Jee মেইন ২০২৫ ৰ ফলাফল ঘোষণা; ১০০ শতাংশৰে উজলিল ২৪ গৰাকী
দেশৰ সৰ্ববৃহৎ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ যুটীয়া প্ৰৱেশ পৰীক্ষা মেইনৰ ফলাফল ঘোষণা । শীৰ্ষস্থানপ্ৰাপ্তসকলৰ ভিতৰত ৰাজস্থানৰ ৬ গৰাকী ।

Published : April 19, 2025 at 10:56 AM IST
নতুন দিল্লী: নেশ্যনেল টেষ্টিং এজেন্সিয়ে (এন টি এ) শুকুৰবাৰে নিশা দেশৰ সৰ্ববৃহৎ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ যুটীয়া প্ৰৱেশ পৰীক্ষা মেইন (জে ই ই মেইন ২০২৫) ৰ ফলাফল প্ৰকাশ কৰে । দুই ছাত্ৰীসহ প্ৰায় ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত ১০০ ৰ ভিতৰত ১০০ নম্বৰে লাভ কৰিবলৈ সক্ষম হ'ল ।
জে ই ই মেইন পৰীক্ষা জানুৱাৰী আৰু এপ্ৰিলত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । এইবাৰ ১৫,৩৯,৮৪৮ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল । তাৰ ভিতৰত ১৪,৭৫,১০৩ গৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।
পৰীক্ষাৰ ফলাফলৰ লগে লগে জে ই ই এডভান্সড ২০২৫ ৰ কাট-অফ নম্বৰো মুকলি কৰা হৈছে । য'ত ২,৫০,২৩৬ গৰাকী প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে । এন টি এয়ে এপ্ৰিলত অনুষ্ঠিত পৰীক্ষাৰ চূড়ান্ত উত্তৰ কীও অফিচিয়েল ৱেবছাইটত আপলোড কৰিছে । প্ৰাৰ্থীসকলে ইণ্টাৰনেটত https://jeemain.nta.nic.in/ ছাৰ্জ কৰি তেওঁলোকৰ ফলাফল আৰু দুয়োটা পৰ্যায়ৰ পৰীক্ষাৰ একত্ৰিত শতাংশ নম্বৰ পৰীক্ষা কৰিব পাৰিব ।
১০০ শতাংশৰে উজলিল ২৪ গৰাকী প্ৰাৰ্থী
ৰাজস্থান : ওমপ্ৰকাশ বেহেৰা, সাক্ষম জিন্দল, অৰ্ণৱ সিং, ৰজিত গুপ্তা, মহম্মদ আনাছ, লক্ষ্য শৰ্মা
অন্ধ্ৰপ্ৰদেশ : ছাই মনোগনা গুথিকোণ্ডা
দিল্লী : দক্ষ, হৰ্ষ ঝা
গুজৰাট : শিৱেন বিকাশ তোচনিৱাল, অদিত প্ৰকাশ বাগড়ে
কৰ্ণাটক : কুশ্বাগ্ৰা গুপ্তা
মহাৰাষ্ট্ৰ : আয়ুষ ৰবি চৌধুৰী, সান্নিধ্য ছৰাফ, বিষাদ জৈন
তেলেংগানা : ৱাঙ্গলা অজয় ৰেড্ডী, বাণী ব্ৰত মাঁঝি, হৰ্ষ এ গুপ্তা
উত্তৰ প্ৰদেশ : শ্ৰেয়া লোহিয়া, কুশ্বাগ্ৰা বাঙ্গা, সৌৰভ
পশ্চিমবংগ : দেৱদত্তা মাঁঝি, অৰ্চিছমান নন্দী
শীৰ্ষ স্থানৰ অধিকাংশ ৰাজস্থানৰ
