মুষলধাৰ বৰষুণৰ ফলত প্ৰাণ হেৰুৱালে ১০ জনে; কলকাতাত প্ৰৱল বৰষুণৰ সম্ভাৱনা
ভয়াৱহ বানৰ কবলত পশ্চিম বংগ । হাহাকাৰ লাগিছে লাখ লাখ জনতাৰ ।

Published : September 24, 2025 at 11:59 AM IST
কলকাতা: পশ্চিম বংগৰ ৰাজধানী চহৰ কলকাতাত এতিয়া বানৰ তাণ্ডৱ । ভয়াৱহ বানৰ কবলত পৰা পশ্চিম বংগৰ কিছু অংশ বিশেষকৈ ৰাজধানী কলকাতা আৰু ইয়াৰ আশে-পাশে হোৱা মুষলধাৰ বৰষুণৰ ফলত ইতিমধ্য়ে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে । মঙলবাৰে নিশা ৮:৩০ বজালৈকে বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ৮ জনৰ মৃত্যু হৈছে কেৱল ৰাজধানী চহৰখনতেই ।
উল্লেখ্য় যে কলকাতাত আটাইকেইজন লোকৰেই মৃত্য়ু হৈছে বিদ্যুৎস্পৃষ্ট হৈ । মহানগৰীৰ বিভিন্ন অঞ্চল পানীত ডুব যোৱাত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত এইলোক কেইজন মৃত্য়ুমুখত পৰে । এই দুৰ্ঘটনাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সঞ্জীৱ গোৱেংকাৰ মালিকানাধীন ব্যক্তিগত বিদ্যুৎ উৎপাদন সহ বিতৰণ কোম্পানী চি ই এছ চি লিমিটেডক দোষাৰোপ কৰিছে ।
Death toll in rain-related incidents in Bengal rises to 10, eight die in Kolkata alone (Lead)
— IANS (@ians_india) September 24, 2025
• Chief Minister Mamata Banerjee has blamed Sanjiv Goenka-owned private power generation-cum-distribution utility, CESC Ltd, for the mishaps and said the deaths could have been… pic.twitter.com/wnVZBXhap6
আনহাতে চি ই এছ চিৰ কাৰ্যবাহী সঞ্চালক (বিতৰণ সেৱা) অভিজিৎ ঘোষে এই সন্দৰ্ভত কয়,"বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা আঠজন লোক সন্দৰ্ভত পৰিচালনা সমিতিয়ে এক তদন্ত কৰিছে।" ঘোষে লগতে কয়, "তদন্তৰ অন্তত নিৰ্ণয় কৰা হৈছে যে আঠজনৰ মৃত্যু হৈছে ঘৰৰ ভিতৰত তাঁৰৰ সমস্যাৰ বাবে । দুজনৰ মৃত্যু হৈছে ষ্ট্ৰীটলাইটৰ খুঁটা স্পৰ্শ কৰাৰ বাবে, যিবোৰ সাধাৰণতে চি ই এছ চিয়ে ৰক্ষণাবেক্ষণ নকৰে । এটা ঘটনা সংঘটিত হৈছে চিগনেল কিয়স্কত। আমি ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ অধিক সজাগ হ'ম ।"
ইফালে, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰী আৰু বিজেপিৰ তথ্য আৰু পশ্চিম বংগৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাপতি অমিত মালব্য়ই মমতা বেনাৰ্জী চৰকাৰক এই মৃত্যুৰ বাবে জগৰীয়া কৰি কয়, "বতৰ বিভাগৰ আগতীয়া সতৰ্কবাণী আৰু এমাহ পূৰ্বে কলকাতাত প্ৰৱল বৰষুণৰ পূৰ্বাভাস যদি প্ৰশাসনে আওকাণ নকৰিলেহেঁতেন তেন্তে কলকাতাৰ ৰাজপথত পানী জমা হোৱা আৰু বানত ডুব যোৱা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ হোৱা বহু লোক মৃত্যুৰ পৰা হাত সাৰিব পৰা গ’লহেঁতেন ।"
বৰষুণৰ ফলত ৰে'ল আৰু মেট্ৰ’ সেৱা ব্যাহত হৈ পৰে । তদুপৰি কলকাতাৰ প্ৰায় প্ৰতিটো পথ ডুব যোৱাত যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে । ধাৰাসাৰ বৰষুণৰ ফলত কলকাতা আৰু ইয়াৰ উপকণ্ঠ বৃহৎ অঞ্চলতো বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰে ।
অভিলেখ বৰষুণ :
মুষলধাৰ বৰষুণত বহুকেইটা দুৰ্গা পূজাৰ মণ্ডপৰ ক্ষতিসাধন হৈছে । ফলত পূজাৰ আয়োজকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । কলকাতাৰ কেইবাটাও ঘৰ আৰু আৱাসিক কমপ্লেক্সত পানী সোমোৱাৰ লগতে মঙলবাৰে সন্ধিয়ালৈকে ৰাস্তা-ঘাট ডুব গৈ থাকে । কলকাতাৰ আলিপুৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত ৩৯ বছৰত ছয় ঘণ্টাৰ ভিতৰতে মহানগৰীত এনে বৰষুণ হোৱা নাছিল । বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ১ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ কলকাতাত ১৭৮.৯ মিলিমিটাৰ বৰষুণ হয়।
