ETV Bharat / bharat

দেখাত হুবহু, চাল-চলনো একেই ! চাৰি যমজ ভ্ৰাতৃক লৈ বিদ্যালয়ৰ শিক্ষাগুৰু বিভ্ৰান্ত হোৱাটো খাটাং - KERALA QUADRUPLETS

সচৰাচৰ চাৰি যমজ সন্মান বিৰল । কিন্তু সেই ৪ সন্তানে যেতিয়া একেলগে বিদ্যালয়লৈ যাব সেয়া কিমান আকৰ্ষণীয় হ'ব ভাবকচোন ।

The quadruplets - Ayan Adam, Azan Adam, Aisin Adam and Aswin Adam
আয়ান, আজান, আইছিন আৰু আছৱিনৰ শিক্ষাজীৱন আৰম্ভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 3:11 PM IST

3 Min Read

পালাক্কাড: কেৰালাৰ চাৰি যমজ সন্তানে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । একেলগে জন্ম হোৱা ৪ সন্তানে শৈক্ষিক জীৱনৰ প্ৰথম দিনটোত বিদ্যালয়লৈ খোজকাঢ়ি যোৱা দৃশ্যটো আছিল সকলোৰে বাবে কৌতূহলপূৰ্ণ । চাৰি যমজ সন্তান ক্ৰমে আয়ান আদাম, আজান আদাম, আইছিন আদাম আৰু আছৱিন আদামে শৈক্ষিক জীৱনৰ প্ৰথম দিনটোত হাতে হাত ধৰি চালাভাৰা ক্ৰেচেণ্ট পাব্লিক স্কুলত সোমাই গৈছে । এই দৃশ্যটোৱে কেৱল পিতৃ-মাতৃয়েই নহয়, শিক্ষক আৰু বিদ্যালয়ৰ সতীৰ্থসকলকো আনন্দিত কৰিছে । ৪ যমজ সন্তান সচৰাচৰ বিৰল আৰু তেওঁলোকে একেলগে জীৱনৰ এক গুৰুত্বপূৰ্ণ যাত্ৰা আৰম্ভ কৰাটোও সমানেই আকৰ্ষণীয় ।

কেৰালাৰ পালাক্কাড জিলাৰ চালাভাৰাৰ মহম্মদ মুস্তাফা আৰু মুবীনাৰ ঘৰত জন্মগ্ৰহণ কৰা এই ৪ সন্তান জন্মৰ পৰাই জীৱনৰ প্ৰতিটো ক্ষণ একেলগে পাৰ কৰিছে আৰু এতিয়া স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহ'ল ।

উল্লেখ্য যে পেৰিন্থালমন্নাৰ মৌলানা হাস্পতালৰ চিকিৎসক এ কে জয়চন্দ্ৰনে মুবীনাৰ অতি বিপদাশংকাপূৰ্ণ গৰ্ভাৱস্থাৰ তদাৰক কৰিছিল আৰু সফল প্ৰসৱত অৰিহণা যোগাইছিল । আনহাতে আটাইকেইগৰাকী শিশুৰ স্মৰণীয় দিনটোত চিকিৎসকগৰাকীও বিদ্যালয়ত উপস্থিত আছিল । এই বিশেষ মুহূৰ্তত ডাঃ এ কে জয়চন্দ্ৰনে কয়, "এবাৰ প্ৰসৱত চাৰিটা সন্তান জন্ম হোৱা আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ প্ৰত্যাহ্বান পাইছিলো । তেওঁলোকৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ মুহূৰ্ত প্ৰত্যক্ষ কৰাটো এক সৌভাগ্যৰ কথা ।"

ইফালে চাৰি যমজ সন্তানে একেলগে শিক্ষা জীৱন আৰম্ভ কৰাৰ এই মুহূৰ্ত মাতৃ মুবীনাৰ বাবেও আচৰিত আছিল । তেওঁৰ সুখ মুখৰ হাঁহিত স্পষ্ট হৈ পৰিছিল । তেওঁ কয়,"চাৰিটা সন্তানৰ ওপৰত নজৰ ৰখাটো বৰ কঠিন । কিন্তু সিহঁতৰ খোজবোৰে অতি আনন্দ দিয়ে ।" একে বয়সৰ চাৰিটা সন্তানক চম্ভালি থকা পিতৃ-মাতৃৰ বাবে তেওঁলোকক সমানে গুৰুত্ব দিয়াটো প্ৰত্যাহ্বানজনক ।

৪ সন্তানে একেলগে শিক্ষাজীৱন আৰম্ভ কৰিব । এই বিশেষ মুহূৰ্তৰ সাক্ষী হ'বলৈ বিদেশৰ পৰা ঘৰত উপস্থিত হৈছে পিতৃ মহম্মদ মুস্তাফা । কেৱল এয়াই নহয়, তেওঁলোকৰ ককাক আৰু আইতাকেও এই বিশেষ মুহূৰ্তত বিদ্যালয়ত উপস্থিত হৈছে ।

বিদ্যালয়ৰ অধ্যক্ষৰ বাবেও ৪ ভাতৃয়ে একেলগে শিক্ষাজীৱন আৰম্ভ কৰা মুহূৰ্তটো কৌতূহলপূৰ্ণ আছিল । অধ্যক্ষ কে টি প্ৰচীথাই কয়, "মই কৌতুহলৰে সিহঁতৰ আগমন প্ৰত্যক্ষ কৰি আছিলো ।"

উল্লেখ্য যে ৪ যমজ সন্তানে এল কে জি শ্ৰেণীত নামভৰ্তি কৰিছে । তেওঁলোক স্কুলৰ সহপাঠী আৰু কৰ্মচাৰীৰ মাজতো জনপ্ৰিয় হৈ পৰিছে । অৱশ্যে তেওঁলোক যিহেতু দেখিবলৈ প্ৰায় একে সেয়েহে, নামক লৈও প্ৰথম অৱস্থাত বিভ্ৰান্ত হোৱাটো নিশ্চিত । শিক্ষকসকলৰ বাবে ই প্ৰত্যাহ্বানমূলক হ'ব বুলি আশা কৰা হৈছে । শৈক্ষিক ক্ষেত্ৰত তেওঁলোকক সমতাত ৰখাটো আন এক প্ৰত্যাহ্বান হ'ব । স্কুলীয়া শিক্ষাতে সকলো শেষ নহয় । কিয়নো ক্ৰীড়া আৰু পাঠ্যক্ৰমৰ বাহিৰতো প্ৰতিটো শিশুৰ নিজস্ব প্ৰতিভা আৰু ক্ষমতা থাকিব, যি লক্ষণীয় হ'ব ।

লগতে পঢ়ক :মা কামাখ্যা মন্দিৰক লৈ উচটনিমূলক কণ্টেণ্ট প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৱাজাহাট খান - WAJAHAT KHAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.