ETV Bharat / bharat

জুলাইত দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব মিজোৰামৰ ৰাজধানী আইজল !

হাইলাকান্দি জিলাৰ বৈৰবীক মিজোৰামৰ ছাইৰাঙৰ সৈতে সংযোগ কৰিব পৰা ৫১.৩৫ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰে’লপথৰ অধিকাংশ বৃহৎ কাম সম্পূৰ্ণ হৈছে ।

Rail connectivity to Mizoram
দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব আইজল (NF Railway)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 10:04 AM IST

|

Updated : April 2, 2025 at 11:06 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: জুলাইত দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব মিজোৰামৰ ৰাজধানী আইজল ৷ গুৱাহাটীস্থিত এন এফ ৰে’লৱেই মঙলবাৰে সদৰী কৰে এই তথ্য ৷ এন এফ ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, "বহু প্ৰচাৰিত ৰে’ল প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত ৰে’লপথটো উদ্বোধন কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । ৫১.৩৫ কিলোমিটাৰ দৈৰ্ঘৰ বহল গেজৰ ৰে’লপথটোৱে হাইলাকান্দি জিলাৰ বৈৰবীক মিজোৰামৰ ছাইৰাঙৰ সৈতে সংযোগ কৰিব ।"

বিষয়াগৰাকীয়ে কয়, "বেছিভাগ ডাঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আমি চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত লাইনটো কাৰ্যক্ষম কৰাৰ চেষ্টা কৰিছো । ইতিমধ্যে প্ৰায় ৯৭ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু আমি চূড়ান্ত পৰ্যায়ৰ কাম কৰি আছো ।" ৫১.৩৫ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰে’লপথটো আনুমানিক ৮২১৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ।

Rail connectivity to Mizoram
দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব আইজল (NF Railway)

ইয়াত উল্লেখ কৰাটো প্ৰাসংগিক যে মিজোৰামৰ ৰাজধানী আইজল ছাইৰাঙৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত । ছাইৰাং ৰে’ল লাইনৰ সৈতে সংযোগ হ’লেই মিজোৰামৰ ৰাজধানী আইজল ৰে’লৱেৰ সৈতে সংযোগ হ’ব, যিটো মিজোৰামৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী । বিষয়াগৰাকীয়ে কয় যে প্ৰথম অৱস্থাত এই প্ৰকল্পৰ ব্যয় ৬৫৪৭ কোটি টকা বুলি অনুমান কৰা হৈছিল যদিও পিছত ৮২১৩ কোটি টকালৈ বৃদ্ধি পায় ।

তেওঁ কয় যে বৈৰবী আৰু ছাইৰাঙৰ মাজত নিৰ্মাণ কৰা ৰে’লপথটো অভিযান্ত্ৰিক আশ্চৰ্য্যতকৈ কম নহয় । তেওঁ কয়, "বৈৰবী আৰু ছাইৰাঙৰ মাজৰ ৰে'ল পথত মুঠ ১২.৬৩ কিলোমিটাৰ দৈৰ্ঘৰ ৪৮টা সুৰংগ আছে । ইয়াৰ ভিতৰত আটাইতকৈ দীঘল সুৰংগটো ১.৮৭ কিলোমিটাৰৰ । সুৰংগসমূহৰ বাহিৰেও এই পথত ৫৫খন ডাঙৰ দলং আৰু ৮৯খন সৰু দলং আছে ।"

Rail connectivity to Mizoram
দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব আইজল (NF Railway)

"আমি আশা কৰিছো যে ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত ৰে'ল লাইনটো উদ্বোধন কৰা হ'ব । পাহাৰীয়া ৰাজ্যখনৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নক প্ৰসাৰিত কৰাৰ উপৰিও মিজোৰামৰ জনসাধাৰণৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰতো এই ৰে'ল লাইনে মুখ্য ভূমিকা পালন কৰিব ।" বিষয়াগৰাকীয়ে কয় ৷

ইয়াত উল্লেখ কৰাটো প্ৰাসংগিক যে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ নিজৰ X হেণ্ডেলত বৈৰাবী-ছাইৰাং ৰে’ল লাইনত নিৰ্মাণ কৰা দলঙৰ কেইটামান ভিডিঅ’ শ্বেয়াৰ কৰি ৰে’ল সংযোগে মিজোৰামত কেনেদৰে যথেষ্ট প্ৰভাৱ পেলাব সেই বিষয়ে ব্যাখ্যা কৰিছে ।

এন এফ ৰে’লৱেৰ বিষয়াগৰাকীয়ে কয় যে এই পথটো বৈৰবী-হৰটোকি, হৰটোকি-কাৱনপুই, কাৱানপুই-মুৱালাখাং আৰু মুৱালাখাং-ছাইৰাং চাৰিটা ভাগত বিভক্ত কৰা হৈছে, যাৰ ফলত সমগ্ৰ ৰাজ্যতে সুলভতা বৃদ্ধি পাব । তেওঁ লগতে কয় যে এই সংযোগ মিজোৰামৰ বাবে গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব আৰু ই বাণিজ্য আৰু পৰ্যটনক উন্নীত কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ হ’ব ।

লগতে পঢ়ক: 'প্ৰফুল্ল' স্মৃতি; ইন্দিৰা গান্ধীক চাহ খুওৱাৰ অভিজ্ঞতা ৰোমন্থন এগৰাকী অশীতিপৰ বৃদ্ধৰ

শীঘ্ৰে আৰম্ভ হ'ব ভাৰত-ভূটান সংযোগী ঐতিহাসিক ৰে'লপথৰ নিৰ্মাণকাৰ্য !

লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথৰ চহকী ইতিহাসৰ কথা জানো আহক

Last Updated : April 2, 2025 at 11:06 AM IST