জম্মু কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ ২ জোৱান
১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষত বৰ্তমানলৈ দুটা সন্ত্ৰাসবাদী নিহত হৈছে আৰু আহত হৈছে ৯ জন নিৰাপত্তাৰক্ষী ।


Published : August 9, 2025 at 10:24 AM IST
শ্ৰীনগৰ : দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ আখল অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে নিশা হোৱা গুলীচালনাত দুজন সেনা জোৱান নিহত হয় ৷ শনিবাৰে এই ভয়াৱহ সংঘৰ্ষই নৱম দিনটোত প্ৰৱেশ কৰি শেহতীয়া ইতিহাসৰ অন্যতম দীঘলীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযান হিচাপে পৰিগণিত হৈছে ৷
বিষয়াসকলৰ মতে, ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই অভিযানত এতিয়ালৈকে কমেও ৯ জন নিৰাপত্তাৰক্ষী আহত হৈছে ৷ ইফালে প্ৰথম দুদিনত দুটা সন্ত্ৰাসবাদী নিহত হৈছে ৷ শ্বহীদ জোৱানকেইজন লেন্স নাইক প্ৰীতপাল সিং আৰু চিপাহী হৰমিন্দৰ সিং বুলি জানিব পৰা হৈছে ৷ ভাৰতীয় সেনাই নিশ্চিত কৰিছে যে এই সংৰ্ঘষ এতিয়াও চলি আছে ৷
"অপাৰেচন আখল, কুলগাম চিনাৰ কৰ্পছে জাতিৰ বাবে কৰ্তব্যৰত বীৰহৃদয়, লেফটেনেণ্ট কমাণ্ডাৰ প্ৰীতপাল সিং আৰু চিপাহী হৰমিন্দৰ সিঙৰ সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধাঞ্জলি জনাইছে ৷ তেওঁলোকৰ সাহস আৰু নিষ্ঠাই আমাক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰি থাকিব ৷ ভাৰতীয় সেনাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত লোকসকলৰ সৈতে সংহতিৰে থিয় দিছে ৷ অভিযান অব্যাহত আছে ৷" ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে এক্সত পোষ্ট কৰে ৷
Update: OP AKHAL, Kulgam
— Chinar Corps🍁 - Indian Army (@ChinarcorpsIA) August 9, 2025
Chinar Corps honours the supreme sacrifice of the Bravehearts, L/Nk Pritpal Singh and Sep Harminder Singh, in line of duty for the Nation. Their courage and dedication will forever inspire us. #IndianArmy expresses deepest condolences and stand in… pic.twitter.com/La4i49Ov2h
উজনি কাশ্মীৰ জিলাৰ আখলৰ এখন বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে চোৰাংচোৱা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰাৰ পিছতে এই এনকাউণ্টাৰ আৰম্ভ হয় ৷
শুকুৰবাৰে দুয়োপক্ষৰ মাজত প্ৰাৰম্ভিক গুলীচালনাৰ পিছত নিশাটোৰ বাবে অভিযান বন্ধ কৰি দিয়া হয় যদিও ঘেৰাও তীব্ৰতৰ কৰা হয় আৰু অতিৰিক্ত বাহিনীক ততাতৈয়াকৈ অঞ্চলটোলৈ প্ৰেৰণ কৰা হয় বুলি বিষয়াসকলে জনায় ৷
পিছদিনা যেতিয়া পুনৰ গুলীচালনা আৰম্ভ হয় তেতিয়া দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ নিহত সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ গোটৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ৷ নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে আৰু ঘন অৰণ্যত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ অব্যাহত ৰাখিছে ৷
জম্মু-কাশ্মীৰ আৰক্ষী অধীক্ষক নলিন প্ৰভাত আৰু সেনাৰ উত্তৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মাকে ধৰি আৰক্ষী আৰু সেনাৰ জ্যেষ্ঠ বিষয়াসকলে ২৪ ঘণ্টাই এই অভিযানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷
নিৰাপত্তা বাহিনীয়ে ড্ৰ’ন আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰি বনাঞ্চলত সন্ত্ৰাসবাদীক বিচাৰি উলিয়াইছে ৷ পেৰা কমাণ্ডোৱে লুকাই থকা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাত নিৰাপত্তা বাহিনীকো সহায় কৰি আছে ৷