১০০ শতাংশ নম্বৰ লাভ কৰা ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকী কেৱল ৰাজস্থানৰ । শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাৰ মতে, ৰাজস্থানত জে ই ই শীৰ্ষস্থান লাভ কৰাত কোটা প্ৰশিক্ষণ কেন্দ্ৰৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে । ৰাজস্থানৰ পিছত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু তেলেংগানাৰ পৰা ৩ গৰাকীকৈ প্ৰাৰ্থীয়ে শীৰ্ষস্থান লাভ কৰিছে । দিল্লী, গুজৰাট আৰু পশ্চিমবংগৰ পৰা দুগৰাকীকৈ প্ৰাৰ্থীয়ে শীৰ্ষস্থান দখল কৰিছে । কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা এগৰাকীকৈ প্ৰাৰ্থীয়ে শীৰ্ষস্থান দখল কৰিছে । এনটিএয়ে কয় যে ১১০ গৰাকী প্ৰাৰ্থীৰ ফলাফল স্থগিত ৰখা হৈছে । কিয়নো তেওঁলোকে জাল নথিপত্ৰসহ অন্যায় উপায় অৱলম্বন কৰা দেখা গৈছিল ।
৯ খন ৰাজ্যৰ পৰা শীৰ্ষস্থানপ্ৰাপ্ত
এন টি এয়ে ৰাজ্যৰ শীৰ্ষস্থানপ্ৰাপ্তসকলৰ তালিকাও প্ৰকাশ কৰিছে । এটা ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অমিত আহুজা কেৰিয়াৰ পৰামৰ্শ বিশেষজ্ঞই কয় যে, মুঠ ৫৩ গৰাকী প্ৰাৰ্থীক ৰাজ্যিক শীৰ্ষস্থানপ্ৰাপ্ত বুলি ঘোষণা কৰা হৈছে । যাৰ ভিতৰত ২৪ গৰাকী প্ৰাৰ্থীক ১০০ শতাংশ নম্বৰ পোৱাৰ বাবে ৰাজ্যিক শীৰ্ষস্থানপ্ৰাপ্ত বুলি গণ্য কৰা হৈছে । এই ২৪ গৰাকী শীৰ্ষস্থানপ্ৰাপ্ত প্ৰাৰ্থী ৯ খন ৰাজ্যৰ । একে সময়তে ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছিল য'ৰ পৰা কোনো শীৰ্ষস্থান প্ৰাপ্ত নাই । তাৰ ভিতৰত আছে আন্দামান নিকোবৰ, বিহাৰ, কেৰালা, মধ্য প্ৰদেশ, তামিলনাডু আদি । অৱশ্যে ভাৰতৰ বাহিৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা কোনো প্ৰাৰ্থী ৰাজ্যিক শীৰ্ষস্থানপ্ৰাপ্ত হ'ব নোৱাৰে ।
শীৰ্ষস্থানপ্ৰাপ্তৰ ভিতৰত ২ গৰাকী ছাত্ৰীও আছে
১০০ শতাংশ নম্বৰ লাভ কৰা সকলৰ ভিতৰত দুগৰাকী ছাত্ৰীও আছে । পশ্চিমবংগৰ দেৱদত্তা মাঝি আৰু অন্ধ্ৰপ্ৰদেশৰ ছাই মনোগনা গুথিকোণ্ডা । সাধাৰণ শ্ৰেণীৰ ২১ গৰাকী শীৰ্ষ স্থানপ্ৰাপ্ত প্ৰাৰ্থী আছে । অ' বি চি, ই ডব্লিউ এছ আৰু অনুসূচীত জাতি শ্ৰেণীৰ ১ জনকৈ আৰু মহিলা শ্ৰেণীৰ ২ গৰাকী পৰীক্ষাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : অযোধ্যাৰ ৰাম মন্দিৰত ৮০ মিটাৰ দৈৰ্ঘৰ সুৰংগ নিৰ্মাণ, জানক ইয়াৰ আঁৰৰ ৰহস্য - TUNNEL AT RAM TEMPLE

