মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব তাছি ৰবস্তানক - First Ladakhi Chief Justice
First Ladakhi Chief Justice: মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ বৈদ্যনাথনৰ অৱসৰৰ পিচত ন্যায়াধীশ ৰাবস্তানে মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব । তেওঁ হ’ব লাডাখৰ পৰা প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ ৷ লেহৰ স্কুৰবুচান গাঁৱৰ ন্যায়াধীশ ৰাবস্তানে ইয়াৰ পূৰ্বে লাডাখৰ প্ৰথম ন্যায়াধীশ হিচাপে ইতিহাস ৰচিছিল ।

Published : July 16, 2024 at 7:38 PM IST
নিউজ ডেস্ক, ১৬ জুলাই: উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ তাছি ৰাবস্তানক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে ৷ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা প্ৰথমজন লাডাখী হিচাপে পৰিগণিত হ’ব ন্যায়াধীশ ৰাবস্তান । তাছি ৰাবস্তানক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া খবৰে এতিয়া সমগ্ৰ লাডাখত আনন্দৰ লহৰ তুলিছে ৷
লেহৰ স্কুৰবুচান গাঁৱৰ ন্যায়াধীশ ৰাবস্তানে ইয়াৰ পূৰ্বে লাডাখৰ প্ৰথম ন্যায়াধীশ হিচাপে ইতিহাস ৰচিছিল । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বৃহস্পতিবাৰে এই প্ৰস্তাৱ গৃহীত কৰি ন্যায়াধীশ ৰাবস্তানক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদৰ বাবে পৰামৰ্শ দিয়ে ।
২৪ আগষ্টত বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ বৈদ্যনাথনৰ অৱসৰৰ পিচতে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ৰাবাস্তানে । কলেজিয়ামে ন্যায়াধীশ ৰাবাস্তানৰ নিযুক্তিৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, "এই কথা মনত ৰাখিব লাগিব যে ন্যায়াধীশ তাছি ৰাবস্তান হ'ব লাডাখ অঞ্চলৰ পৰা প্ৰথম মুখ্য ন্যায়াধীশ, যিটোৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ মাজত অন্যথা কম বা কোনো প্ৰতিনিধিত্ব নাই আৰু এতিয়ালৈকে মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ত একেবাৰেই প্ৰতিনিধিত্ব নাই, কলেজিয়ামে ন্যায়াধীশ এছ বৈদ্যনাথনৰ অৱসৰৰ পিচত তেওঁক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিয়ে ।"
১৯৬৩ চনৰ ১০ এপ্ৰিলত জন্মগ্ৰহণ কৰা ন্যায়াধীশ ৰাবস্তানে জম্মু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু এল এল বি সম্পূৰ্ণ কৰে । ১৯৯০ চনৰ ৬ মাৰ্চত জম্মু-কাশ্মীৰৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে যোগদান কৰি তেওঁ জম্মু-কাশ্মীৰ আৰু লাডাখৰ উচ্চ ন্যায়ালয়ত প্ৰেকটিছ আৰম্ভ কৰে । ২০১৩ চনৰ মাৰ্চ মাহত উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা ন্যায়াধীশ ৰাবস্তানে ২০১৪ চনৰ মে’ মাহত স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০২২ চনত জম্মু-কাশ্মীৰ আৰু লাডাখৰ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।
তেওঁৰ এই ঐতিহাসিক নিযুক্তিক সমগ্ৰ লাডাখত ব্যাপক উদযাপন আৰু গৌৰৱেৰে আদৰণি জনোৱা হৈছে, যিটো অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । "এজন থলুৱা পুত্ৰই দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বোচ্চ ন্যায়িক পদত আৰোহণ কৰাৰ বাবে সমগ্ৰ লাডাখৰ বাবে গৌৰৱৰ মুহূৰ্ত । তেওঁ আছিল প্ৰথমজন লাডাখী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু এতিয়া মেঘালয়ৰ মুখ্য ন্যায়াধীশৰ ভূমিকা গ্ৰহণ কৰিব ।" লাডাখৰ সাংসদ হাজী মহম্মদ হানিফাই ই টিভি ভাৰতক কয় যে আমি তেওঁক লৈ অতি গৌৰৱান্বিত ।

