বান-ভূমিস্খলনত বিধ্বস্ত উত্তৰ-পূৰ্বাঞ্চল; ছিকিমত ভূমিস্খলনত নিহত জোৱান
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বান আৰু ভূমিস্খলনৰ ঘটনাত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি কেইবাজনৰো মৃত্যু হৈছে ।

Published : June 2, 2025 at 7:24 PM IST
তেজপুৰ : এক শিহৰণকাৰী দৃশ্য । অৰুণাচল প্ৰদেশত এটাৰ পিছত আন এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে । এখন ওলোমা দলঙৰ ওপৰত থকা এডাল ৰছীৰ দ্বাৰা এজন লোকে বিপদ সংকুল যাত্ৰাৰে পানীৰ কোবাল সোঁতৰ মাজেৰে পাৰ হৈছে ।
সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ঘটনা অৰুণাচল প্ৰদেশৰ ডিবাং ভেলীৰ আনিনিৰ এখন নদীৰ ওপৰত থকা ওলোমা দলঙেৰে পাৰ হৈ যোৱাৰ । পাৰ হৈ থকা ব্যক্তি জন আঞ্জাও জিলাৰ । তেওঁ আনিনিলৈ আহি ঘূৰি যোৱাৰ সময়ত নৈৰ ঢৌৱে দলংখন বিপদাপন্ন কৰি তোলে । সম্প্ৰতি এই শিহৰণকাৰী ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
আনহাতে, শনিবাৰে লোহিত জিলাত বাঢ়নী পানীত উটি গৈ নিৰুদ্দেশ হোৱা ১৮ বছৰীয়া ল’ৰা এটাৰ মৃতদেহ দেওবাৰে বিয়লি উদ্ধাৰ কৰা হয় । জানিব পৰা মতে, বৰপেটা জিলাৰ জনীয়া নিবাসী গুপ্তজিৎ ভৰালী নামৰ যুৱকজনক যোৱা ৩১ মে’ৰ পুৱা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত ডাংলাট গাঁৱৰ সমীপৰ চুকা নলা অঞ্চলৰ পৰা উটুৱাই নিয়াৰ খবৰ পোৱা গৈছে ।

দেওবাৰে বিয়লি প্ৰায় ৩ বজাত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী আৰু স্থানীয় আৰক্ষীৰ যৌথ দলে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰত নিশ্চিত কৰিছে । ইফালে আন এক সুকীয়া ঘটনাত যোৱা ৩১ মে’ৰ পুৱা ৮ বজাৰ পৰা লোহিত জিলাৰ পৰশুৰাম কুণ্ডৰ সমীপৰ টুলো ৰিজ’ৰ্টৰ পৰা অসমৰ এজন দন্ত চিকিৎসক নিৰুদ্দেশ হৈছে ।
মটৰচাইকেলেৰে অহা বুলি খবৰ পোৱা ব্যক্তিজনক শেষবাৰৰ বাবে অঞ্চলটোত অবিৰত বৰষুণৰ ফলত ভূমিস্খলন আৰু বানপানীৰ ফলত কোঠা স্থানান্তৰিত কৰি থকা অৱস্থাত ৰিজ’ৰ্টৰ কৰ্মচাৰীয়ে দেখা পাইছিল । ঘটনাৰ সবিশেষ তথ্য জানিবলৈ পৰা হোৱা নাই যদিও তেওঁৰ সকলো ব্যক্তিগত সামগ্ৰী ৰিজ’ৰ্টৰ কৰ্মীয়ে উদ্ধাৰ কৰিছে ।

ছিকিমত ভূমিস্খলন
ছিকিমৰ লাচেনৰ জিলাৰ ভাৰতীয় সেনাৰ চাটেন শিবিৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ভাৰতীয় সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । প্ৰচণ্ড বৰষুণৰ ফলত সংঘটিত ভয়াৱহ ভূমিস্খলনত ছিকিমৰ লাচেনৰ জিলাৰ চাটেনত থকা ভাৰতীয় সেনাৰ শিবিৰত থকা তিনিজন জোৱান নিহত হয় ।

