ETV Bharat / bharat

ভাৰতীয় সামগ্ৰীত আমেৰিকাৰ ৫০ শতাংশ শুল্ক; প্ৰভাৱিত কাশ্মীৰৰ শিল্পী-ব্যৱসায়ী

ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে কাশ্মীৰৰ শিপিনী আৰু ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হৈছে ।

Kashmiri weaver working on a carpet
কাশ্মীৰৰ শিল্পকলাত আমেৰিকাৰ শুল্কৰ প্ৰভাৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 30, 2025 at 2:00 PM IST

5 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা শুল্কক লৈ বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ আৰম্ভ হৈছে । বিশেষকৈ ভাৰতীয় বজাৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে । কিয়নো আমেৰিকাই ভাৰতীয় পণ্য সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে । ইতিমধ্যে ভাৰতৰ বহু কোম্পানী আৰু উদ্যোগী ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

কাশ্মীৰৰ স্থানীয় শিল্পকলাৰ ওপৰতো ইয়াৰ প্ৰভাৱ স্পষ্ট ৰূপত পৰিছে । বিমুখ হৈছে জম্মু-কাশ্মীৰৰ স্থানীয় শিল্পী । তাৰ অন্যতম উদাহৰণ শ্ৰীনগৰৰ কানি শ্বল নিৰ্মাতা শিল্পী মজিদ আহমদ মিৰ । শিল্পীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰী আমেৰিকালৈ প্ৰেৰণ কৰাৰ প্ৰথমটো সুযোগ পায়ো এতিয়া থমকি ৰ'ব লগা হৈছে । কাৰণ আমেৰিকাৰ অতিৰিক্ত শুল্ক । এবছৰ ধৰি বিভিন্ন কাগজ-পত্ৰ আৰু আলোচনাৰ অন্তত আমেৰিকাৰ আমদানিকৰ্তাই তেওঁ সামগ্ৰী গ্ৰহণ কৰিবলৈ সন্মত হৈছিল । সামগ্ৰীবোৰৰ ভিতৰত আছে কাশ্মীৰৰ জনপ্ৰিয় পাশমিনা উলৰ মাফলাৰ আৰু ষ্ট'ল । ৰপ্তানিৰ সকলো প্ৰক্ৰিয়াও সুন্দৰভাৱে সমাপ্ত হৈছিল । কিন্তু ট্ৰাম্পৰ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ লগে লগে এতিয়া বিদেশত ব্যৱসায় কৰাৰ শিল্পীগৰাকীৰ আশাত চেঁচাপানী পৰিছে ।

পূৰ্বপুৰুষসকলে আৰম্ভ কৰা এই শিল্পকলা এতিয়া উত্তৰাধিকাৰ সূত্ৰে তেওঁ চলাই গৈছে । মিৰে এই সন্দৰ্ভত কয়, "শুল্ক ঘোষণাৰ পিছতে কোম্পানীয়ে অৰ্ডাৰ স্থগিত ৰাখিছে । এই বৃহৎ ৰপ্তানিৰ দ্বাৰা ডিজাইনাৰ, শিপিনী আদিকে ধৰি ৪০০-৫০০ শিল্পীক কামৰ সুবিধা প্ৰদান কৰিলেহেঁতেন । কিন্তু এতিয়া সেই পৰিকল্পনা দোধোৰ-মোধোৰ অৱস্থাত আছে ।"

Kashmir Crafts Face Blow As US Tariffs Upend Trade
কাশ্মীৰৰ পৰা বৰদিনৰ সামগ্ৰীৰ ৰপ্তানিও বন্ধ (ETV Bharat)

পাশমিনা শিল্পকলাৰ বাবে কাশ্মীৰ বিশ্বজুৰি জনাজাত । এই শিল্পকলাই ফ্ৰান্সৰ ৰজা নেপোলিয়ন বোনাপাৰ্টকো আপ্লুত কৰিছিল । যাৰ বাবে তেওঁ ৰাণী জোচেফিনক পাশমিনা চাদৰ উপহাৰ দিছিল । কোৱা হয় যে ফ্ৰান্সৰ ৰাণীৰ হাতত কাশ্মীৰৰ চাদৰৰ ভঁৰাল আছিল আৰু তেওঁ এই বিলাসী হস্তশিল্পক ইউৰোপলৈ লৈ গৈছিল ।

জম্মু-কাশ্মীৰত বিখ্যাত চুফী ফকিৰ তথা পণ্ডিত হজৰত মিৰ চৈয়দ আলী হামাদানী শিল্পকৰ্মৰ প্ৰতিষ্ঠাতা হিচাপে জনাজাত । চতুৰ্দশ শতিকাত তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰৰ বাবে ইৰাণৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছিল । সেই সময়ত তেওঁ হস্তশিল্পৰো প্ৰৱৰ্তন কৰিছিল । ইয়াৰ দ্বাৰা যুগ যুগ ধৰি স্থায়ী হৈ থকা স্থানীয় উদ্যোগটোৰ ভেটি স্থাপন কৰিছিল ।

