শ্ৰীনগৰ: এমাহৰ আগতে শ্ৰীনগৰৰ নিশাত, শালিমাৰ, হৰৱানৰ দৰে মোগল গাৰ্ডেনসমূহত পৰ্যটকৰ অভাৱনীয় ভিৰ দেখা গৈছিল ৷ কিন্তু আজি এই বাগিচাবোৰত পৰ্যটকৰ সংখ্যা নিচেই কম । ডাল হ্ৰদৰ পাৰত আৰু জাবৰৱান পাহাৰৰ পাদদেশত অৱস্থিত নিশাত গাৰ্ডেনত পূৰ্বে প্ৰতিদিনে ১০-২০ হাজাৰ পৰ্যটকে ভিৰ কৰিছিল যদিও পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পৰ্যটকৰ সংখ্যা আঙুলিৰ মূৰত লেখিবপৰা বিধৰ হৈছে ৷
পৰ্যটকৰ অভাৱৰ বাবে বাগিচাখন নিৰ্জনতাৰে গহীন হৈ পৰিছে ৷ পূৰ্বে শতাধিক পৰ্যটকে আহি বাগিচাখনৰ সুন্দৰ দৃশ্যসমূহৰ ফটো তুলিছিল ৷ বহু পৰ্যটকে স্থানীয় সাজপাৰ পৰিধান কৰিও স্মৃতিবোৰ ধৰি ৰাখিবলৈ ফটো উঠিছিল ৷ পিছে এতিয়া পৰ্যটকৰ অভাৱত তাত কাম কৰি থকা লোকসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি নামি আহিছে ৷

চলিত বৰ্ষৰ প্ৰথম তিনিমাহত ১০,৪২৭ গৰাকী বিদেশী পৰ্যটককে ধৰি মুঠ ৫ লাখৰো অধিক পৰ্যটকে কাশ্মীৰ ভ্ৰমণ কৰিছিল ।পহলগামৰ বৈছাৰণ অঞ্চলত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা পৰ্যটন উদ্যোগত নেতিবাচক প্ৰভাৱ পৰিছে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে ।
পৰ্যটকসকলে কেৱল তেওঁলোকৰ আগতীয়া বুকিং বাতিল কৰাই নহয়, ৰাজ্যখনলৈ অহা পৰ্যটকসকলে ভ্ৰমণ সামৰি ঘৰলৈ উভতি যোৱাটোকে পছন্দ কৰিছে । পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই এমাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনলৈ ঘূৰি অহা নাই পূৰ্বৰ পৰিৱেশ ৷

কাশ্মীৰ ভ্ৰমণ কৰা অন্ধ্ৰপ্ৰদেশৰ এটি পৰিয়ালে কয় ‘‘যদিও আমি দুমাহ পূৰ্বে কাশ্মীৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছিলো, তথাপিও পহলগাম কাণ্ডৰ পিছতো আমি আমাৰ ভ্ৰমণ বাতিল কৰা নাছিলো । ইয়াৰ পৰ্যটনস্থলী বিশেষকৈ মোগল উদ্যানত অতি কম সংখ্যক পৰ্যটক দেখা পাই আমি হতাশ হৈছিলো ৷ কাৰণ পৰ্যটকৰ উপস্থিতিয়ে এই ঠাইবোৰৰ সৌন্দৰ্য দুগুণ কৰি তুলিছিল ।’’
মোগল গাৰ্ডেনৰ দৰেই কাশ্মীৰ উপত্যকাৰ অন্যান্য পৰ্যটনস্থলীকো নিস্তব্ধতাই আৱৰি ধৰিছে । বিখ্যাত চহৰ দল দলকে, পহলগাম, গুলমাৰ্গ, দুধপথৰী আদিতো দেখা গৈছে একেধৰণৰ দৃশ্য ৷

প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰা লাছিয়াই কয় ‘‘পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পৰ্যটকসকলে ইয়ালৈ অহাৰ পৰা বিৰত আছে ৷ তেওঁলোকে ভয় অনুভৱ কৰিছে যদিও ইয়ালৈ অহাৰ পিছত মোৰ তেনেকুৱা একো অনুভৱ হোৱা নাছিল । পৰ্যটকসকলক কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো । কাশ্মীৰৰ বতৰটো কেৱল সুখদায়কে নহয়, ইয়াৰ সৌন্দৰ্যও অতি আকৰ্ষণীয় ।’’
অৱশ্যে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকল আশাবাদী যে আগন্তুক সময়ত পৰ্যটকসকলে পূৰ্বৰ দৰেই কাশ্মীৰ ভ্ৰমণ কৰিব ৷
লগতে পঢ়ক: RDXৰ সহায়ত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি, কেৰালাৰ পৰা আহিছে এই ই-মেইল, ৩ ঘণ্টা ধৰি চলিল অনুসন্ধান