মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা: অনিৰ্দিষ্টকাললৈ দেশজুৰি বন্ধ বহিৰ্বিভাগীয় স্বাস্থ্য সেৱা - RG Kar Medical College rape case
Kolkata doctor rape-murder case: কৰ্মৰত অৱস্থাত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাতৰ অন্তত FORDA ৰ ধৰ্মঘটৰ সামৰণি ৷ বিপৰীতে AIIMS, FAIMA য়ে অব্যাহত ৰাখিব আন্দোলন ৷

By ANI
Published : August 14, 2024 at 10:29 AM IST
নেশ্যনেল ডেস্ক, 14 আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে প্ৰতিবাদী চিকিৎসকসকলৰ দাবী মানি লোৱাৰ পিচতে এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত ফেডাৰেচন অৱ ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েশ্যনে চলাই থকা ধৰ্মঘট কাৰ্যসূচী বাতিল কৰিছে ।
অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ এইমছ, ইন্দিৰা গান্ধী হাস্পতাল আৰু ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েশ্যন(FAIMA) কে ধৰি অন্যান্য প্ৰশিক্ষাৰ্থী চিকিৎসক সন্থাৰ চিকিৎসকসকলে মঙলবাৰে কয় যে, চিকিৎসা কৰ্মীৰ ওপৰত আক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় আইন প্ৰণয়ন নোহোৱালৈকে আৰু এটা সুনিৰ্দিষ্ট সমাধান নোপোৱা পৰ্যন্ত তেওঁলোকৰ এই আন্দোলন অব্যাহত থাকিব ।
মঙলবাৰৰ নিশা FORDA ৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ সৈতে তেওঁৰ বাসগৃহত এক বৈঠকত মিলিত হয় । বুধবাৰৰ পুৱাৰে পৰা কাৰ্যকৰী হোৱাকৈ ধৰ্মঘটৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ৰোগীৰ কল্যাণৰ স্বাৰ্থত লোৱা বুলি সন্থাই জানিবলৈ দিয়ে ।
FORDA ই এক বিবৃতিযোগে কয়, "বৈঠকৰ এটা প্ৰধান ফলাফল হ’ল- স্বাস্থ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সুৰক্ষা আইনখনৰ ওপৰত কাম কৰিবলৈ FORDA ৰ জৰিয়তে এখন কমিটী গঠন কৰিবলৈ সন্মত হোৱা । পৰৱৰ্তী 15 দিনৰ ভিতৰত ইয়াৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰালয়ে আশ্বাস দিছে ।
বিবৃতিটোত কোৱা হৈছে যে, "কমিটীখনে এই আইনখন সময়মতে ৰূপায়ণৰ ওপৰত গুৰুত্ব দিব ৷ যাৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱা কৰ্মীসকলৰ বাবে সুৰক্ষিত কৰ্ম পৰিৱেশ নিশ্চিত কৰা । এই পদক্ষেপৰ বাবে পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত বৈঠক আৰম্ভ হ'ব ৷ য'ত অংশগ্ৰহণ কৰিবলৈ FORDA ই এটা প্ৰতিনিধি দল গঠন কৰিব ।" এইক্ষেত্ৰত শীঘ্ৰে স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা আনুষ্ঠানিক নিৰ্দেশনা পোৱাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে ।
বিবৃতি অনুসৰি আলোচনাৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছিল- কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা কৰুণ ঘটনাৰ তদন্ত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো(চি বি আই)ৰ হাতত অৰ্পণৰ সিদ্ধান্ত ।
চি বি আইৰ তদন্তৰ উপৰিও ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে(এন এম চি) স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত নিৰাপত্তা বৃদ্ধিৰ বাবে সংস্থাটোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি প্ৰয়োগৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ(এছ অ’ পি) স্থাপন কৰিছে ৷
FORDA য়ে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে, ধৰ্মঘট আনুষ্ঠানিকভাৱে বাতিল কৰাৰ লগে লগে সমগ্ৰ দেশৰ প্ৰশিক্ষাৰ্থী চিকিৎসকসকলে তৎক্ষণাত নিজৰ কৰ্তব্য আৰম্ভ কৰাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ বাবে এক প্ৰত্যাহ্বানমূলক সময়ৰ অন্ত পৰিব ।
ইফালে, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ(এইমছ) ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক ডাঃ ৰগুনন্দন দীক্ষিতে কয় যে, “বিদেশী নাগৰিক, পৃষ্ঠপোষকতাপ্ৰাপ্ত প্ৰাৰ্থী, ফেল’, আৰু স্নাতককে ধৰি এইমছৰ প্ৰশিক্ষাৰ্থী চিকিৎসকসকলে কেন্দ্ৰীয় সুৰক্ষা আইন কাৰ্যকৰী কৰাৰ বাবে লিখিত নিশ্চয়তা প্ৰদান নকৰালৈকে, তদন্তৰ বাকী থকা অৱস্থাত প্ৰাক্তন অধ্যক্ষক নিলম্বন কৰা আৰু অন্যান্য দাবী পূৰণৰ বাবে অনিৰ্দিষ্টকালীন ধৰ্মঘট পালন কৰিব ।" বুধবাৰেও এই ধৰ্মঘট অব্যাহত থাকিব বুলি FAIMA ই কয় ।
FAIMA কয়, "এতিয়ালৈকে আমি কোনো সুনিৰ্দিষ্ট সমাধান পোৱা নাই, গতিকে বুধবাৰেও অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰাখিম । অ’পিডি, অ’টি আৰু ৱাৰ্ড বন্ধ থাকিব । ইন্দিৰা গান্ধী হাস্পতালৰ ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েশ্যনে কয় যে, তেওঁলোকে FAIMA ক সমৰ্থন কৰে আৰু ‘আমাৰ সকলো দাবী পূৰণ’ নোহোৱালৈকে ধৰ্মঘট অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছো ।"
ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ জুনিয়ৰ ডাক্তৰ নেটৱৰ্কৰ স্বাস্থ্য কৰ্মী তথা ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ডাঃ ধ্ৰুৱ চৌহানে FORDA ক এই আন্দোলন বন্ধ কৰাৰ বাবে সমালোচনা কৰে । সংবাদ মাধ্যমৰ আগত চৌহানে কয়, "FORDA ই ধৰ্মঘট বাতিল কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰা উচিত, কিয়নো গৰিষ্ঠসংখ্যকে এই সিদ্ধান্ত বিৰোধিতা কৰিছে । কেন্দ্ৰীয় চিকিৎসালয়সমূহে ধৰ্মঘট অব্যাহত ৰাখিব আৰু FAIMA অটল হৈ আছে ।"
তেওঁ লগতে কয়, "এতিয়া ধৰ্মঘট বন্ধ কৰাৰ অৰ্থ হ'ব যে চিকিৎসকগৰাকীয়ে হয়তো কেতিয়াও ন্যায় নাপাব । এই আন্দোলন এটা গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে আৰু ইয়াক এৰি দিলে ইয়াৰ দিশ হেৰুওৱাৰ আশংকা আছে ৷ একে ধৰণৰ কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আশংকা আছে ।"
উল্লেখ্য যে, সোমবাৰে পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাতে এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতে দিল্লীৰ কেইবাখনো চৰকাৰী চিকিৎসালয়ে গ্ৰহণ কৰে অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট কাৰ্যসূচী । FORDA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েশ্যনে চিকিৎসালয়সমূহত আনুষংগিক সেৱা বন্ধ কৰাৰ বাবে সিদ্ধান্ত লয় ।

