পাটনা: মহান শাসক সম্রাট অশোকক ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী শাসক হিচাপে আখ্য়া দিয়া হয়। সম্রাট অশোক মৌৰ্য বংশৰ তৃতীয় শাসক আছিল । তেওঁ ২৬৯ খ্ৰীষ্টপূৰ্বৰ পৰা ২৩২ খ্ৰীষ্টপূৰ্বলৈ শাসন কৰিছিল ।
সম্রাট অশোকৰ শাসন :
পুৰাতাত্ত্বিক ইতিহাস অনুসৰি সম্রাট অশোকক দেশৰ সৱাতোকৈ শক্তিশালী আৰু চক্রৱৰ্তী ৰজাসকলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয় । মৌর্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ বিন্ধুসাৰৰ পুত্ৰ সম্রাট আছিল অশোক । অশোকৰ জন্ম খ্ৰীষ্টপূৰ্ব ৩০৪ চনত হৈছিল । তেওঁৰ পিতৃ বিন্ধুসাৰৰ মৃত্যুৰ পাছত খ্ৰীষ্টপূৰ্ব ২৬৯ চনত বিন্ধুসাৰৰ উত্তৰাধিকাৰী সূত্ৰে ৰজা হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল ।

কেতিয়াও শুকাই নোযোৱা আগম কুঁৱা :
এই ৰহস্যময় আগম কুঁৱাৰ বিষয়ে কোৱা হয় যে সম্ৰাট অশোকৰ শাসনৰ সময়ত এই কুঁৱাটোৰ খনন কৰা হৈছিল । ইয়াৰ পানী কেতিয়াও শুকাই নাযায় বুলি বিশ্বাস কৰি অহা হৈছে । দেশত বহুবাৰ অকাল অৱস্থাৰ সৃষ্টি হৈছিল যদিও সেই সময়তো এই কুঁৱাটোৰ পানী কেতিয়াও শুকাই যোৱা নাছিল । এই কুঁৱাটো আৱিষ্কাৰ কৰিছিল ব্ৰিটিছ আৱিষ্কাৰক লৰেন্স ৱাডেলে ।
কুঁৱাৰ অশোককালীন ইতিহাস :
এই কুঁৱাটোৰ বিষয়ে বিভিন্ন কথা প্ৰচলিত হৈ আহিছে । ইয়াৰ ইতিহাসৰ বিষয়ে মানুহৰ মাজত চৰ্চা হৈ আহিছে যে সম্ৰাট অশোকে নিজৰ ৯৯ গৰাকী ভাই আৰু আত্মীয়ক হত্যা কৰি এই কুঁৱাটোত তেওঁলোকৰ মৃতদেহবোৰ পেলাই দিছিল । এই বিষয়ে সিংহলী ইতিহাসত উল্লেখ কৰা হৈছে । অৱশ্য়ে এই বিৱৰণৰ কোনো ঐতিহাসিক তথ্য় এতিয়ালৈকে পোৱা নাই ।

ধৰ্মীয় স্থলত আছে এই কুঁৱা :
আগম কুঁৱাৰ ওচৰতেই আছে মাতা শীতলা মন্দিৰ । শীতলা মাতা মন্দিৰ সম্পৰ্কে কোৱা হয় যে এইটো পাটনা নগৰৰ আটাইতকৈ প্ৰাচীন মন্দিৰ । শীতলা মাতা মন্দিৰত পূজা কৰাৰ সন্দৰ্ভত কোৱা হয় যে যি কোনো ভক্তই ইয়াত সেৱা কৰিলে মনোকামনা পূৰণ হয় । শীতলা মাতাৰ পূজাৰ বাবে এই কুঁৱাৰ পানী ব্যৱহাৰ কৰা হয় । এই কুঁৱাৰ বিষয়ে কোৱা হয় যে যদিহে ভক্তই ইয়াত পূজা কৰে তেওঁলোকৰ মনৰ আশা পূৰণ হয় । লোকৰ মাজত এই ধাৰণাও আছে যে কুঁৱাৰ পানীয়ে শৰীৰৰ প্ৰতিটো ৰোগ নিৰাময় কৰিব পাৰে ।
আগম কুঁৱাৰ ইতিহাস :
ইতিহাসবিদ অধ্য়াপক আদিত্য নাৰায়ণ ঝাই কয় যে সম্ৰাট অশোকৰ বিষয়ে সিংহলী সাহিত্যত যি লিখা হৈছে সেই অনুসৰি সম্ৰাট অশোকেই তেওঁৰ ৰাজপাট নিশ্চিত কৰাৰ বাবে নিজৰ ৯৯ ভাতৃ আৰু সকলো সম্পৰ্কীয় ব্যক্তিৰ হত্যা কৰাই এটা কুঁৱাত তেওঁলোকৰ মৃতদেহ পেলাই দিছিল । পাটনা চহৰ এলেকাত মাতা শীতলা মন্দিৰৰ প্ৰাঙ্গনৰ আগম কুঁৱাকে তাৰ চিহ্ন হিচাপে গণ্য় কৰা হৈছে । আগম কুঁৱাৰ বিষয়ে সাহিত্যত উল্লেখ কৰা মতে, সম্ৰাট অশোকৰ মৃত্যুৰ প্ৰায় ৪০০ বছৰ পিছৰ ইয়াৰ কথা ইতিহাসত পঢ়িবলৈ পোৱা যায় । অশোকৰ সমকালীন বা তেওঁৰ মৃত্যুৰ কিছু দিনৰ পিছত যি ঐতিহাসিক পুথি লিখা হৈছিল তাত এনে ধৰণৰ বিষয়ৰ উল্লেখ নাই।

