ETV Bharat / bharat

কৈলাশ-মানস সৰোবৰ যাত্ৰাই ভাৰত-চীনৰ কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ কৰিবনে ? - KAILASH MANSAROVAR YATRA

চীনে ২০২৫ চনত ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবে যাত্ৰাৰ অনুমতি দিয়াটোৱে ভাৰত-চীন কূটনৈতিক সম্পৰ্ক উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাৰ্তা বহন কৰিছে ।

INDIA CHINA TIES
কৈলাশ-মানসসৰোবৰ যাত্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 4:07 PM IST

6 Min Read

নতুন দিল্লী: ভাৰত আৰু চীনৰ মাজত বহু বছৰ ধৰি কূটনৈতিক সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ থকাৰ পিছত শেহতীয়াকৈ যেন পৰিস্থিতি সলনি হৈছে ! বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ঘোষণা কৰে যে ভাৰতীয় তীৰ্থযাত্ৰীসকলক এই বছৰৰ পৰা পুনৰ এবাৰ চীনা ভূখণ্ডৰ মাজেৰে কৈলাশ-মানস সৰোবৰ যাত্ৰা কৰাৰ অনুমতি দিয়া হ'ব ।

সংবাদ মাধ্য়মৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, "মই বুজি পাইছো যে এই বছৰ যাত্ৰা হ'ব । আমি প্ৰস্তুতি চলাই আছো আৰু শীঘ্ৰেই অধিক তথ্য ৰাইজৰ আগত প্ৰকাশ কৰা হ'ব ।" তেওঁ পুনৰ কয় যে মন্ত্ৰালয়ে শীঘ্ৰেই এই সন্দৰ্ভত জাননী জাৰি কৰিব ।

ইয়ে ভাৰত-চীন সম্পৰ্ক মুকলিৰ ইংগিত দিছে । প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ত সৃষ্টি হৈ থকা উত্তেজনাৰ মাজতেই এই পদক্ষেপে বেইজিঙৰ উদ্দেশ্যে নতুন দিল্লীৰ ৰণনীতিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ।

পৰামৰ্শ আৰু সমন্বয়ৰ বাবে কাৰ্যপ্ৰণালীৰ ৩৩ সংখ্যক বৈঠকত চীনা ভূখণ্ড হৈ কৈলাশ-মানস সৰোবৰ যাত্ৰাৰ বিষয়টো উত্থাপিত হয় । ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (পূব এছিয়া) গৌৰাংগলাল দাসে । আনহাতে, চীনৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমা আৰু মহাসাগৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হং লিয়াঙে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, "এক ইতিবাচক আৰু গঠনমূলক পৰিৱেশত অনুষ্ঠিত এই বৈঠকত ভাৰত-চীন সীমান্ত অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতিৰ ব্যাপক পৰ্যালোচনা কৰা হয় । সামগ্ৰিক দ্বি-পাক্ষিক সম্পৰ্কৰ মসৃণ কৰিবৰ বাবে সীমান্তত শান্তি গুৰুত্বপূৰ্ণ । দুয়োপক্ষই ২০২৪ চনৰ ডিচেম্বৰত বেইজিঙত ভাৰত-চীন সীমা প্ৰশ্ন সন্দৰ্ভত বিশেষ প্ৰতিনিধিসকলৰ ২৩ সংখ্যক বৈঠকত লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ আৰু সীমান্ত ব্যৱস্থাপনা আগবঢ়োৱাৰ বাবে বিভিন্ন ব্যৱস্থা আৰু প্ৰস্তাৱ গ্ৰহণ কৰে । দুয়োপক্ষই এই দিশত প্ৰাসংগিক কূটনৈতিক আৰু সামৰিক প্ৰণালী বৰ্তাই ৰাখিবলৈ আৰু শক্তিশালী কৰিবলৈ সন্মত হৈছে । তেওঁলোকে সীমান্তৰ নদী আৰু কৈলাশ-মানসসৰোবৰ যাত্ৰাকে ধৰি সীমান্তৰ সহযোগিতা আৰু বিনিময় শীঘ্ৰে পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰতো মত বিনিময় কৰে ।"