ভাৰতীয় হস্তনিৰ্মিত সামগ্ৰীৰ মূল বজাৰখন হৈছে আমেৰিকা । মূল ৰপ্তানিৰ ৪০ শতাংশই আমেৰিকালৈ হয় । কিন্তু শেহতীয়াকৈ ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ পিছত দেশত হস্তশিল্প খণ্ডত প্ৰভাৱ পৰিছে । বিশেষকৈ কাশ্মীৰৰ উদ্যোগসমূহ বৃহৎ লোকচানৰ সন্মুখীন হৈছে, লাখ লাখ টকাৰ অৰ্ডাৰ স্থগিত ৰখা হৈছে ।

Kashmir Crafts Face Blow As US Tariffs Upend Trade
আমেৰিকাৰ পৰা বৰদিনৰ সামগ্ৰীৰ নতুন অৰ্ডাৰ পোৱা নাই শিল্পীয়ে (ETV Bharat)

এই সন্দৰ্ভত শিল্পী মজিদ আহমদ মিৰে আক্ষেপ প্ৰকাশ কৰি কয়, "এয়া দুৰ্ভাগ্যজনক, এনে লাগে যেন আমি আকাশৰ পৰা সৰি পৰিছো । আমাৰ দৰে এজন সৰু শিল্পীৰ বাবে আমেৰিকাৰ বজাৰত আমাৰ মূল্যৱান সামগ্ৰীৰ বিশাল সম্ভাৱনা আছে ।"

শুল্ক আৰোপ কৰাৰ ফলত কাশ্মীৰৰ শিল্পীসকলৰ নিয়মীয়া অৰ্ডাৰত ব্যাঘাত জন্মোৱাই নহয় বৰদিনৰ সামগ্ৰীৰ ওপৰতো প্ৰভাৱ পৰিছে । প্ৰতি বছৰে মাৰ্চ মাহৰ পৰাই বৰদিন উদযাপনৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে শিল্পীসকলে । এই উৎসৱটো শিল্পীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

এই সন্দৰ্ভত মিৰে কয়, "বৰদিন আৰু ইষ্টাৰ উদযাপনৰ বাবে বিভিন্ন সামগ্ৰী ইতিমধ্যে সাজু হৈছে । আমেৰিকালৈ মোৰ বৰ্তমানৰ চালান, যাৰ মূল্য ২২,০০০ ডলাৰ, আমদানিকৰ্তাই স্থগিত ৰাখিছে । কোনো নতুন অৰ্ডাৰ নাই আৰু আমি নাজানো ভৱিষ্যতে কি হ'ব ।"

২২ এপ্ৰিলত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা কাশ্মীৰৰ হস্তশিল্প উদ্যোগত ব্যাপত প্ৰভাৱ পৰিছে । যিয়ে হস্তশিল্পকে ধৰি পৰ্যটন সম্পৰ্কীয় খণ্ডসমূহত ব্যাঘাত জন্মাইছে । তেনেস্থলত আমেৰিকাৰ শুল্ক আৰোপে আন এক সমস্যাৰ সৃষ্টি কৰিছে । কিয়নো ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে আমেৰিকা । ২০২৪ চনত ভাৰতে আমেৰিকালৈ ৮৭ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছিল । নতুন দিল্লীস্থিত থিংক টেংক গ্ল'বেল ট্ৰেড ৰিছাৰ্চ ইনিচিয়েটিভে ২০২৬ চনত এই সংখ্যা ৪০ শতাংশতকৈ অধিক হ্ৰাস পাই প্ৰায় ৫০ বিলিয়ন ডলাৰলৈ হ্ৰাস পাব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে ।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ আগষ্টত 'স্বদেশী মন্ত্ৰ'ক আগুৱাই লৈ যোৱাৰ ইংগিত দিছে । প্ৰধানমন্ত্ৰীয়ে ভাৰতীয়সকলক ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল নহৈ 'লোকেল ফৰ ভোকেল'ৰ নীতিক আকোৱালি ল'বলৈ আহ্বান জনাইছে ।

এপ্ৰিল মাহত ট্ৰাম্পে শুল্ক ঘোষণা কৰাৰ পিছত আমেৰিকা আৰু ভাৰতে এতিয়ালৈ কোনো চুক্তিত উপনীত হোৱা নাই যাৰ ফলত উত্তেজনা আৰু বৃদ্ধি পাইছে । প্ৰথম অৱস্থাত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল যদিও ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাৰ শাস্তিস্বৰূপে ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছে ।

এনে পৰিস্থিতিত কাশ্মীৰ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে (কেচিচিআই) আমেৰিকাৰ শুল্ক হস্তশিল্প খণ্ডৰ বাবে বিপৰ্যয়সূচক বুলি অভিহিত কৰিছে । কিয়নো জম্মু-কাশ্মীৰত ৪০ হাজাৰ পঞ্জীয়নভুক্ত শিল্পী আছে । কেচিচিআইৰ সভাপতি জাভিদ আহমদ টেংগাই কয়, "আমি বিশ্বাস কৰো যে চৰকাৰে এই ক্ষেত্ৰত কাম কৰি আছে আৰু তেওঁলোকে ৰপ্তানিকৰ্তাসকলক সকাহ দিবলৈ সক্ষম হ'ব ।"

লগতে পঢ়ক :ছটা দশকৰ জটিলতা আঁতৰাব নতুন কৰ আইনে, সৰলতাৰ ওপৰত গুৰুত্ব চৰকাৰৰ - NEW INCOME TAX ACT