ETV Bharat / bharat

JEE এডভান্স 2025 ৰ ফলাফল ঘোষণা, কোনে পালে শীৰ্ষ স্থান ? - JEE ADVANCE 2025 RESULT

আই আই টি দিল্লী মণ্ডলৰ ৰাজিত গুপ্তাই ৩৬০ নম্বৰৰ ভিতৰত ৩৩২ নম্বৰ লাভ কৰি কমন ৰেংক লিষ্ট (চি আৰ এল) ত দখল কৰে শীৰ্ষস্থান ।

JEE ADVANCE 2025 RESULT
জে ই ই এডভান্স 2025 (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 6:26 PM IST

3 Min Read

নতুন দিল্লী: সোমবাৰে জে ই ই এডভান্স পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে । অভিযান্ত্ৰিক পৰীক্ষাত আই আই টি দিল্লী মণ্ডলৰ ৰাজিত গুপ্তাই ৩৬০ নম্বৰৰ ভিতৰত ৩৩২ নম্বৰ লাভ কৰি কমন ৰেংক লিষ্টত শীৰ্ষস্থান দখল কৰে । ১৮ মে’ত অনুষ্ঠিত জে ই ই এডভান্স ২০২৫ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৫৪,৩৭৮ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে ।

এইবাৰ জে ই ই (এডভান্স) ২০২৫ ৰ ১ আৰু ২ নং দুয়োখন পেপাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হয় মুঠ ১,৮০,৪২২ গৰাকী পৰীক্ষাৰ্থী ৷ দুটা শ্বিফটত অনুষ্ঠিত হৈছিল পৰীক্ষা । প্ৰথমখন পেপাৰৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয়খন পেপাৰৰ পৰীক্ষা দুপৰীয়া ২.৩০ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ অনুষ্ঠিত হৈছিল ।

৩৬০ নম্বৰৰ ভিতৰত ৩১২ নম্বৰ লাভ কৰি চি আৰ এলত সৰ্বভাৰতীয় মহিলা টপাৰ হিচাপে বিবেচিত হৈছে আই আই টি খড়্গপুৰ মণ্ডলৰ দেৱদত্ত মাঝি । বিগত ২৫ মে’ত জে ই ই এডভান্সৰ অস্থায়ী উত্তৰবহী প্ৰকাশ কৰি ২৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে প্ৰাৰ্থীসকলক নিজৰ নিজৰ আপত্তিসমূহ দৰ্শাবলৈ অনুমতি দিয়া হৈছিল ।

পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে আই আই টিত নামভৰ্তিৰ বাবে JOSHA কাউন্সেলিং প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব ৷ যাৰ বাবে পঞ্জীয়ন আৰম্ভ হ’ব ৩ জুন তাৰিখৰ পৰা ।

ফলাফলৰ বাবে ক্লিক কৰক jeeadv.ac.in

JEE Advanced Result 2025, ডাইৰেক্ট লিংক, কাট অফ আৰু অন্যান্য আপডেটৰ বাবে ৱেবছাইট jeeadv.ac.in চাওক । যৌথ প্ৰৱেশ পৰীক্ষা (জে ই ই) এডভান্স ২০২৫ অনুষ্ঠিত কৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি আই আই টি কানপুৰে পৰীক্ষাৰ ফলাফল আৰু উত্তৰ বহী ইতিমধ্যে প্ৰকাশ কৰিছে ৷

সমগ্ৰ দেশৰ আই আই টিত স্নাতক অভিযান্ত্ৰিক কাৰ্যসূচীত নামভৰ্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয় । ২২ মে’ত ৰেছপন্স শ্বীট(Response sheet) প্ৰকাশ কৰাৰ পিছত ২৬ মে’ত চূড়ান্ত উত্তৰবহী প্ৰকাশ কৰা হয় । চূড়ান্ত উত্তৰবহীৰ সৈতে পৰীক্ষাৰ ফলাফলো প্ৰকাশ কৰা হয় ৷

পৰীক্ষাৰ স্ক’ৰকাৰ্ড পৰীক্ষা কৰিবলৈ পৰীক্ষাৰ্থীয়ে ৰোল নম্বৰ, জন্মৰ তাৰিখ আৰু ম’বাইল নম্বৰ দিব লাগিব । চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলে যুটীয়া আসন আবণ্টন কৰ্তৃপক্ষ (জোছা)ৰ পৰামৰ্শ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে যোগ্য বিবেচিত হ’ব । জোছাই ২৩ টা আই চি টি, ৩২ টা এন আই টি, ২৬ টা আই আই আই টি আৰু অন্যান্য ৩৮ টা কেন্দ্ৰীয় পুঁজিৰে চলি থকা কাৰিকৰী প্ৰতিষ্ঠান (জি এফ টি আই)ৰ বাবে আসন আবণ্টনৰ তদাৰক কৰে ।

ফলাফল ঘোষণাৰ পিছত শীঘ্ৰে সম্পূৰ্ণ কাউন্সেলিং সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে । যিসকল পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগৰ সৈতে জে ই ই মেইন পৰীক্ষাত যোগ্যতা অৰ্জন কৰে, তেওঁলোকৰ বাবে প্ৰতি বছৰে জে ই ই এডভান্স অনুষ্ঠিত হয় ।

ভাৰতৰ অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা হিচাপে গণ্য কৰা এই পৰীক্ষাত ধাৰণাগত আৰু প্ৰয়োগভিত্তিক প্ৰশ্নৰ জৰিয়তে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ পৰীক্ষাৰ্থীৰ মূল্যায়ন কৰা হয় । প্ৰাৰ্থীসকলে ইয়াত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰি জে ই ই এডভান্স ফলাফল ২০২৫ লাভ কৰিব পাৰিব ।

লগতে পঢ়ক: তেলেংগানা ৰাজ্য গঠনৰ ১১ বছৰ সম্পূৰ্ণ; ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ সামাজিক মাধ্যমত শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.