কৈলাশ-মানস সৰোবৰ যাত্ৰা হৈছে চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলত অৱস্থিত কৈলাশ পৰ্বত আৰু মানস সৰোবৰ হ্ৰদৰ এক পৱিত্ৰ তীৰ্থযাত্ৰা । এয়া এক আধ্যাত্মিক যাত্ৰা হিচাপে বিবেচিত । এই যাত্ৰা হিন্দু, বৌদ্ধ, জৈন আৰু বন অনুগামীসকলৰ বাবে গুৰুত্বপূৰ্ণ । এই যাত্ৰা কঠিন ভূখণ্ড, অধিক উচ্চতা আৰু প্ৰতিকূল বতৰৰ মাজেদি সম্পন্ন কৰিবলগীয়া হয় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতি বছৰে জুনৰ পৰা ছেপ্টেম্বৰলৈকে দুটা পৃথক পথৰ জৰিয়তে এই যাত্ৰাৰ আয়োজন কৰে -লিপুলেখ পাছ (উত্তৰাখণ্ড) আৰু নাথুলা পাছ (ছিকিম)ৰে । ভগৱান শিৱৰ বাসস্থান হিচাপে হিন্দুসকলৰ বাবে গুৰুত্বপূৰ্ণ হোৱাৰ বাবে ই জৈন আৰু বৌদ্ধসকলৰ বাবেও ধৰ্মীয় গুৰুত্ব বহন কৰে । যিসকলে ধৰ্মীয় উদ্দেশ্যৰ বাবে কৈলাশ-মানস সৰোবৰলৈ যাব বিচাৰে তেওঁলোকৰ বাবে এই যাত্ৰাৰ বাবে বৈধ ভাৰতীয় পাছপোৰ্ট থাকিব লাগিব ।

এই যাত্ৰাত 19,500 ফুট পৰ্যন্ত উচ্চতাত খোজ কাঢ়িব লাগে । প্ৰতিকূল বতৰ আৰু দুৰ্গম অঞ্চলকে ধৰি অসহায় পৰিস্থিতিত আৰু যিসকল শাৰীৰিক আৰু চিকিৎসাগতভাৱে সুস্থ নহয় তেওঁলোকৰ বাবে বিপদজনক প্ৰমাণিত হ'ব পাৰে ।

ভাৰত চৰকাৰে তীৰ্থযাত্ৰীৰ প্ৰাণহানি বা আঘাত বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত বা আন কোনো কাৰণত তীৰ্থযাত্ৰীৰ সম্পত্তি হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱাৰ বাবে কোনো ধৰণে দায়বদ্ধতা স্বীকাৰ নকৰে । তীৰ্থযাত্ৰীসকলে সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ ব্যয় কৰি যাত্ৰা কৰে ।

সীমান্তৰ সিপাৰে মৃত্যু হ'লে কোনো তীৰ্থযাত্ৰীৰ নশ্বৰদেহ ভাৰতৰ ফালে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অনাৰ কোনো বাধ্যবাধকতা চৰকাৰৰ নাথাকিব । সেয়েহে সকলো তীৰ্থযাত্ৰীয়ে মৃত্যুৰ ক্ষেত্ৰত চীনৰ ফালে নশ্বৰদেহ ৰখাৰ বাবে সন্মতি প্ৰপত্ৰত স্বাক্ষৰ কৰিব লাগিব ।

