টকাই টকা ওলাইছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত
উচ্চতম ন্যায়ালয়ে বিবৃতিযোগে অভিযুক্ত ন্যায়াধীশৰ বাসগৃহত উদ্ধাৰ হোৱা জুইত আধা পোৰা নগদ ধনৰ ফটো আৰু ভিডিঅ' প্ৰকাশ কৰিছে ।

Published : March 23, 2025 at 1:15 PM IST
নতুন দিল্লী : দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বাসগৃহত বৃহৎ পৰিমাণৰ পোৰা নগদ ধন উদ্ধাৰ । উচ্চতম ন্যায়ালয়ে শনিবাৰে নিশা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই সন্দৰ্ভত ফটো আৰু ভিডিঅ'কে ধৰি এক আভ্যন্তৰীণ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰিছে । প্ৰতিবেদন অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই তদন্তৰ বাবে এখন আভ্যন্তৰীণ সমিতি গঠন কৰে আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ক ন্যায়াধীশ বৰ্মাক কোনো ন্যায়িক কাম নিদিবলৈ নিৰ্দেশ দিয়ে ।
ন্যায়াধীশৰ বাসগৃহত অগ্নিকাণ্ডত জ্বলিল নগদ ধন !
প্ৰতিবেদনখনত ১৪ মাৰ্চৰ হোলীৰ নিশা অগ্নি নিৰ্বাপক অভিযানৰ সময়ত ন্যায়াধীশ বৰ্মাৰ ঘৰৰ এটা ষ্ট'ৰৰূমত উদ্ধাৰ কৰা নগদ ধনৰ ফটো আৰু ভিডিঅ' আছে । য'ত তেওঁৰ প্ৰতিক্ৰিয়াও আছে ।
ন্যায়াধীশ বৰ্মাই তেওঁৰ প্ৰতিক্ৰিয়াত দ্ব্যর্থহীনভাৱে কয়, "মই বা মোৰ পৰিয়ালৰ কোনো সদস্যই কেতিয়াও ষ্ট'ৰৰূমত কোনো নগদ ধন থোৱা নাছিল আৰু মই কথিত নগদ ধন আমাৰ বুলি দিয়া পৰামৰ্শক তীব্ৰ ভাৱে নিন্দা কৰিছো "। তেওঁ কয় যে তেওঁৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগ স্পষ্টভাৱে তেওঁক বদনাম কৰাৰ ষড়যন্ত্ৰ যেন লাগিছিল । তেওঁ কয়, "এই নগদ ধন আমি ৰখাৰ ধাৰণা বা পৰামৰ্শটো সম্পূৰ্ণৰূপে অযৌক্তিক ।" দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ে দাখিল কৰা তদন্ত প্ৰতিবেদনত চৰকাৰী যোগাযোগ সম্পৰ্কীয় সামগ্ৰীও আছিল য'ত কোৱা হৈছে যে ভাৰতীয় মুদ্ৰাৰ চাৰিৰ পৰা পাঁচটা আধা পোৰা দম পোৱা গৈছে ।
কঠোৰ হৈছে উচ্চতম ন্যায়ালয়
শীৰ্ষ ন্যায়ালয়ৰ এক বিবৃতিত শনিবাৰে কয়, "বৰ্তমানৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক যশৱন্ত বৰ্মাক কোনো ন্যায়িক কাম নিদিবলৈ কোৱা হৈছে ।" ১৪ মাৰ্চৰ হোলীৰ নিশা প্ৰায় ১১:৩৫ বজাত ন্যায়াধীশ বৰ্মাৰ লুটিয়েন্সৰ দিল্লীৰ বাসগৃহত জুই লগাৰ পিছত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল । উচ্চতম ন্যায়ালয়ে কয় যে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ন্যায়াধীশ বৰ্মাৰ বিৰুদ্ধে আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছে আৰু পৃথকে ন্যায়াধীশজনক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিছে ।
বিবৃতিটোত কোৱা হৈছে, "ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বাসগৃহত ঘটনা সন্দৰ্ভত ভুল তথ্য আৰু উৰাবাতৰি বিয়পি পৰিছে ।" তথ্য পোৱাৰ পিছত শীৰ্ষ ন্যায়ালয়ে কয় যে ন্যায়াধীশ উপাধ্যায়ে "প্ৰমাণ আৰু তথ্য সংগ্ৰহ কৰি আভ্যন্তৰীণ অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ কৰিছে "। ন্যায়াধীশ উপাধ্যায়ে ২০ মাৰ্চত শীৰ্ষ ন্যায়ালয়ৰ কলেজিয়ামৰ বৈঠকৰ আগতে তদন্ত আৰম্ভ কৰিছিল বুলি কোৱা হৈছিল । উচ্চতম ন্যায়ালয়ে কৈছে যে ন্যায়াধীশ বৰ্মাক বদলি কৰাৰ প্ৰস্তাৱটো ২০ মাৰ্চত চিজেআই আৰু ৪ জন জ্যেষ্ঠ ন্যায়াধীশক লৈ গঠিত শীৰ্ষ ন্যায়ালয়ৰ কলেজিয়ামে পৰীক্ষা কৰিছে আৰু তাৰ পিছত ন্যায়াধীশ বৰ্মাৰ উপৰিও শীৰ্ষ ন্যায়ালয়ৰ পৰামৰ্শদাতা ন্যায়াধীশ আৰু সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকললৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ।
উচ্চতম ন্যায়ালয়ে গঠন কৰা ৩ জনীয়া তদন্ত সমিতিখনত আছে ন্যায়াধীশ শীল নাগু (পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ), ন্যায়াধীশ জি এছ সান্ধাৱালিয়া (হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ) আৰু অনু শিৱৰমন (কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ)।
লগতে পঢ়ক :ছাৰ, মোক পাছ কৰাই দিয়ক, নহ’লে বিয়া দিব ! পৰীক্ষাৰ বহীত আবেগৰ বৰষুণ - UP BOARD EXAM PAPER