Kolkata, West Bengal: Continuous rainfall in the city have resulted in waterlogging pic.twitter.com/7p0Bzv1PIq
— IANS (@ians_india) September 24, 2025
বিগত ২২ দিনত বৰষুণৰ পৰিমাণ আছিল প্ৰায় ৩৫.৭ মিলিমিটাৰ । কলকাতাত ২৪ ঘণ্টাৰ গড় বৰষুণৰ পৰিমাণ আছিল ২৪৭.৪ মিলিমিটাৰ ! গভীৰ নিশাৰ পৰা পুৱালৈকে ছয় ঘন্টাত বৰষুণ বেছি হয় । কিছুমান ঠাইত ৩০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে । ইয়াৰ পূৰ্বে ১৯৭৮ আৰু ১৯৮৬ চনৰ ছেপ্টেম্বৰত কলকাতাত ২৫১ মিলিমিটাৰ বৰষুণ হৈছিল ।
উচ্চ ন্যায়ালয়ত উপস্থিত হ’ব নোৱাৰিলে কৰ্মচাৰী আৰু অধিবক্তা :
পানীৰ স্তৰ কমি নোযোৱালৈকে ছল্ট লেকৰ কোনো পথতে লাইট নজ্বলিল । মহানগৰীত পানী জমা হোৱা বাবে মঙলবাৰে কৰ্মচাৰী আৰু অধিবক্তা কলিকতা উচ্চ ন্যায়ালয়ত উপস্থিত হ’ব পৰা নাছিল । ফলত কোনো শুনানি হোৱা নাছিল । পুৱা ১০:৩০ বজাত পুনৰ আৰম্ভ হয় আদালত । অৱশ্যে আদালতৰ অধিকাংশ বিষয়া আৰু কৰ্মচাৰী পুৱাৰ পৰা অনুপস্থিত আছিল ।
অতি কম সংখ্যক অধিবক্তাই আদালতত উপস্থিত হৈছিল, যাৰ ফলত ন্যায়াধীশসকলে গোচৰৰ শুনানি নোলোৱাকৈয়ে গুচি যাবলৈ বাধ্য হয় । অৱশ্যে উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সৌমেন সেনে দুই এটা গোচৰৰ শুনানি গ্ৰহণ কৰে।
৬০খনতকৈও অধিক বিমান বাতিল :
কলকাতাত নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ বিমানবন্দৰত ৬০খনতকৈও অধিক বিমান বাতিল কৰা হয় । আনহাতে ৪২খন বিমান পলম হয় । বিমানবন্দৰৰ বিষয়াসকলৰ মতে, ৩০খন আগমন বিমান আৰু ৩২খন প্ৰস্থান বিমান বাতিল কৰা হৈছে । ইফালে, মহানগৰীৰ বিমানবন্দৰত প্ৰায় ১১খন আগমন আৰু ৩১খন বিমান যাত্ৰা পলম হয়।
কলকাতাত নিশা অবিৰত বৰষুণৰ ফলত মঙলবাৰৰ বাবে নিৰ্ধাৰিত সকলো অনুষ্ঠান বাতিল কৰা হয় । আজি শাসকীয় তৃণমূল কংগ্ৰেছে কোনো অনুষ্ঠান অনুষ্ঠিত কৰা নাই । মহানগৰীত অভিলেখ সৃষ্টি হোৱা বৰষুণৰ পিছত মঙলবাৰে দুৰ্গা পূজা মণ্ডপ উদ্বোধন নকৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । যদিহে পৰিস্থিতি স্বাভাৱিক হৈ থাকে তেন্তে বুধবাৰৰ পৰা পুনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিব মুখ্য়মন্ত্ৰীয়ে ।
কলকাতাত প্ৰৱল বৰষুণৰ সম্ভাৱনা :
দক্ষিণ বংগ আৰু কলকাতাৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকা বাবে বতৰ বিভাগে আগন্তুক দিনত অধিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে । কে এম চিৰ তথ্য অনুসৰি মহানগৰীৰ দক্ষিণ আৰু পূব অঞ্চলত বৰষুণৰ তীব্ৰতা অধিক হোৱাৰ লগতে গৰিয়া কামদাহাৰীত কেইঘণ্টামানৰ ভিতৰতে ৩৩২ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে যোধপুৰ পাৰ্কত ২৮৫ মিলিমিটাৰ বৰষুণৰ ৰেকৰ্ড কৰা হৈছে।
ইফালে, দক্ষিণ ২৪খন পৰগনা আৰু উত্তৰ ২৪খন পৰগনা জিলাত এজনকৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । মহানগৰীলৈ বিদ্যুৎ যোগান ধৰা কলিকতা বিদ্যুৎ যোগান নিগমে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ৰোধৰ বাবে কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে । মহানগৰীৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পানী প্ৰৱেশ কৰে।

