কিষ্টৱাৰ : জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ চাট্ৰুৰ সিংপোৰা অঞ্চলত বৃহস্পতিবাৰে পুৱাই নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা হয় ৷ অঞ্চলটোত কিমান সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে সেই সন্দৰ্ভত কোনো তথ্য পোৱা নাই । সম্প্ৰতি অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পহলগাম আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে । সকলো স্পৰ্শকাতৰ স্থানত নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰা হৈছে । সন্ত্ৰাসবাদীক সহায় কৰা সকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
পহলগাম আক্ৰমণৰ সময়ত আৰক্ষী তথা প্ৰশাসনৰ মুখৰ পৰাও জানিব পৰা গৈছিল যে সন্ত্ৰাসবাদীক স্থানীয় লোকে সহায় কৰা কৰিছিল, সেয়েহে তেওঁলোকে ইমান ডাঙৰ আক্ৰমণ সংঘটিত কৰিবলৈ সক্ষম হৈছিল ।
ইয়াৰ পূৰ্বে ১৬ মে’ত কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক ভি কে বাৰ্ডিয়ে জনাইছিল যে জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ সমন্বয়ত কেলাৰ, শ্বোপিয়ান আৰু ট্ৰালত ভাৰতীয় সেনাই চলোৱা দুটা পৃথক অভিযানত জম্মু-কাশ্মীৰত ছয়জন সন্ত্ৰাসবাদী নিহত হয় ।
ইতিমধ্যে সকলোৰে জ্ঞাত যে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেশ্যন সেন্দূৰ । এই অপাৰেশ্যনত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰি পেলাইছিল ৷ লগতে পাকিস্তানৰ দখল থকা জম্মু-কাশ্মীৰ কেবাটাও স্থানত ভাৰতে আক্ৰমণ কৰি সন্ত্ৰাসবাদীক উচিত শাস্তি বিহিছিল ৷
জানিব পৰা মতে, পাকিস্তানৰ কেবাটাও ডাঙৰ ঘাটিত প্ৰায় ১০০ সন্ত্ৰাসবাদী নিহত হৈছিল । এই সময়ছোৱাত সেনাই জয়ছৰ মুখ্য কাৰ্যালয় ভৱালপুৰ আৰু লস্কৰৰ মূল প্ৰশিক্ষণ শিবিৰ মুৰিদকে ধ্বংস কৰিবলৈ সক্ষম হৈছিল ।