ETV Bharat / bharat

চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক ধৰ্ষণ: দেশজুৰি প্ৰতিবাদ - Kolkata PGT Doctor rape

Kolkata PGT Doctor rape: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক নিৰ্মমভাৱে হত্যা । চিকিৎসকগৰাকীক ধৰ্ষণৰ অভিযোগ উঠিছে । সমগ্ৰ দেশৰ চিকিৎসকসকলক ক'লা বেজ পিন্ধিবলৈ আহ্বান ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ।

Kolkata PGT Doctor rape
চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক ধৰ্ষণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 10, 2024 at 4:04 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,১০ আগষ্ট : কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাঞ্চল্যকৰ ঘটনা । এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা ! এই ঘটনাক লৈ দেশৰ স্বাস্থ্য বিভাগত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চিকিৎসক তথা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাক লৈ দেশজুৰি প্ৰতিবাদো আৰম্ভ হৈছে । ইয়াৰ অংশস্বৰূপে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ) শনিবাৰে সমগ্ৰ দেশৰ চিকিৎসকসকলক ক'লা বেজ পিন্ধিবলৈ আহ্বান জনাইছে ।

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ প্ৰতিক্ৰিয়া :

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰি আই এম এই চিকিৎসালয় চৌহদৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে । আই এম এই কয়," আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভাগীয় ই-চেমিনাৰ কোঠাত কৰ্মৰত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছে । নিৰাপত্তা ক'ত ? চিচি টিভি ফুটেজ কিয় নাই ? এতিয়ালৈকে অপৰাধীক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই ।"

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আই এম এই কয়, "আমি হতবাক আৰু ভাগি পৰিছো । আমি সমগ্ৰ দেশৰ সকলো চিকিৎসকক সংহতি দেখুৱাবলৈ আজি ক'লা বেজ পিন্ধিবলৈ অনুৰোধ জনাইছো ।"

উল্লেখ্য যে মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থী (পি জি টি) চিকিৎসকগৰাকীৰ অৰ্ধ-নগ্ন মৃতদেহটো শুকুৰবাৰে হাস্পতালখনৰ চেমিনাৰ হলৰ ভিতৰত উদ্ধাৰ হৈছিল । ছেষ্ট মেডিচিন বিভাগৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীগৰাকী বৃহস্পতিবাৰে নিশা কৰ্তব্যৰত আছিল ।

ফেডাৰেচন অফ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েচন ইণ্ডিয়াৰ প্ৰতিক্ৰিয়া :

ইফালে, ফেডাৰেচন অফ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েচন ইণ্ডিয়াই (এফ অ' আৰ ডি এ) জঘন্য অপৰাধটোৰ তাৎক্ষণিক আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডালৈ লিখা এখন পত্ৰত এফ অ' আৰ ডি এৰ সভাপতি অৰবিন্দ মাথুৰে কয়, "পৰিস্থিতিটো সাধাৰণভাৱে ল'ব নোৱাৰি আৰু আমি সকলোৱে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় দিব লাগিব ।"

মাথুৰে কয়, "চিকিৎসালয়ৰ চেমিনাৰ হলত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ আমি উদ্বিগ্ন । আক্ৰমণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপিত হৈছে । এই হৃদয় বিদাৰক ঘটনাটোৱে সমগ্ৰ দেশৰ আমাৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা স্পষ্ট অভাৱ দেখুৱাইছে ।"

তেওঁ কয়, "অনুসন্ধানৰ প্ৰতিবেদনে স্পষ্টভাৱে নিশ্চিত কৰিছে যে আবাসী চিকিৎসকগৰাকীক একাধিক আক্ৰমণৰ সন্মুখীন হৈছিল আৰু ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল ।" এফ অ' আৰ ডি এয়ে তেওঁৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্বত থকা বৰ্তমানৰ চিকিৎসালয় প্ৰশাসকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । সংগঠনটোৱে স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ চৰকাৰক 'চিকিৎসকসকলৰ বাবে কেন্দ্ৰীয় সুৰক্ষা আইন' জৰুৰীভাৱে ৰূপায়ণ কৰিবলৈও আহ্বান জনাইছে ।

লগতে পঢ়ক :850 কোটি টকা মূল্যৰ কেলিফৰ্ণিয়ামসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী - Radioactive metal Californium