ETV Bharat / bharat

কমল নাথৰ আনুগত্য সদায়ে কংগ্ৰেছৰ সৈতে থাকিব; কংগ্ৰেছ নেতা দিগ্বিজয় সিং

Kamal Nath join BJP: মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ আনুগত্য সদায়ে কংগ্ৰেছৰ সৈতে থাকিব বুলি কয় কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে । মধ্যপ্ৰদেশৰ বিৰোধী দলপতি উমাং সিংহাৰে সোমবাৰে প্ৰবীণ কংগ্ৰেছ নেতা কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা বাতৰিক ‘উৰাবাতৰি’ বুলি অভিহিত কৰে ।

কমল নাথৰ আনুগত্য সদায়ে কংগ্ৰেছৰ সৈতে থাকিব;কংগ্ৰেছ নেতা দিগ্বিজয় সিং
কমল নাথৰ আনুগত্য সদায়ে কংগ্ৰেছৰ সৈতে থাকিব;কংগ্ৰেছ নেতা দিগ্বিজয় সিং
author img

By ANI

Published : February 20, 2024 at 11:30 AM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 20 ফেব্ৰুৱাৰী: মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব পাৰে বুলি দেশৰ ৰাজনীতিত চলিছে বিশেষ চৰ্চা ৷ এই চৰ্চা তথা উৰাবাতৰি সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে ৷ সিঙে দৃঢ়তাৰে কয় যে কমল নাথৰ আনুগত্য সদায়ে কংগ্ৰেছৰ সৈতে থাকিব । বৰ্ষীয়ান কংগ্ৰেছ নেতাজনে কমল নাথ সদায়ে কংগ্ৰেছৰ অংশ হৈ থাকিব বুলিও দাবী কৰে ।

লগতে, সংবাদ মাধ্যমক ভুল তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈও সিঙে আহ্বান জনায় ৷ X যোগে এটা পোষ্ট প্ৰকাশ কৰি সিঙে কয়, "কমল নাথ ভাৰতীয় জাতীয় কংগ্ৰেছত আছে, আছিল, আৰু থাকিব । মোদীগোদী মিডিয়াই মিছা প্ৰচাৰ বন্ধ কৰিব লাগে ।"

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা কমল নাথে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব পাৰে বুলি শনিবাৰে ৰাজনৈতিক মহলত বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছিল । শনিবাৰে প্ৰবীণ কংগ্ৰেছ নেতা কমল নাথ আৰু তেওঁৰ পুত্ৰ ছিণ্ডৱাৰাৰ সাংসদ নকুল নাথ দিল্লীত উপস্থিত হোৱাৰ সময়তে এই চৰ্চা চলিছিল । বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ নৰেন্দ্ৰ চালুজাই ‘জয় শ্ৰী ৰাম’ লিখি প্ৰবীণ কংগ্ৰেছ নেতা কমল নাথে নকুল নাথৰ সৈতে এখন ছবি শ্বেয়াৰ কৰাৰ পিছতে এই জল্পনা-কল্পনাৰ সৃষ্টি হয় ।

বৰ্তমানলৈকে প্ৰবীণ কংগ্ৰেছ নেতাজনৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা হোৱা নাই । দল সলনি কৰাৰ পৰিকল্পনাৰ বিষয়ে সোধাত কমল নাথে সকলো দাবী নাকচ কৰি কয় যে “কিবা থাকিলে” সংবাদ মাধ্যমক অৱগত কৰা হ’ব । শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কমল নাথে কয়, "আপোনালোক সকলো কিয় উত্তেজিত হৈ পৰিছে? এয়া অস্বীকাৰ কৰা কথা নহয় । তেনেকুৱা কিবা এটা হ'লে মই আপোনালোক সকলোকে অৱগত কৰিম ।"

মধ্যপ্ৰদেশৰ বিৰোধী দলপতি উমাং সিংহাৰে সোমবাৰে প্ৰবীণ কংগ্ৰেছ নেতা কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা বাতৰিক ‘উৰাবাতৰি’ বুলি অভিহিত কৰে ।

লগতে পঢ়ক: কমল নাথৰ বিজেপিত যোগদানৰ সম্ভাৱনা, মধ্যপ্ৰদেশ কংগ্ৰেছত বিভাজনৰ উকমুকনি