বুৰহানপুৰ (সোনু সোহলে) : গৰু-ছাগলী, হাঁহ-কুকুৰা আদি এটা পৰিয়ালৰ বাবে যে জীৱিকাৰ অন্যতম উৎস হ'ব পাৰে সেই কথা আমি সকলোৱে জানো । কিন্তু এজনী ছাগলীয়ে যদি এটা পৰিয়ালৰ বাবে দৈনিক হাজাৰ টকাৰ উপাৰ্জন আনি দিব পাৰে সেইটো নিশ্চিতভাৱে এক আশ্চৰ্যকৰ কথা । বাস্তৱ ক্ষেত্ৰত সেয়াই ঘটিছে । মধ্যপ্ৰদেশৰ এখন গাঁৱৰ এটা পৰিয়ালৰ বাবে 'আলাদিনৰ চাকি' হৈ পৰিছে এই বিশেষ ছাগলীজনী । কিন্তু কেনেদৰে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।
বিয়াত উপহাৰ পোৱা এজনী ছাগলীয়ে সলনি কৰিছে এটা পৰিয়ালৰ জীৱন
বিয়াত উপহাৰ হিচাপে লাভ কৰা এজনী ছাগলীয়ে যে এটা পৰিয়ালৰ জীৱন এনেদৰে সলনি কৰিব পাৰে সেয়া কোনেও হয়তো ভাবিব নোৱাৰে । মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাৰ 'জানু' এতিয়া মানুহতকৈ অধিক জনপ্ৰিয় হৈ পৰিছে । আৰু সেইটো হোৱাৰে কথা । কিয়নো 'জানু' নামৰ ছাগলীজনীয়ে যে এটা পৰিয়ালক ভৰণ-পোষণৰ খৰচ যোগাই জীৱন নিৰ্বাহত অৰিহণা যোগাই আহিছে ।
ক'বলৈ গ'লে পাটোন্দা অঞ্চলৰ বাসিন্দা ৰাজু আৰু তেওঁৰ পত্নী নূৰজাহানে জানুক লালন-পালন কৰি আহিছে যদিও প্ৰকৃতাৰ্থত কিন্তু জানুৱেহে পৰিয়ালটোক পোহপাল দি আছে । জানু নামৰ এই ছাগলীটোৰ কাহিনীও যথেষ্ট আমোদজনক, যি ৰাজু আৰু নূৰজাহনৰ জীৱনলৈ এক আশীৰ্বাদ হৈ আছে ।

জানু নামৰ ছাগলীটোৱে এনেদৰে চম্ভালি আছে সমগ্ৰ পৰিয়ালটো
বিয়াৰ সময়ত নূৰজাহানে এই ছাগলীটো উপহাৰ হিচাপে লাভ কৰিছিল । এই ছাগলীটোৱে এতিয়া সমগ্ৰ পৰিয়ালটোৰ বাবে উপাৰ্জন আৰু সুখৰ অন্যতম কাৰণ হৈ পৰিছে ।
নূৰজাহানে এই সন্দৰ্ভত কয়, "বিয়াৰ কিছুদিন পাছতেই 'জানু'ৱে সন্তান জন্ম দিয়া আৰম্ভ কৰে । প্ৰতিবছৰে চাৰিটাকৈ পোৱালি জন্ম দিয়া এই ছাগলীজনীয়ে এতিয়ালৈকে ৪০ টাতকৈ অধিক পঠা-পাঠী জন্ম দিছে ।" পৰিয়ালটোৰ মতে, প্ৰতিবছৰে এই ছাগলীবোৰ বিক্ৰী কৰি ৫০-৬০ হাজাৰ টকা উপাৰ্জন হয় । ইয়াৰ দ্বাৰাই তেওঁলোকৰ জীৱন উন্নত হৈছে ।
পৰিয়ালটোৰ বাবে পুঁজি হৈ পৰিছে জানু
জানুক এতিয়া পৰিয়ালটোৰ কেৱল সদস্যই নহয়, এক আশীৰ্বাদ হিচাপে গণ্য কৰে । এই সন্দৰ্ভত ৰাজুৰ মাতৃ চবিৰা বিবিয়ে কয়, "মোৰ বোৱাৰীয়ে যৌতুক হিচাপে যিটো ছাগলী লাভ কৰিছিল, তাইক আমি অতি মৰম-আদৰেৰে পালন কৰিছো । তাই এতিয়া সমগ্ৰ পৰিয়ালটোৰ বাবে জমা পুঁজি হৈ পৰিছে । মই প্ৰতিদিনে তাইক চৰাবলৈ লৈ যাওঁ আৰু ঘৰতো বিশেষ প্ৰতিপালন কৰো । এই ছাগলীটোৰ পোৱালিৰ সংখ্যা এতিয়া ইমান বেছি হৈ পৰিছে যে আমি আন কোনো ছাগলী ক্ৰয় কৰাৰ প্ৰয়োজনেই অনুভৱ নকৰো । এই সকলোবোৰ ছাগলী জানুৰে সন্তান ।"

সমগ্ৰ গাঁৱতে অতি জনপ্ৰিয় হৈছে জানু
চাবিৰা বিবিয়ে লগতে কয়, "এই ছাগলীটোৱে পৰিয়ালটোক কেৱল যে আৰ্থিক সহযোগিতায়ে আগবঢ়াই আহিছে তেনে নহয়, এতিয়া গাঁওখনৰো প্ৰিয় হৈ পৰিছে । গাঁৱৰ মানুহবোৰেও তাইক দানা-পানী দিবলৈ আহে আৰু মৰমেৰে "জ্যেষ্ঠ ছাগলী" বুলি কয় ।"
এতিয়া যিহেতু জানুৰ বয়স প্ৰায় ২০ বছৰ সম্পূৰ্ণ হৈ গৈছে, তেনেক্ষেত্ৰত ছাগলীটোৰ গৰাকী নূৰজাহানে কয়, ''জানুৱে আমাক কেৱল ছাগলীয়ে দিয়া নাই, তাই আমাক আত্মনির্ভৰ কৰি তুলিছে, কঠিন সময়ত সহায় কৰিছে আৰু পৰিয়ালটোক একত্ৰিত কৰি ৰাখিছে ।" কেনেদৰে এটা পোহনীয়া জন্তু এটা পৰিয়ালৰ সমৃদ্ধিৰ কাৰণ হ'ব পাৰে তাৰ উদাহৰণ হিচাপে এতিয়া জানু নামৰ এই ছাগলীটোৰ কাহিনী বুৰহানপুৰৰ প্ৰতিখন ঘৰতে আলোচনাৰ অন্যতম বিষয় হৈ পৰিছে ।