ETV Bharat / bharat

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মুখ খুলিলে; উগ্ৰপন্থীক কঠোৰ হাতেৰে দমনৰ আশ্বাস

সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী নিৰীহ লোকক হত্যা কৰিছিল । ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ।

Manipur crisis
৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং (ANI)
author img

By PTI

Published : November 20, 2024 at 2:20 PM IST

3 Min Read
Choose ETV Bharat

ইম্ফল : মণিপুৰত হিংসা অব্যাহত আছে । যোৱা সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল । সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোক লৈ শোক প্ৰকাশ কৰে আৰু দৃঢ়তাৰে কয় যে অপৰাধীসকলক ৰেহাই দিয়া নহ'ব । অপৰাধীক শাস্তি নিদিয়ালৈ চৰকাৰ বহি নাথাকে । তেওঁ কয় যে ৩ গৰাকী মহিলা আৰু ৩ টা শিশুৰ হত্যাকাৰীক বিচাৰি অনুসন্ধান চলি আছে ।

মুখ্যমন্ত্ৰীৰ গৰিহণা

মুখ্যমন্ত্ৰী সিঙে বুধবাৰে নিশা এক্সত শ্বেয়াৰ কৰা এটা ভিডিঅ' বাৰ্তাত কয়, "জিৰিবামত বন্দী অৱস্থাত কুকি সন্ত্ৰাসবাদীৰ দ্বাৰা ৩ টা নিৰীহ শিশু আৰু ৩ গৰাকী নিৰীহ মহিলাৰ ভয়ংকৰ হত্যাকাণ্ডক গৰিহণা দিছো ।" মুখ্যমন্ত্ৰীয়ে লগতে কয়, "এনে বৰ্বৰ আক্ৰমণে সভ্য সমাজত কোনো স্থান নাপায় । মই আপোনালোকক আশ্বাস দিছো যে এই উগ্ৰপন্থীসকলক বিচাৰি অভিযান বৰ্তমান চলি আছে আৰু তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰা হ'ব । অমানৱীয় কাৰ্যৰ বাবে তেওঁলোকক শাস্তি প্ৰদান নকৰালৈ আমি ক্ষান্ত নহওঁ ।"

মণিপুৰৰ আশ্ৰয় শিবিৰত আক্ৰমণ

উল্লেখ্য যে উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ পিছত জিৰিবামৰ এটা শিবিৰৰ পৰা ১১ নৱেম্বৰৰ পৰা এই ৬ গৰাকী লোক সন্ধানহীন হৈ আছিল । ইফালে সিঙে জিৰিবামত দ্ৰুত পদক্ষেপৰ বাবে চিআৰপিএফকো ধন্যবাদ জ্ঞাপন কৰে আৰু দৃঢ়তাৰে কয় যে তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি থকা প্ৰতিশ্ৰুতিয়ে জিৰিবামৰ বড়োবেক্ৰাত আশ্ৰয় শিবিৰত বাস কৰা শ শ লোকৰ জীৱন ৰক্ষা পৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰায় ৪০ ৰ পৰা ৫০ জনীয়া সশস্ত্ৰ উগ্ৰপন্থীয়ে বড়োবেক্ৰাৰ এটা আশ্ৰয় শিবিৰত আক্ৰমণ চলাইছিল আৰু জিৰিবামৰ এখন আৰক্ষী থানাক লক্ষ্য কৰি লৈছিল । তেওঁলোকৰ লক্ষ্য আছিল আতংকৰ সৃষ্টি কৰা ।"

চিআৰপিএফক কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ

তেওঁ লগতে কয়, "অৱশ্যে তাত নিয়োজিত চিআৰপিএফ জোৱানসকলৰ তাৎক্ষণিক আৰু নিৰ্ণায়ক সঁহাৰিৰ বাবে আক্ৰমণ প্ৰতিহত কৰা হয় আৰু তেওঁলোকৰ দ্ৰুত পদক্ষেপৰ বাবে ১০ টা উগ্ৰপন্থী ঘটনাস্থলীতে নিহত হয় আৰু শিবিৰৰ শ শ নিৰীহ লোকৰ প্ৰাণ ৰক্ষা পৰে । মই চিআৰপিএফ আৰু ৰাজ্যিক বাহিনীক তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যিক আৰক্ষী বাহিনীৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ চিএপিএফৰ ২০ টা কোম্পানী প্ৰেৰণ কৰিছে আৰু নিৰাপত্তা শক্তিশালী কৰিবলৈ আৰু শান্তি পুনৰুদ্ধাৰ কৰিবলৈ অতিৰিক্ত ৫০ টা কোম্পানী প্ৰেৰণ কৰা হৈছে ।

মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, " যি সম্প্ৰদায়ৰে নহওঁক আমি আমাৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাম । আহক আমি সকলোৱে এনে বৰ্বৰ হিংসাক কঠোৰ ভাষাৰে গৰিহণা দিওঁ । মহিলা আৰু শিশুৰ হত্যা কেতিয়াও ন্যায়সঙ্গত হ'ব নোৱাৰে । আমি একেলগে অধিক শান্তিপূৰ্ণ ভৱিষ্যতৰ দিশত কাম কৰো আহক ।"

লগতে পঢ়ক :মণিপুৰৰ হিংসা: গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