ব্যৱস্থা : এতিয়া সকলো বিভাগ, সেৱা আৰু গ্ৰেডতে ১০০ পইণ্টৰ ফ্লটিং ৰ’ষ্টাৰ ব্যৱস্থা ৰূপায়ণ কৰা হ’ব । এই ব্যৱস্থা কেৱল প্ৰত্যক্ষ নিযুক্তিৰ ক্ষেত্ৰতে নহয়, পদোন্নতিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব ।

পদোন্নতিৰ ক্ষেত্ৰত সংশোধিত সংৰক্ষণ (Rule 9)

  • অনুসূচিত জাতি (SC) শ্ৰেণীৰ বাবে: ১%
  • ST শ্ৰেণীৰ বাবে : ৮৪%
  • প্ৰমোচনৰ ক্ষেত্ৰতো একে ১০০ পইণ্টৰ ৰ’ষ্টাৰ ব্যৱস্থা প্ৰযোজ্য হ’ব ।

এই অধিসূচনা লাডাখৰ সামাজিক গাঁথনিৰ বাবে বিশেষকৈ জনজাতীয় জনসংখ্যা, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী, সীমান্ত অঞ্চলৰ বাসিন্দা আৰু দিব্যাংজানৰ বাবে এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে । স্থানীয় যুৱক-যুৱতীসকলে এতিয়া সংৰক্ষণৰ অধিক সুবিধা লাভ কৰিব আৰু চৰকাৰী চাকৰিত ন্যায্য প্ৰতিনিধিত্ব নিশ্চিত হ’ব ।

লগতে পঢ়ক : "মহাকাশৰ পৰা আমাৰ ভাৰতবৰ্ষখন অতি ধুনীয়া দেখি," প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মহাকাশৰ পৰা শুভাংশু শুক্লাৰ বাৰ্তালাপ