কবৰস্থানতে থকা নীলাম্মাৰ জীৱনৰ সাধুটো...
৭০ বছৰীয়া মহিলাগৰাকীয়ে এতিয়ালৈকে সমাধিস্থ কৰিছে ৫,০০০ৰো অধিক মৃতদেহ ।

Published : March 1, 2025 at 8:27 PM IST
মহীশূৰ: ৩০ বছৰে মৃতকৰ কবৰ খান্দি ভাগৰি নপৰা এগৰাকী মহিলা । তেওঁ বাস কৰে কবৰস্থলীতে । ৩০ টা বছৰে মৃতকৰ কবৰ খান্দি দুটিকৈ সন্তানক ডাঙৰ-দীঘল কৰি এতিয়া নাতিৰো মুখ দেখিলে মহিলাগৰাকীয়ে । সত্তৰ বছৰীয়া মহিলাগৰাকীয়ে দেখুৱাইছে সাহসিকতাৰ এক অনন্য নিদৰ্শন ।
মহিলাগৰাকী কৰ্ণাটকৰ মহীশূৰৰ নীলাম্মা । এতিয়ালৈকে নীলাম্মাই সমাধিস্থ কৰিছে ৫০০০ৰো অধিক মৃতদেহ । যি স্থানত মানুহবোৰে দুখেৰে বিদায় লয় সেই স্থানক নীলাম্মাই নিজৰ কৰ্মস্থলী আৰু বাসস্থলীলৈ ৰূপান্তৰিত কৰি পাৰ কৰিছে এক সাহসী যাত্ৰা ।
কেনেকৈ এই কামত সোমাই পৰিল নীলাম্মা:
১৯৭৫ চনত কৰ্ণাটকৰ সন্থে চাৰাগুৰৰ পৰা আহি বিদ্যাৰণ্যপুৰমত কবৰ খননকাৰী হিচাপে কাম কৰা এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ মহীশূৰলৈ আহিছিল নীলাম্মা । কিন্তু দুৰ্ভাগ্যবশতঃ ২০০৫ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে তেওঁৰ স্বামী । ইয়াৰ পিছত দুটি এমা-ডিমা সন্তানৰ সৈতে আৰম্ভ হ'ল নীলাম্মাৰ কণ্টকময় যাত্ৰা ।
কবৰস্থানতে থকা তেওঁলোকৰ সৰু ঘৰটোৰ কাষতে স্বামীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে । বহু ভাবি-গুণি স্বামীৰ পদাংক অনুসৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নীলাম্মাই হাতত তুলি ল'লে কোৰখন । সন্মান সহকাৰে জীয়াই থাকিবলৈ জীৱিকা হিচাপে ল'বলৈ এয়াই একমাত্ৰ উপায় বুলি বুজি পালে নীলাম্মাই ।
কি কয় নীলাম্মাই :
নীলাম্মাই কয়, "এটা কবৰৰ বাবে তিনি ফুট দীঘল, তিনি ফুট বহল, ভিতৰত এটা কফিন সোমাব পৰা গাঁত এটা খান্দিবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে । প্ৰথমতে মই ১৫০ টকা লৈছিলো ৷ কিন্তু এতিয়া ১,৫০০ টকা লওঁ । মই টকা দাবী নকৰো । মই কেৱল মানুহে যি দিয়ে তাক মৰমেৰে লওঁ ।"
কেনেকৈ কবৰস্থানতে থাকে নীলাম্মা:
বছৰৰ পাছত বছৰ ধৰি কবৰস্থানতে থকা নীলাম্মাই জীৱনটোক প্ৰত্যাহ্বান জনাই হাঁহি হাঁহি ক'লে, "মানুহে কয় যে কবৰস্থানবোৰ ভূতৰ, কিন্তু মই সেই দৃষ্টিৰে নাচাওঁ । দৰাচলতে, মই এই ঠাইখন পবিত্ৰ বুলি অনুভৱ কৰো । মই ইয়াত মোৰ পৰিয়ালৰ সৈতে বাস কৰো । এতিয়া পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীও ইয়াতে আছে । ইয়াৰ সাপ, ময়ূৰ আৰু অন্যান্য জন্তুবোৰো আমাৰ সংগী ।"
অপশক্তিয়ে চুব পৰা নাই নীলাম্মাক । সেয়ে এই কাম বাদ নিদিয়ে তেওঁ । এই সন্দৰ্ভত তেওঁ কয়, "মই মৰালৈকে এইটো কামকে কৰিম । মানুহে মোক সোধে যে মই এতিয়া এইবোৰ কিয় কাম কৰিব লাগে আৰু মোৰ উত্তৰ হৈছে- এয়া মোৰ জীৱিকাৰ একমাত্ৰ উপায় আৰু মই কাম কৰিবই লাগিব ।"
মৰণোত্তৰভাৱে দেহদান কৰিব নীলাম্মা আৰু তেওঁৰ পুত্ৰই:
নীলাম্মাৰ দুজন পুত্ৰ আছে । এজনে বেংগালুৰুত কাম কৰি আছে আৰু আনজনে তেওঁৰ মাকক কবৰ খননত সহায় কৰে । এক বিশেষ প্ৰসংগত তেওঁ গৌৰাৱান্বিত হৈ কয়, "মই আৰু মোৰ সন্তানে আমাৰ শৰীৰ মহীশূৰ চিকিৎসা মহাবিদ্যালয়লৈ দান কৰাৰ সিদ্ধান্ত লৈছো । আমি শীঘ্ৰেই ইয়াৰ বাবে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিম ।"
প্ৰতিদিনে নীলাম্মাই সাৰ পোৱাৰ পিছত তেওঁৰ স্বামীৰ কবৰৰ ওচৰত কিছু সময় অতিবাহিত কৰে । অতি সাধাৰণভাৱে জীৱন কটোৱা নীলাম্মাই কয়, "মোৰ ইচ্ছা হৈছে এনেদৰে জীয়াই থকা আৰু কাৰোৰে বোজা নোহোৱাকৈ মৰি যোৱা । সকলোবোৰ নেদেখাজনৰ অনুগ্ৰহতে ঘটে আৰু মই তেওঁৰ ইচ্ছাক শ্ৰদ্ধা কৰো ।"