ভাৰতীয় সেনাই অৱশ্যে তৎক্ষণাত উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰতিকূলতা অৱস্থাৰ সন্মুখীন হৈও সামান্য আঘাতপ্ৰাপ্ত চাৰিজন ব্যক্তিক উদ্ধাৰ কৰাৰ বিপৰীতে তিনিজন সাহসী জোৱান হাবিলদাৰ লখবিন্দৰ সিং, লেন্স নায়ক মুনিছ ঠাকুৰ আৰু প'ৰ্টাৰ অভিষেক লখাডাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে জনায় ।
আনহাতে, নিৰুদ্দেশ হৈ থকা ছয়জন জোৱানক বিচাৰি উলিয়াবলৈ আৰু উদ্ধাৰৰ বাবে অতি প্ৰত্যাহ্বানজনক ভূখণ্ড আৰু প্ৰতিকূল বতৰৰ মাজতে উদ্ধাৰকাৰী দলে অহৰ্নিশে কাম কৰি আছে ।

ইফালে এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা সাহসী জোৱানকেইজনৰ পৰিয়াললৈ ভাৰতীয় সেনাই গভীৰ শোক প্ৰকাশ কৰিছে । এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালকেইটাক প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে ।
অসমৰ ১৯ খন জিলা বানাক্ৰান্ত
চৰকাৰী তথ্য মতে, দেওবাৰ সন্ধিয়ালৈকে অসমৰ ১৯ খন গাঁও প্ৰথমটো বানৰ কবলত পৰিছে । এই ১৯ খন জিলাৰ মুঠ ৫৬ টা ৰাজহ চক্ৰৰ ৭৬৪ খন গাঁৱৰ মুঠ ১,৪৪৫২৭ জন লোক প্ৰথমটো বানৰ কবলত পৰিছে ।
মণিপুৰৰ বান পৰিস্থিতি
বিগত কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ব্যাপক ভূমিস্খলনৰ ফলত জনজীৱন ব্যাহত হৈছে । মণিপুৰৰ ইম্ফল উপত্যকাত চলি থকা বান পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই মণিপুৰ আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ, মণিপুৰ অগ্নিনিৰ্বাপক সেৱা, অসম ৰাইফলছ আৰু সেনাকে ধৰি নিৰাপত্তা বাহিনীয়ে বান নিয়ন্ত্ৰণ ব্যৱস্থাৰ লগতে উদ্ধাৰ অভিযানত অসামৰিক কৰ্তৃপক্ষক সক্ৰিয়ভাৱে সহায় কৰি আছে ।
দুৰ্বল অঞ্চলৰ মথাউৰি শক্তিশালী কৰাত নিৰাপত্তা বাহিনীয়ে সহায় কৰিছে । লগতে ইম্ফল পূব জিলাৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশু আৰু জ্যেষ্ঠ নাগৰিককে ধৰি বহু আবদ্ধ বাসিন্দাক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

ত্ৰিপুৰাৰ বান পৰিস্থিতি
আনহাতে, ত্ৰিপুৰাত বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত বিশেষকৈ পশ্চিম জিলাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে । বিভিন্ন স্থান বানত বুৰ গৈছে । স্থানীয় লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।
মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই তেওঁৰ X হেণ্ডেলত প্ৰকাশ কৰিছে, "প্ৰশাসনে সকলোতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । দেওবাৰে আগৰতলা চহৰৰ হাওৰা নদীৰ পাৰৰ চন্দ্ৰপুৰ, প্ৰতাপগড়, বৰদোৱালিকে ধৰি বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ শিবিৰসমূহত সামগ্ৰিক ব্যৱস্থাপনা পৰীক্ষা কৰি নাগৰিকসকলৰ সৈতে মত বিনিময় তকো । "
স্বামী দয়ালানন্দ বিদ্যানিকেতন, ধলেশ্বৰ ৰামঠাকুৰ পাঠশালা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, প্ৰতাপগড় বিবেকানন্দ বিদ্যা মন্দিৰ, বৰদলৈ বি আৰ আম্বেদকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জয়নগৰ প্ৰগতি বিদ্যা ভৱন, কৃষ্ণনগৰ মহাৰাণী তুলসীবাতী বালিকা বিদ্যালয় নেতাজী আদৰ্শ শিক্ষা মন্দিৰ, ৱাৰ্ড নং ৩২-ত মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই এই শিবিৰসমূহ পৰিদৰ্শন কৰে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ।

