ETV Bharat / bharat

প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে আদালতে দিলে গোচৰ ৰুজুৰ নিৰ্দেশ - SOFIA QURESHI CONTROVERSY

ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ অনুৰাধা শুক্লাৰ বিচাৰপীঠে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে দিছে গোচৰ ৰুজুৰ নিৰ্দেশ ৷ কিহৰ বাবে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দিলে এই নিৰ্দেশ ?

SOFIA QURESHI CONTROVERSY
আদালতে দিলে গোচৰ ৰুজুৰ নিৰ্দেশ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 14, 2025 at 8:35 PM IST

2 Min Read

জবলপুৰ: এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ ৷ মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাৰ পিছতে আদালতে এই নিৰ্দেশ দিছে ৷ জবলপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ অনুৰাধা শুক্লাৰ বিচাৰপীঠে দিছে এই নিৰ্দেশ ৷

মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী বিজয় শ্বাহে এখন ৰাজহুৱা সভাত কৰ্ণেল ছ’ফিয়া কুৰেশ্বী সন্দৰ্ভত প্ৰকাশ কৰিছিল কেতবোৰ বিতৰ্কিত মন্তব্য ৷ পৰৱৰ্তী সময়ত ইয়াৰ শুনানি চলি থকাৰ সময়তে ৪ ঘণ্টাৰ ভিতৰত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ লগতে গোচৰ ৰুজুৰ নিৰ্দেশ দিয়ে হয় আদালতে । জবলপুৰ উচ্চ ন্যায়ালয়ৰ যৌথ বিচাৰপীঠে সন্ধিয়াৰ ভিতৰত এই গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷

মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কি অভিযোগ

মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী বিজয় শ্বাহে অপাৰেশ্যন সেন্দূৰৰ বাবে লাইমলাইটলৈ অহা কৰ্ণেল ছ’ফিয়া কুৰেশ্বী সন্দৰ্ভত আগবঢ়াইছিল বিতৰ্কিত মন্তব্য ৷ এখন ৰাজহুৱা সভাত শ্বাহে কৰ্ণেল ছ’ফিয়াক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি অভিহিত কৰিছিল ৷

মন্ত্ৰী বিজয় শ্বাহে দিলে স্পষ্টীকৰণ

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক লৈ মন্ত্ৰী বিজয় শ্বাহে দিয়া মন্তব্যৰ পিছতে উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি । প্ৰতিখন চহৰতে কংগ্ৰেছে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

মন্তব্যটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক বাঢ়ি অহা দেখি বিজয় শ্বাহে এনেদৰে স্পষ্ট কৰি দিয়ে- "আমাৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সেন্দূৰ মচি দিয়াসকলক যোগ্য প্ৰত্যুত্তৰ দিছে ৷ মোৰ মন্তব্যক সেই দিশত নাচাব ৷ যিসকলে মোৰ মন্তব্য বেলেগ দিশলৈ নিব বিচাৰিছে, তেওঁলোকে সেয়া বন্ধ কৰক ৷"

বিজয় শ্বাহৰ মন্তব্যৰ পিছত কংগ্ৰেছৰ আক্ৰমণ

মন্ত্ৰী বিজয় শ্বাহৰ এই মন্তব্য এনে সময়ত প্ৰকাশ পাইছে, যেতিয়া সমগ্ৰ দেশে নিজৰ কন্যাক লৈ গৌৰৱ অনুভৱ কৰিছে । ছ’ফিয়া কুৰেশ্বীয়ে মধ্যপ্ৰদেশৰ ছাটাৰপুৰ জিলাৰ নৌগাঁৱৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ৷

ছ’ফিয়া কুৰেশ্বীৰ ভাতৃ বাণ্টী চুলেমানে কয় "ছ'ফিয়া মোৰ ভগ্নী, কিন্তু তাৰ আগতে তেওঁ সমগ্ৰ দেশৰ কন্যা । মধ্যপ্ৰদেশৰ মন্ত্ৰীয়ে দিয়া মন্তব্যৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই গুৰুত্ব দিয়া উচিত ।"

কৰ্ণেল ছ'ফিয়াক লৈ মন্ত্ৰী বিজয় শ্বাহে কৰা অপমানজনক মন্তব্যক লৈ আগ্ৰাসী হৈ পৰিছে কংগ্ৰেছ ।

বিৰোধী দলপতি উমং সিংহাৰে কয়, "মন্ত্ৰী বিজয় শ্বাহে শীৰ্ষ সেনা বিষয়াক লৈ দিয়া বক্তব্য কেৱল লজ্জাজনকেই নহয়, ই সেনা আৰু মহিলা উভয়কে কৰা অপমান । তেওঁ তৎক্ষণাত পদত্যাগ কৰিব লাগে ।"

লগতে পঢ়ক: পাকিস্তানত ভাৰতীয় উচ্চায়োগৰ বিষয়াক 'অবাঞ্ছিত' ঘোষণা, দেশ এৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.