নতুন দিল্লী : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে সম্পৰ্কে বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নিবিচাৰে কুনাল কামৰাই । কমেডিয়ান কুনাল কামৰাই সোমবাৰে এই কথা স্পষ্টভাৱে কয় । লগতে তেওঁ কমেডি শ্ব' ৰেকৰ্ড কৰা স্থান ভাঙি লণ্ডভণ্ড কৰা কাৰ্যকো সমালোচনা কৰে ।
উল্লেখ্য যে, ৩৬ বছৰীয়া কৌতুক অভিনেতাগৰাকীয়ে এখন জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ গীতৰ এটি গীতৰ পেৰডী কৰি তেওঁৰ অনুষ্ঠানত সিন্দেৰ ৰাজনৈতিক কেৰিয়াৰক লৈ বিদ্ৰুপ কৰিছিল । ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰত এক প্ৰবল ধুমুহাৰ সৃষ্টি হয় ।
X-ত শ্বেয়াৰ কৰা এক দীঘলীয়া বিবৃতিত আকোঁৰগোজ কুনাল কামৰাই কৈছে যে যিসকলে সামাজিক মাধ্যমত তেওঁৰ ফোন নম্বৰ প্ৰকাশ কৰা বা তেওঁক নিৰন্তৰ ফোন কৰাত ব্যস্ত আছে, তেওঁলোকে জানি লওক যে এই সকলোবোৰ তেওঁৰ ভইচমেইললৈ গুচি যাব, য'ত তেওঁলোকে ‘‘সেই একে গান’’ শুনোৱা হ'ব যাক তেওঁলোকে ঘৃণা কৰে ।
"মই ক্ষমা নিবিচাৰিৰো... মই এনেধৰণৰ জনতাক ভয় নকৰো আৰু মই মোৰ বিছনাৰ তলত লুকাই ইয়াৰ অন্ত হোৱালৈকে অপেক্ষা কৰি নাথাকো ।" কামৰাই X-ত লিখিছে । তেওঁ লগতে কৈছে যে তেওঁৰ বক্তব্য হুবহু একে, যেনেধৰণে "মিঃ অজিত পাৱাৰে (প্ৰথম উপ-মুখ্যমন্ত্ৰী) মিঃ একনাথ সিন্দে (দ্বিতীয় উপ-মুখ্যমন্ত্ৰী) সম্পৰ্কে কৈছিল ।"
উল্লেখ্য যে, তেওঁৰ কমেডি শ্ব'ৰ ক্লিপ আৰু ৰাজনৈতিক বিতৰ্কৰ মাজতে সোমবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ফাড়নভিছে কয় যে কুনাল কামৰাই তেওঁৰ ‘‘নিম্ন স্তৰৰ কমেডি’’ৰ বাবে ক্ষমা বিচাৰিব লাগে । আনহাতে, বিৰোধী নেতা উদ্ধৱ থাকৰেয়ে কৈছিল যে কৌতুক অভিনেতাজনে কোৱা কথাত কোনো ভুল নাই । ইফালে কুনাল কামৰাৰ সমৰ্থনত কংগ্ৰেছ আৰু চি পি আই (এম)-ও ওলাই আহিছে ।
দেওবাৰে নিশা, শিৱসেনাৰ সদস্যসকলে খাৰৰ হেবিটেট কমেডি ক্লাবৰ লগতে যিখন হোটেলৰ চৌহদত ক্লাবটো অৱস্থিত আৰু কামৰাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল, সেইখনো ক্ষতিগ্ৰস্ত কৰে ।
"মই তেওঁলোকক ক'ব খোজো যিসকলে হেবিটেটৰ ওপৰত আক্ৰমণ কৰিছে : এক মনোৰঞ্জন স্থান কেৱল এখন মঞ্চ । সকলো ধৰণৰ অনুষ্ঠানৰ বাবে এক স্থান । হেবিটেট (বা আন যিকোনো স্থান) মোৰ কমেডিৰ বাবে দায়বদ্ধ নহয় বা মই কোৱা বা কৰা কামৰ ক্ষেত্ৰত ইয়াৰ কোনো শক্তি বা নিয়ন্ত্ৰণ নাই । কোনো ৰাজনৈতিক দলৰো অন্তৰ্ভুক্ত নহয় ।"
কৌতুক অভিনেতাজনে তেওঁৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰৰ বিষয়েও উল্লেখ কৰি কয়, "ৰাজনীতিবিদসকলে তেওঁক এক শিক্ষা দিয়াৰ ভাবুকি দিছিল ।"
"এজন শক্তিশালী ৰাজহুৱা ব্যক্তিৰ মূল্যৰ বিনিময়ত কৌতুক গ্ৰহণ কৰাৰ আপোনালোকৰ অসমৰ্থতাই মোৰ অধিকাৰৰ প্ৰকৃতি সলনি নকৰে । মই যিমান দূৰ জানো, আমাৰ নেতাসকলক আমাৰ ৰাজনৈতিক ব্যৱস্থাক লৈ কৌতুক কৰাটো আইনবিৰোধী নহয় । অৱশ্যে মোৰ বিৰুদ্ধে গ্ৰহণ কৰা যিকোনো আইনী ব্যৱস্থাৰ বাবে মই আৰক্ষী আৰু আদালতৰ সৈতে সহযোগিতা কৰিবলৈ ইচ্ছুক ।" তেওঁ লগতে কয় ।