ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত এতিয়াৰে পৰা নিষিদ্ধ লেবেলবিহীন খাদ্য

উপত্যকাটোত কেইবা কুইণ্টল পচি যোৱা মাংস উদ্ধাৰ হোৱাটোৱে গ্ৰাহকক চিন্তিত কৰি তুলিছে ৷ যাৰ বাবে বহুতেই এতিয়া বাহিৰত খাদ্য খোৱা বন্ধ কৰি দিছে ।

BAN ON UNLABELLED FOOD
শ্ৰীনগৰত থকা স্থানীয় খাদ্যৰ বিপণীসমূহৰ আজিকালি বেছিভাগেই খালী হৈ পৰি আছে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 8:42 PM IST

4 Min Read
Choose ETV Bharat

শ্ৰীনগৰ: প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপুষ্ট জম্মু আৰু কাশ্মীৰত দমে দমে ওলাইছে পচা মাংস ৷ এই ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷

উপত্যকাটোত বৃহৎ পৰিমাণৰ পচা মাংস পোৱাৰ পিছতে জম্মু-কাশ্মীৰত লেবেলবিহীন খাদ্য সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ অসুৰক্ষিত কোনো ধৰণৰ খাদ্য বিক্ৰী কৰাৰ কথা পোহৰলৈ আহিলে তেনেক্ষেত্ৰত ছবছৰ কাৰাদণ্ড বিহাকে ধৰি গুৰুতৰ শাস্তি প্ৰদান কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে ৷

এক চৰকাৰী নিৰ্দেশ অনুসৰি খাদ্য আৰু ঔষধ আয়ুক্ত স্মিতা শেঠীয়ে কয়, ‘‘জনস্বাস্থ্য সুৰক্ষা আৰু খাদ্য সুৰক্ষাৰ সৰ্বোচ্চ মানদণ্ড নিশ্চিত কৰাৰ স্বাৰ্থত নিৰ্মাতা, প্ৰচেছৰ, পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা, শীতল সংৰক্ষণ অপাৰেটৰ, পৰিবহণকাৰী আৰু ই-কমাৰ্চ প্লেটফৰ্মকে ধৰি খাদ্য ব্যৱসায় পৰিচালকসকলে (এফ বি অ’) খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ আৰু খাদ্য সুৰক্ষা আৰু মানদণ্ড (পেকেজিং আৰু লেবেলিং) নিয়মাৱলী, ২০২০ চনৰ নিয়মসমূহ মানি চলিব লাগিব ৷’’

‘‘সঠিক আৰু সম্পূৰ্ণ লেবেল অবিহনে পেকেটিং সামগ্ৰী বিক্ৰী কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে’’ বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ৷

আইন অনুসৰি পেকেটত ভৰোৱা ফ্ৰ’জেন মাংস আৰু কুকুৰাৰ সবিশেষ স্পষ্ট আৰু পাঠ্যভাৱে প্ৰদৰ্শন কৰাটো বাধ্যতামূলক । ইয়াৰ ভিতৰত খাদ্য সামগ্ৰীৰ নাম, উপাদানৰ তালিকা, নিৰ্ধাৰিত চিহ্নৰ সৈতে নিৰামিষভোজী বুলি ঘোষণা, উৎপাদন অথবা পেকিং আৰু ম্যাদ উকলাৰ তাৰিখ, সংৰক্ষণৰ চৰ্ত, প্ৰস্তুতকাৰক, পেকাৰ বা আমদানিকাৰকৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আৰু এফ এছ এছ এ আইৰ অনুজ্ঞাপত্ৰ নম্বৰ আৰু ল’গ’ আদি ৷

