হিছাৰ: আৰক্ষীৰ জিম্মাৰ পৰা ওলাব পৰা নাই পাকিস্তানী চোৰাংচোৱাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰা । বৃহস্পতিবাৰে পুনৰ ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল জ্যোতিক । জ্যোতি মালহোত্ৰাৰ জিম্মাৰ বিষয়ক লৈ আদালতত প্ৰায় ডেৰ ঘণ্টাজুৰি চলা বিতৰ্কৰ পাছত হিছাৰ আৰক্ষীয়ে লাভ কৰে ৪ দিনৰ জিম্মা ।
এতিয়ালৈকে জ্যোতিয়ে দিলে কি কি স্বীকাৰোক্তি:
আৰক্ষীৰ জেৰাত জ্যোতিয়ে কয় যে তেওঁ গোটেই ভিডিঅ'বোৰ নিজৰ ইউটিউব চেনেলৰ বাবে বনাইছিল । যদি তেওঁ কিবা লুকুৱাবই খুজিছিল তেন্তে তেওঁ এই ভিডিঅ'বোৰ কিয় আপলোড কৰিলে । জ্যোতিয়ে কয় যে তেওঁ পাকিস্তানলৈ যোৱাৰ পূৰ্বে দেশৰ বহু চহৰ ঘূৰি-ফুৰি ট্ৰেভেল ব্লগ বনাই ইউটিউব চেনেলত আপলোড কৰিছিল । জ্যোতিয়ে জনোৱা অনুসৰি তেওঁ ট্ৰেভেল ব্লগৰ জৰিয়তে বিভিন্ন ঠাইৰ ভাল ভাল বিষয়বস্তুবোৰ হাইলাইট কৰিছিল ।

ক'লা আইনাৰ বাহনত লৈ যোৱা হয় জ্যোতিক:
হিছাৰ আদালতত হাজিৰ কৰিবলৈ আৰক্ষীয়ে জ্যোতি মালহোত্ৰাক সংবাদমাধ্যমৰ দৃষ্টিৰ পৰা লুকুৱাই লৈ যায় । জ্যোতিক আদালতত হাজিৰ কৰাবলৈ আৰু তাৰ পৰা লৈ যাবলৈ আৰক্ষীয়ে ক'লা আইনা লগোৱা গাড়ী ব্যৱহাৰ কৰিছিল যাতে জ্যোতি মালহোত্ৰাৰ ফটো কোনোৱে ল'ব নোৱাৰে ।
কি কয় হিছাৰ আৰক্ষীয়ে:
হিছাৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পূৰ্বে প্ৰকাশ কৰে এক প্ৰেছ বিবৃতি । য'ত জ্যোতি মালহোত্ৰাৰ বিষয়ে বহু তথ্য প্ৰকাশ কৰা হয় । জ্যোতি মালহোত্ৰা কিছুসংখ্যক PIOs ৰ সম্পৰ্কত আছিল আৰু কিছু খবৰৰ আদান-প্ৰদান কৰিছিল । জ্যোতিৰ পৰা ৩ টা ম'বাইল ফোন, এটা লেপটপ আৰু কিছু ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰা হৈছে আৰু ফৰেনচিক টেষ্টৰ বাবে প্ৰেৰণ কৰা হৈছে ।

প্ৰিণ্ট, ইলেক্ট্ৰনিক আৰু ছ'চিয়েল মিডিয়াত বহু তথ্যহীন খবৰ চলি আছে । তথ্যহীন খবৰৰ পৰা তদন্তত প্ৰভাৱ পৰে, ৰাষ্ট্ৰীয় সুৰক্ষাকো প্ৰভাৱিত কৰে । কিছু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দোষীক সময়ে সময়ে সোধাপোছা কৰি আছে । জ্যোতি মালহোত্ৰাৰ কোনো সেনা, প্ৰতিৰক্ষা তথা ৰণনীতিগত তথ্যৰ লগত জড়িত কোনো তথ্য পোহৰলৈ অহা নাই ।
জ্যোতি মালহোত্ৰাৰ হোৱাটছআপ চাটৰ বিষয়ে কোনো তথ্য দিব নোৱাৰি বুলি বিবৃতিটোত কোৱা হয় । জ্যোতিৰ তথাকথিত ডায়েৰী, যাৰ পৃষ্ঠাবোৰৰ সাৰ্বজনিকভাৱে দেখুওৱা হৈ আছে সেয়া এতিয়াও আৰক্ষীয়ে জব্দ কৰা নাই । ইফালে জ্যোতিৰ ৪ টাকৈ বেংক একাউণ্ট গভীৰভাৱে বিশ্লেষণ কৰা হৈ আছে । টকা-পইচাৰ লেনদেনৰ বিষয়ে এতিয়াই একো ক'ব নোৱাৰি বুলি বিবৃতিটোত প্ৰকাশ কৰে আৰক্ষীয়ে ।

বিবৃতিটোত উল্লেখ কৰে যে জ্যোতি মালহোত্ৰাৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ এনে কোনো তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নাই । ইয়াৰোপৰি ইউটিউবাৰগৰাকীৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে সংলগ্ন থকাৰ বিষয়বোৰ সন্মুখলৈ অহা নাই । জ্যোতি মালহোত্ৰাৰ বিবাহ, ধৰ্ম পৰিৱৰ্তন ইত্যাদি তথ্যবোৰ এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই বুলি উল্লেখ কৰি সকলো ইলেক্ট্ৰনিক, প্ৰিণ্ট আৰু ছ'চিয়েল মিডিয়াক সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত সংযমী হৈ কেৱল প্ৰেছ বিজ্ঞপ্তিত বৰ্ণনা কৰা তথ্যহে প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱা হয় । সূত্ৰ আৰু কল্পনাৰ ভিত্তিত ওলোৱা খবৰবোৰ সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰচাৰ কৰাৰ পাছতহে প্ৰচাৰ কৰিবলৈ অনুৰোধ জনায় ।