ইতিহাসবিদ অধ্য়াপক আদিত্য নাৰায়ণ ঝাই কয় "অশোক তেওঁৰ শিলালিপিৰ বাবে জনাজাত; কিন্তু তেওঁৰ দ্বাৰা লিখা কোনো শিলালিপিত আগম কুঁৱাৰ বিষয়ে লিখা সাহিত্যৰ কথা উল্লেখ কৰা নাই । কিন্তু বৌদ্ধ ধৰ্ম সম্পৰ্কে শ্ৰীলংকাৰ সিংহলী সাহিত্যত নিশ্চিতভাৱে বৰ্ণনা কৰা হৈছে যে সম্ৰাট অশোকে তেওঁৰ ভাতৃসকলক হত্যা কৰিছিল আৰু তেওঁলোকৰ মৃতদেহ এটা কুঁৱাত পেলাই দিছিল । লোক ইতিহাসত সম্ৰাট অশোকৰ এই ৰূপটো মানুহে জানে ।
আগম কুঁৱাৰ ঐতিহাসিক সাক্ষী :
সম্ৰাট আশোকৰ নিষ্ঠুৰ শাসকৰ ৰূপত থকা ঐতিহাসিক প্ৰমাণ সন্দর্ভত অধ্য়াপক আদিত্য নাৰায়ণ ঝাই কয়, "আগম কুঁৱাৰ বিষয়ে কোৱা হয় যে এই কুঁৱাতেই অশোকৰ ৯৯ ভাতৃ আৰু আত্মীয়ক হত্যা কৰি মৃতদেহ পেলাই দিয়া হৈছিল; কিন্তু ইয়াৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নগ'ল । ইতিহাসত কাহিনী, লোক কাহিনী চৰ্চা হৈ আহিছে আৰু আধুনিক ইতিহাসত আগম কুঁৱাক মানুহে এই ৰূপত জানিছে । আগম কুঁৱা কিমান পুৰণি তাকলৈ যেতিয়া পুৰাতত্ত্ব বিভাগে কুমহৰাৰ আৰু তাৰ চাৰিওদিশৰ অঞ্চলত খনন কৰাইছিল, তেতিয়া উল্লেখ কৰা হৈছিল যে এইটো মৌৰ্যকালীন কুঁৱা । শীতলা মাতাৰ মন্দিৰক পাটনাৰ আটাইতকৈ পুৰণি মন্দিৰ বুলি গণ্য কৰা হৈছে ।"
কলিংগ যুদ্ধৰ পৰা মন পৰিৱৰ্তন :
আদিত্য নাৰায়ণ ঝাই লগতে কয় যে সম্রাট অশোকৰ শিলালিপিত উল্লেখ আছে যে কলিংগ যুদ্ধ ২৬১ খ্ৰীষ্টপূৰ্বত হৈছিল । সেই যুদ্ধত ব্যাপক সংখ্যক নৰসংহাৰ হৈছিল, লাখ লাখ সাধাৰণ মানুহ মৰিছিল । কলিংগ যুদ্ধ কেৱল দুই ৰাজ্যৰ যুদ্ধ নহয়, বৰঞ্চ এইটো প্ৰথম নৰসংহাৰ আছিল । এই যুদ্ধৰ পাছত অশোকৰ মনৰ পৰিৱৰ্তন হয় । এইধৰণৰ ইতিহাস অজাতশত্রুৰ সময়তো হৈছিল,যেতিয়া তেওঁ বৈশালীত আক্ৰমণ কৰিছিল আৰু আক্ৰমণৰ পাছত তেওঁৰো মনৰ পৰিৱৰ্তন হৈছিল । এইধৰণৰ ঘটনা সম্রাট অশোকৰ সময়তো হৈছিল,যাৰ প্ৰমাণ অশোকাবদান সাহিত্যত পঢ়িবলৈ পোৱা যায় ।
জাতীয় গৌৰৱৰ প্ৰতীক :
ইতিহাসবিদৰ মতে, সম্রাট অশোক ভাৰতীয় ইতিহাসৰ গৌৰৱৰ প্ৰতীক । তেওঁ দ্বাৰা চলোৱা ধৰ্মৰ নীতিৰ দ্বাৰা কেৱল ভাৰততে নহয়, ভাৰতৰ বাহিৰতো শান্তিৰ বাৰ্তা প্রদান কৰা হৈছে । এইবোৰৰ কাৰণেই ইতিহাসৰ পৃষ্ঠাসমূহত তেওঁক দয়ালু ৰজা হিচাপে জনা যায়।
শৈৱৰ পৰা বৌদ্ধ হ'ল আশোক :
আদিত্য নাৰায়ণ ঝাই কয় যে যে কলিংগ যুদ্ধৰ পূৰ্বে অশোক শৈৱ মতবাদ অনুসৰণকাৰী শাসক আছিল, কিন্তু কলিংগ যুদ্ধৰ পিছত তেওঁ শান্তিৰ প্ৰতীক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল । ইয়াৰ পিছত তেওঁ অহিংসাৰ পথৰ অন্বেষণ কৰি অহিংসাৰ বাণী বিশ্ববাসীৰ মাজত বিলাই দিছিল ।