ভাৰতৰ জৱাহৰ; স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক স্মৰণ
Jawaharlal Nehru: প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ শীৰ্ষ ৰাজনীতিবিদসকলে সামাজিক মাধ্যমৰ জৰিয়তে জৱাহৰলাল নেহৰুক স্মৰণ কৰে ।

By ANI
Published : November 14, 2024 at 11:29 AM IST
নতুন দিল্লী : আজি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী । দেশবাসীয়ে দেশৰ মহান নায়ক নেহৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "তেওঁৰ জন্ম জয়ন্তী উপলক্ষে মই আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি জনাইছো ।"
জৱাহৰলাল নেহৰুক স্মৰণ
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও দিল্লীৰ শান্তি ভানত প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতিয়েও জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক 'ভাৰতৰ জৱাহৰ' বুলি অভিহিত কৰে । ৰাহুল গান্ধীয়ে কয় যে জৱাহৰলাল নেহৰুৰ 'গণতান্ত্ৰিক, প্ৰগতিশীল, নিৰ্ভীক, দূৰদৰ্শী, সামগ্ৰিক' মূল্যবোধৰ ওপৰত ভাৰত সদায় থাকিব ।
ৰাহুল গান্ধীয়ে এক্সৰ পোষ্টত লিখিছে, "আধুনিক ভাৰতৰ পিতৃ, প্ৰতিষ্ঠানৰ স্ৰষ্টা, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুজীক তেওঁৰ জন্ম জয়ন্তীত সন্মানজনক অভিবাদন জনাইছো । গণতান্ত্ৰিক, প্ৰগতিশীল, নিৰ্ভীক, দূৰদৰ্শী, সামগ্ৰিক -'ভাৰতৰ জৱাহৰ'ৰ এই মূল্যবোধবোৰ আমাৰ আদৰ্শ আৰু হিন্দুস্তানৰ স্তম্ভ আৰু সদায় তেনেকৈয়ে থাকিব ।"
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দেশৰ প্ৰতি তেওঁৰ 'অভূতপূৰ্ব অৱদান'ৰ কথা স্মৰণ কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুক স্মৰণ কৰি খাৰ্গে তেওঁক 'আধুনিক ভাৰতৰ স্থপতি' বুলি অভিহিত কৰে আৰু কয় যে তেওঁহে ভাৰতক 'শূন্যৰ পৰা শীৰ্ষলৈ' লৈ গৈছিল ।
খাৰ্গেয়ে তেওঁৰ এক্সত প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ দ্বাৰা ৰচিত 'দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া'ৰ এটা অংশও শ্বেয়াৰ কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক "সন্মানজনক অভিবাদন" জনাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে তেওঁহে সদায় ৰাইজক 'নিৰ্ভীক' হ'বলৈ আৰু 'নিস্বাৰ্থভাৱে সেৱা কৰিবলৈ' শিকাইছিল । আনহাতে, তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিটো পৰ্যায়ত ৰাইজক সৰ্বোচ্চ কৰি ৰাখিছিল ।
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয় । এইবছৰো দেশৰ প্ৰতিটো প্ৰান্ততে শিশু দিৱস পালন কৰা হৈছে ।
লগতে পঢ়ক : হিংসাজৰ্জৰ মণিপুৰলৈ কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত ২০ টা কোম্পানী প্ৰেৰণ

