অভাৱেই আৱিষ্কাৰৰ মূল... বলধ নহয়, পথাৰত নামিল ইলেক্ট্ৰিক স্কুটাৰ
অজিতে পথাৰৰ মাজে মাজে স্কুটাৰখন চলাই নিয়ে আৰু পৰিয়ালৰ কোনোবা এজন সদস্যই পিছে পিছে মৈখন ধৰি যায় ৷

Published : July 24, 2025 at 8:58 AM IST
বেলগাম(কৰ্ণাটক): ইয়াকেই কয় উদ্ভাৱনী চিন্তা ৷ বহুতে এই বুলিও কয় নহয় যে অভাৱেই আৱিষ্কাৰৰ মূল ৷ কথাটো ঠিক তেনেকুৱা বুলিও ক'ব পাৰি ৷ খেতিডৰাত ব্যৱহাৰৰ বাবে যেতিয়া সময়ত শ্ৰমিক পোৱা নাযায়, গৰু এহাল পোৱা নাযায় তেতিয়াতো বিকল্প কিবা এটা উপায় উলিয়াবই লাগিব ৷ সেই উপায়টোৱেই বিচাৰি উলিয়ালে কৰ্ণাটকৰ অজিত ভীমাপ্পা নিডগুণ্ডি নামৰ কৃষকজনে ৷
কৰ্ণাটকৰ চিক্ক'ৰি তালুকৰ বাসিন্দা এই অজিত ভীমাপ্পাৰ আছে বিশাল ছয়াবিন খেতি ৷ কিন্তু খেতিপথাৰত কাম কৰিবলৈ বা পথাৰখন মৈয়াবলৈ এইবাৰ গৰু আৰু শ্ৰমিক দুয়োটাৰে অভাৱ ঘটিছে ৷ ফলত বহি নাথাকিল অজিত ৷ নিজেই চিন্তা কৰি উলিয়াই পেলালে পথাৰখন মৈয়াই পেলোৱাৰ উপায় ৷ ভবামতেই কাম ৷ নিজৰ ইলেক্ট্ৰিক স্কুটাৰখনকে কামত লগাই পেলালে ৷

"মোৰ প্ৰায় 30 একৰ মাটিত ছয়াবিনৰ খেতি আছে ৷ এইবাৰ খেতিত লগাবলৈ মই বলধৰ ব্যৱস্থা কৰিব নোৱাৰিলো ৷ শ্ৰমিকৰো অভাৱ ৷ আমাৰ এই অঞ্চলৰ প্ৰায় সকলো খেতিয়কেই এইবাৰ এই সমস্যাটোত পৰিছে ৷ সেয়েহে মোৰ এই স্কুটাৰখনেৰেই পথাৰ মৈয়াই লোৱাৰ ব্যৱস্থা কৰি ল'লো ৷ একো অসুবিধা হোৱা নাই এতিয়া ৷" কৃষক অজিত ভীমাপ্পাই ক'লে ৷
লগতে তেওঁ এইবুলিও ক'লে যে গৰু আৰু শ্ৰমিকৰ এনে অভাৱে এইবাৰ খেতিয়কসকলৰ খেতিৰ ব্যয়ো যথেষ্ঠ বৃদ্ধি কৰিছে ৷ সেয়েহে অজিতে হাতত ল'লে এই ব্যৱস্থা ৷ এতিয়া অজিতে স্কুটাৰখনত বান্ধি লয় মৈখন ৷ তাৰ পিছত নিজে পথাৰৰ মাজে মাজে স্কুটাৰখন চলাই নিয়ে আৰু পৰিয়ালৰ কোনোবা এজন সদস্যই পিছে পিছে মৈখন ধৰি যায় ৷ এনে উদ্ভাৱনী চিন্তাৰেই চলি আছে এতিয়া অজিতৰ ছয়াবিন খেতিৰ বিশাল পথাৰখন ৷
লগতে পঢ়ক: শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা ২৭৫০ কোটিৰ ঋণ ল'ব চৰকাৰে