এই যাত্ৰা উত্তৰাখণ্ড, দিল্লী আৰু ছিকিমৰ ৰাজ্য চৰকাৰৰ সমৰ্থনত আয়োজন কৰা হয় আৰু ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীয়ে (আই টি বি পি) সহযোগিতা আগবঢ়ায় । কুমাওঁ মণ্ডল বিকাশ নিগম (কে এম ভি এন) আৰু ছিকিম পৰ্যটন উন্নয়ন নিগম (এছ টি ডি চি) আৰু তেওঁলোকৰ সহযোগী সংগঠনবোৰে ভাৰতৰ প্ৰতিটো দলৰ তীৰ্থযাত্ৰীৰ বাবে লজিষ্টিক সমৰ্থন আৰু সুবিধা প্ৰদান কৰে । দিল্লী হাৰ্ট এণ্ড লাং ইনষ্টিটিউটে এই তীৰ্থযাত্ৰাৰ বাবে আবেদনকাৰীসকলৰ ফিটনেছ স্তৰ নিৰ্ধাৰণ কৰিবলৈ স্বাস্থ্য পৰীক্ষা কৰে।

অৱশ্যে চীনে ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ উদাহৰণ আছে । 2017 চনৰ জুনত চীনে তিব্বতত ভূমিস্খলন আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি নাথুলা পাছৰ জৰিয়তে ভাৰতীয় তীৰ্থযাত্ৰীসকলক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল । প্ৰায় ৪৭ জন তীৰ্থযাত্ৰী প্ৰভাৱিত হোৱাৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক আলোচনা পৰ্যন্ত অনুষ্ঠিত হ'বলগীয়া হৈছিল ।

২০২০ চনত পূব লাডাখত দুয়োখন দেশৰ মাজত সীমান্তত হোৱা পৰিস্থিতিৰ বাবে চীনে ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ ওপৰত আৰোপ কৰিছিল নিষেধাজ্ঞা । অৱশ্যে যোৱা বছৰ অক্টোবৰত ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকৰ পিছত দুয়োপক্ষৰ মাজৰ সম্পৰ্ক উন্নত হৈছে ।

মনোহৰ পাৰিকাৰ প্ৰতিৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানৰ পূব এছিয়া কেন্দ্ৰৰ সহযোগী ফেলো এম এছ প্ৰতীভাৰ মতে, বাণিজ্য ক্ষেত্ৰত ভাৰত আৰু চীনৰ মাজত উত্তেজনা থাকিব পাৰে; কিন্তু দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰিব বিচাৰে ।

ই টিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত এম এছ প্ৰতীভাই যোৱা মাহত আমেৰিকান এ আই গৱেষক আৰু পডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ কথা উল্লেখ কৰে য'ত তেওঁ কয় যে ভাৰত আৰু চীনৰ মাজত সহযোগিতা কেৱল দুয়োখন ৰাষ্ট্ৰৰ বাবে লাভজনক নহয়, বিশ্বৰ স্থিৰতা আৰু সমৃদ্ধিৰ বাবেও অত্যাৱশ্যকীয় ।

তেওঁ কয়, "ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত হৈ আছে আৰু বৃদ্ধি হৈ থাকিব । প্ৰধানমন্ত্ৰীয়ে লেক্স ফ্ৰিডমেন পডকাষ্টত কয় যে সম্পৰ্কৰ ভৱিষ্যৎ শক্তিশালী হ'ব লাগে ।"

ইফালে, চীনে মোদীৰ এই কথাৰ ইতিবাচক সঁহাৰি দি কয় যে যদি হাতী আৰু ড্ৰেগনে একেলগে নৃত্য কৰে তেন্তে ই নতুন দিল্লী আৰু বেইজিং দুয়োৰে স্বাৰ্থত হ'ব ! ইয়াৰ পৰিপ্ৰেক্ষিতত কৈলাশ-মানস সৰোবৰ যাত্ৰাৰ উন্নয়ন দেখা প্ৰয়োজন ।

লগতে পঢ়ক:লেহত প্ৰথম 3ডি-প্ৰিণ্টেড সামৰিক ঘাটি নিৰ্মাণ ভাৰতৰ - 3D PRINTED MILITARY BASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.