৩১ জুলাইত শ্ৰীনগৰৰ বাহিৰৰ অঞ্চলৰ শীতল ভঁৰালৰ পৰা ১২০০ কিলোগ্ৰাম পচা মাংস উদ্ধাৰ কৰাৰ পিছত কাশ্মীৰত এই অভিযান চলোৱা হৈছে ৷ জব্দকৃত ৬০ কুইণ্টলৰো অধিক পচি যোৱা ছাগলী মাংস এই সকলোবোৰ মানদণ্ডৰ সৈতে খাপ খোৱা নাছিল, যাৰ ফলত ঘৰৰ বাহিৰত খাদ্য গ্ৰহণ কৰাসকলৰ মাজত ভয় আৰু আতংকৰ সৃষ্টি হৈছিল । খাদ্য আৰু ঔষধ বিভাগৰ তথ্য অনুসৰি এই পচা মাংস হোটেল আৰু ৰেস্তোঁৰাসমূহত যোগান ধৰা হৈছিল ।

জম্মু-কাশ্মীৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনৰ সভাপতি বাবৰ চৌধৰীয়ে কয় যে জব্দ কৰাৰ পিছত তেওঁলোকৰ ৰেস্তোঁৰালৈ অহা লোকৰ সংখ্যা ৮০ শতাংশতকৈ অধিক হ্ৰাস পাইছে । এই খণ্ডৰ পৰা ৩.৫ লাখৰো অধিক লোকে জীৱিকা উপাৰ্জন কৰি আহিছিল ৷ বিক্ৰী হ্ৰাস পোৱাৰ বাবে সংস্থাটোৱে নিবনুৱা সমস্যাৰ আশংকা প্ৰকাশ কৰিছে ।

ঔষধ আৰু খাদ্য আয়ুক্তই পেকেজিং সামগ্ৰীসমূহ খাদ্য গ্ৰেডৰ মানদণ্ডৰ, নিৰাপদ, অবিষাক্ত কৰিবলৈ এফ এছ এছ এ আইৰ মানদণ্ডৰ সৈতে মিল থকা নীতি নিৰ্ধাৰণ কৰে ।

তেওঁ লগতে কয়, ‘‘ইয়াৰ উপৰিও হালাল প্ৰমাণিত (স্বেচ্ছামূলক) বুলি লেবেল লগোৱা যিকোনো সামগ্ৰীয়ে এফ এছ এছ এ আইৰ সকলো সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু লেবেলিঙৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব । কোনোৱে এই নিয়ম অমান্য কৰিলে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ ৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰা হ’ব ৷’’

নিয়ম অনুসৰি বিভাগটোক নিষিদ্ধ সামগ্ৰীৰ বাবে ৫ লাখ টকা পৰ্যন্ত, ভুল ব্ৰেণ্ডেড সামগ্ৰী বা লেবেলত উল্লেখ নথকাৰ বাবে ৩ লাখ টকা পৰ্যন্ত আৰ্থিক জৰিমনা (অস্বাস্থ্যকৰ অৱস্থাৰ বাবে ১ লাখ টকা পৰ্যন্ত (ধাৰা ৫৬) আৰোপ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে ৷ লগতে FSSAI পঞ্জীয়ন অবিহনে ২ লাখ টকা পৰ্যন্ত জৰিমনা আৰু FSSAI অনুজ্ঞাপত্ৰ অবিহনে ১০ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে ৷

অসুৰক্ষিত খাদ্যৰ সৈতে জড়িত অপৰাধৰ বাবে ছবছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে । তেওঁ লগতে কয়, ‘‘সকলো খাদ্য আৰু পানীয় ব্যৱসায়ীয়ে (এফ বি অ') তৎক্ষণাত নিজৰ কাৰ্যকলাপ পৰ্যালোচনা আৰু উন্নীত কৰিব লাগিব, সম্পূৰ্ণ নীতি-নিৰ্দেশনা নিশ্চিত কৰিব লাগিব, আপ-টু-ডেট ৰেকৰ্ড ৰক্ষা কৰিব লাগিব আৰু তেওঁলোকৰ আউটলেট আৰু অনলাইন বিক্ৰী প্লেটফৰ্মৰ পৰা যিকোনো নিষিদ্ধ সামগ্ৰী আঁতৰাব বা বাতিল কৰিব লাগিব ।’’

লগতে পঢ়ক: আপোনাৰ পৰিকল্পনাত এইবাৰ বতৰে লগাব পাৰে বিধি-পথালি, কি কয় বতৰ বিজ্ঞানে