ETV Bharat / bharat

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদ পাপ্পু যাদৱৰ

ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অশ্লীল মন্তব্য সাংসদ পাপ্পু যাদৱৰ ৷ ইফালে সাংসদগৰাকীয়ে উত্থাপন কৰা অভিযোগ প্ৰমাণসহ দাঙি ধৰিবলৈ দাবী ৰাজ্যিক বিজেপিৰ ৷

JHARKHAND ASSEMBLY ELECTIONS 2024
সাংসদ পাপ্পু যাদৱৰ সংবাদমেল (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : November 6, 2024 at 10:09 PM IST

|

Updated : November 6, 2024 at 10:58 PM IST

3 Min Read
Choose ETV Bharat

ৰাঁচী: ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰখনত নেতাসকলৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে । ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ অৱশ্যে বিজেপিয়েও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ।

লগতে পঢ়ক: ভাই, ভুল নম্বৰত ডায়েল কৰিলে আপোনালোকে ! কাক ক’লে ? কোনে ক'লে ?

কংগ্ৰেছ ভৱনত সংবাদ মাধ্যমৰ সন্মুখত সাংসদ পাপ্পু যাদৱে বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কয় যে তেওঁৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিব । পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধমূলক ইতিহাস উদঙাই দি তেওঁ আলফাক ধন যোগান ধৰাৰ লগতে টাডাৰ অধীনত পঞ্জীয়ন হোৱা গোচৰত অভিযুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰে । কেৱল এয়াই নহয়, পাপ্পু যাদৱে হিমন্তক কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি অভিযোগ উত্থাপন কৰি তেওঁৰ ঘৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ বাবে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলিও উল্লেখ কৰে ।

সাংসদ পাপ্পু যাদৱৰ সংবাদমেল (Etv Bharat)

সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাই বিহাৰী সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে তেওঁ যদি মুখ্যমন্ত্ৰী হ’লহেঁতেন তেন্তে সীমান্ততে তেওঁলোকক গ্ৰেপ্তাৰ কৰাই দিলেহেঁতেন । ২০২০ চনত পিপিই কিট যোগানত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কথা উল্লেখ কৰি তেওঁ কয় যে নেপোটিজিমৰ বিৰোধিতা কৰাসকলৰ বাস্তৱতা কি সেয়া সকলোৱে জানিবলৈ আৰম্ভ কৰিছে । তেওঁ কয় যে সাৰদা কেলেংকাৰীত শৰ্মাৰ নাম আহিছিল আৰু তাৰ পিছত চি বি আইৰ অভিযান আৰম্ভ হৈছিল আৰু ২০১৪ চনত তেওঁকো ৪ ঘণ্টা ধৰি জেৰা কৰা হৈছিল ।

লগতে পঢ়ক: সন্থালত হিন্দুৰ জনসংখ্যা ৯০ৰ পৰা ৬৭ শতাংশলৈ হ্ৰাস পাইছে : হিমন্ত বিশ্ব শৰ্মা

বিজেপিয়ে উত্তৰ দিলে

সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক গুণ্ডা বুলি অভিহিত কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দলৰ ৰাজ্যিক মুখপাত্ৰ প্ৰদীপ সিনহাই অসন্তুষ্টি প্ৰকাশ কৰি কয় যে পাপ্পু যাদৱৰ ভাবমূৰ্তি কি সেয়া কোৱাৰ প্ৰয়োজন নাই । তেওঁলোকে প্ৰমাণ লৈ আগবাঢ়ি আহিব লাগে । কেৱল তেনেকৈয়ে কাৰো বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব নোৱাৰি । বিশেষকৈ ইণ্ডি এলায়েন্সৰ নেতাসকলৰ চৰিত্ৰ হৈছে অভিযোগ উত্থাপন কৰি পলায়ন কৰা । সিনহাই লগতে কয় যে যদি কোনোবাই আমাৰ নেতাৰ বিৰুদ্ধে এনেদৰে কথা কয় তেন্তে আমি সহ্য নকৰো ।

Last Updated : November 6, 2024 at 10:58 PM IST