ETV Bharat / bharat

কুকুৰৰ পূজা কৰা শুনিছেনে ? 'কুকুৰ তিহাৰ' ক'ত কেতিয়া পালন কৰা হয় ? - KUKUR TIHAR

কুকুৰ হৈছে আনুগত্য প্ৰকাশৰ এক উৎকৃষ্ট উদাহৰণ । সেয়ে কুকুৰক সন্মান জনোৱাৰ বাবে পালন কৰা হয় 'কুকুৰ তিহাৰ' উৎসৱ ।

Kukur Tihar
কুকুৰ পূজাৰ উৎসৱ 'কুকুৰ তিহাৰ' (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 8:33 PM IST

সৰগুজা : বিভিন্ন প্ৰাণীক বিভিন্ন সম্প্ৰদায়ে বিভিন্ন স্থানত পূজা কৰাৰ পৰম্পৰা চলি আহিছে । কিন্তু কুকুৰ পূজা ? শুনিবলৈ নিশ্চয় আচহুৱা যেন লাগিছে নহয়নে ?

পিচে অবিশ্বাস্য যেন লাগিলেও এটা নিৰ্দিষ্ট দিনত কুকুৰৰো পূজা কৰা হয় । ক'ত আৰু কিয় কুকুৰৰ পূজা কৰা হয় জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ।

কুকুৰ পূজাৰ উৎসৱ 'কুকুৰ তিহাৰ' (ETV Bharat)

ছত্তীশগড়ৰ অম্বিকাপুৰত প্ৰথমবাৰৰ বাবে দেৱালীৰ পিছত 'কুকুৰ তিহাৰ উৎসৱ' উদযাপন কৰা হৈছে । কুকুৰক আশ্ৰয় প্ৰদানৰ সৈতে জড়িত লোকসকলে কুকুৰবোৰক এই দিনটোত উপাসনা কৰে আৰু সিহঁতক মিঠাই খুৱায় । অৱশ্যে এই কুকুৰ তিহাৰ উৎসৱ প্ৰধানকৈ চুবুৰীয়া দেশ নেপালত উদযাপন কৰা হয় । কিন্তু ছত্তীশগড়ৰ অম্বিকাপুৰৰ সৰগুজাত এনে কুকুৰ তিহাৰ উৎসৱ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় । প্ৰতিবছৰে নেপালত দেৱালীৰ পিছদিনা কুকুৰ তিহাৰ উৎসৱ উদযাপন কৰা হয় । পোহনীয়া আৰু পথৰ কুকুৰ দুয়োকে এই দিনটোত উপাসনা কৰা হয় । উল্লেখ্য যে ছত্তীশগড়ৰ অম্বিকাপুৰ চহৰত আছে প্ৰথমটো কুকুৰৰ আশ্ৰয় গৃহ ।

কুকুৰ তিহাৰ উৎসৱ

মুখ্যতঃ নেপালত উদযাপন কৰা কুকুৰ তিহাৰ উৎসৱ প্ৰথমবাৰৰ বাবে অম্বিকাপুৰত উদযাপন কৰা হয় । কুকুৰৰ আশ্ৰয় গৃহ 'বেজুবান ডগ ছেল্টাৰ'ৰ সঞ্চালক সুধাংশু শৰ্মাই কয় যে তেওঁৰ কুকুৰৰ আশ্ৰয়স্থলত সমগ্ৰ অঞ্চলটোৰ পৰা আঘাতপ্ৰাপ্ত কুকুৰবোৰ আনি চিকিৎসা তথা আশ্ৰয় প্ৰদান কৰে । তাত সিহঁতৰ চিকিৎসা কৰা হয় । চিকিৎসাৰ লগতে কুকুৰবোৰক তাত যত্ন লোৱা হয় ।

কুকুৰৰ আশ্ৰয় গৃহ চলাই থকা সুধাংশুৱে কয়, "এতিয়ালৈকে আমাৰ দলটোৱে প্ৰায় সাত হাজাৰ কুকুৰ উদ্ধাৰ কৰিছো । উদ্ধাৰ কৰা সকলো কুকুৰক চিকিৎসা কৰি সুস্থ হোৱাৰ পিছত পুনৰ এৰি দিয়া হয় । স্থানীয় লোকসকলেও আমাক এই কামত সহায় কৰে ।"

পোহনীয়া জন্তু আৰু পথৰ কুকুৰ হৈছে আনুগত্যৰ উদাহৰণ

কুকুৰ তিহাৰ আয়োজন কৰা দলটোৱে কয়, "কুকুৰবোৰো মানুহৰ দৰে । সিহঁতে সুখত সুখ প্ৰকাশ কৰে । যেতিয়া আপুনি দুখী হয়, সিহঁতো দুখী হয় । আনুগত্যৰ ক্ষেত্ৰত সিহঁতৰ সৈতে কাৰো তুলনা নাই । যেতিয়া মালিকৰ জীৱন বিপদাপন্ন হয়, সিহঁতে আনুগত্যৰ উদাহৰণ স্থাপন কৰাত কেতিয়াও বিফল নহয় । কুকুৰৰ আনুগত্য মানুহতকৈ বেছি । এই কুকুৰ তিহাৰ সিহঁতৰ আনুগত্যক সন্মান জনোৱাৰ বাবে আয়োজন কৰা হৈছে ।"

ইয়াৰ আঁৰত কি বিশ্বাস আছে

এইটো বিশ্বাস কৰা হয় যে মৃত্যুৰ দেৱতা যমৰাজৰ বাৰ্তাবাহক হৈছে কুকুৰ । সেয়ে যমৰাজক সন্তুষ্ট কৰিবলৈ কুকুৰৰো উপাসনা কৰা হয় । কুকুৰ তিহাৰৰ দিনা কুকুৰক ফুলৰ মালা পিন্ধোৱা হয় । কুকুৰৰ কঁপানত ফোঁট দি উপাসনা কৰা হয় । কুকুৰ তিহাৰৰ দিনা সিহঁতক ভাল খাদ্যও পৰিবেশন কৰা হয় ।

লগতে পঢ়ক :জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ বাবে বিশেষ গুৰুত্ব ভাৰতৰ
লগতে পঢ়ক :পৰ্যটকৰ বাবে সুপ্ত ৰত্ন মেলুৰি: নাগালেণ্ডৰ নতুন জিলাখনত আছে পৰ্যটনৰ অফুৰন্ত ভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.