ETV Bharat / bharat

গৰুৰ গোবৰেৰে উষ্ণতা নিয়ন্ত্ৰণ: কলেজৰ অধ্যক্ষই হাতে-কামে কৰি দেখুৱালে শ্ৰেণীকোঠাৰ পৰীক্ষা - DU COLLEGE PRINCIPAL VIRAL VIDEO

ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হোৱা ভিডিঅ'টোত অধ্যাপিকা প্ৰত্যুষ বৎসলক তেওঁৰ কৰ্মচাৰীৰ সহায়ত দেৱালত লেপি থকা দেখা গৈছে ।

DU College Principal viral video
কলেজৰ এগৰাকী অধ্যক্ষই হাতে-কামে কৰি দেখুৱালে শ্ৰেণীকোঠাৰ পৰীক্ষা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 4:16 PM IST

3 Min Read

নতুন দিল্লী: পাঠ্যপুথিৰ জ্ঞান কেৱল তাত্ত্বিকভাৱে প্ৰদানতে শিক্ষকৰ দায়িত্ব সমাপ্ত নহয় । ইয়াৰ ব্যৱহাৰিক জ্ঞানৰ জৰিয়তে শিক্ষাৰ্থীক বাস্তৱ জ্ঞান প্ৰদানৰো দায়িত্ব আছে । ইয়াৰ দ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ জ্ঞান প্ৰদান আৰু গ্ৰহণৰ সাঁকো শক্তিশালী হয় । এয়া শিক্ষা বিষয়ৰ তত্ত্ব । শেহতীয়াকৈ ইয়াৰ এক অনন্য উদাহৰণ দাঙি ধৰিছে এখন কলেজৰ এগৰাকী অধ্যক্ষই ।

দিল্লী বিশ্ববিদ্যালয়ৰ লক্ষ্মীবাই মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে শেহতীয়াকৈ কোঠাৰ তাপমাত্ৰা হ্ৰাস কৰাৰ বাবে 'গৱেষণা প্ৰকল্প'ৰ অংশ হিচাপে এটা শ্ৰেণীকোঠাত গোবৰ আৰু অন্যান্য উপাদানেৰে লেপি থকা দেখা গৈছে । ইয়াৰে এটা ভিডিঅ' প্ৰকাশ পাইছে ।

কলেজৰ এগৰাকী অধ্যক্ষই হাতে-কামে কৰি দেখুৱালে শ্ৰেণীকোঠাৰ পৰীক্ষা (ETV Bharat)

ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হোৱা ভিডিঅ'টোত অধ্যাপিকা প্ৰত্যুষ বৎসলক তেওঁৰ কৰ্মচাৰীৰ সহায়ত দেৱালত লেপি থকা দেখা গৈছে । মহাবিদ্যালয়খনৰ পৰা লাভ কৰা তথ্য অনুসৰি, অধ্যক্ষগৰাকীয়ে ভিডিঅ'টো নিজেই মহাবিদ্যালয়ৰ শিক্ষক গোটৰ মাজত শ্বেয়াৰ কৰে । ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁ উল্লেখ কৰে যে থলুৱা পদ্ধতি গ্ৰহণ কৰি চি ব্লকত শ্ৰেণীকোঠা শীতল কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে ।

DU College Principal viral video
লক্ষ্মীবাঈ কলেজ (ETV Bharat)

"পৰিৱেশ অধ্যয়ন বিভাগৰ এক গৱেষণাৰ অংশ হিচাপে এইটো কৰা হৈছে । এইটো হৈছে তাপৰ চাপ নিয়ন্ত্ৰণৰ বাবে বোকাৰ দ্বাৰা কৰা এক ব্যৱস্থা... আমি পুৰণি ভৱনটোৰ দ্বিতীয় মহলাত ছয়টা কোঠাত এই পৰীক্ষাটো কৰি আছোঁ । এয়া কেৱল গোবৰেই নহয় । গোবৰ, মাটি, ৰঙা বালি, জিপচাম পাউডাৰ আৰু মুলতানি মাটি মিহলি কৰি এই পেষ্টটো প্ৰস্তুত কৰা হৈছে । ইয়াৰ লগতে কোঠাটোৰ তাপমাত্ৰা জোখাৰ বাবে তাত সঁজুলিও স্থাপন কৰা হৈছে ।" বৎসলে সোমবাৰে ই টিভি ভাৰতৰ আগত কয় ।

তেওঁ কয় যে এই পৰীক্ষাটো কৰাৰ পূৰ্বে আৰু পিছত তেওঁলোকে কোঠাৰ তাপমাত্ৰাৰ পাৰ্থক্য পৰীক্ষা কৰিব । "কিছুমান লোকে অপ্ৰয়োজনীয় উৰাবাতৰি বিয়পাই আছে । শ্ৰেণীকোঠাত ফেনৰ কোনো অভাৱ নাই । ভিডিঅ'টোত ফেনবোৰো দেখা পাব ।" বৎসলে কয় ।

DU College Principal viral video
দেৱালত লেপি থকা অৱস্থাত অধ্যক্ষ (ETV Bharat Assam)

আনহাতে, মহাবিদ্যালয়খনৰ এগৰাকী শিক্ষকে কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত বৰ্ধিত তাপমাত্ৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে শ্ৰেণীকোঠাত কুলাৰ স্থাপন কৰিব লাগিছিল । "মহাবিদ্যালয়খনৰ কোঠাবোৰ ডাঙৰ আৰু তাৰ বহুততে পৰ্যাপ্ত ফেন নাই । শিক্ষাৰ্থীসকলে গ্ৰীষ্মকালত যথেষ্ট সমস্যাৰ সন্মুখীন হয় । কোনো কোঠাত এ চি নাই । কোনো কুলাৰো নাই । শিক্ষাৰ্থীসকলে কেৱল ফেনৰ তলত বহিহে পাঠ গ্ৰহণ কৰিব লাগে । কিন্তু তাৰো সংখ্যা কম ।" নাম প্ৰকাশত অনিচ্ছুক শিক্ষকগৰাকীয়ে কয় ।

ইফালে শিক্ষক সংগঠন ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষক কংগ্ৰেছৰ সভাপতি অধ্যাপক পংকজ গাৰ্গে কয় যে মহাবিদ্যালয়খনত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে প্ৰাথমিক সুবিধা উন্নত কৰাৰ পৰিৱৰ্তে অধ্যক্ষই দেৱালবোৰক গোবৰেৰে প্লাষ্টাৰ কৰাতহে ব্যস্ত হৈ আছে । "আমি শিক্ষাৰ্থীসকলক কি বাৰ্তা দিব বিচাৰোঁ ? যি কি নহওক, কংক্ৰিটৰ দেৱালত গোবৰ প্ৰয়োগ কৰাৰ কোনো অৰ্থ নাই ।" তেওঁ কয় ।

উল্লেখ্য যে ১৯৬৫ চনত স্থাপিত মহাবিদ্যালয়খন ঝান্সিৰ ৰাণী লক্ষ্মীবাইৰ নামেৰে নামকৰণ কৰা হৈছে । মহাবিদ্যালয়খন অশোক বিহাৰত অৱস্থিত আৰু ই দিল্লী চৰকাৰৰ অধীনস্থ ।

লগতে পঢ়ক :এতিয়াৰে পৰা আৰু চিন্তা নাই, এটকাতে কৰিব পাৰিব দাঁতৰ যিকোনো সমস্যা সমাধান ! - FIRST ONE RUPEE DENTAL CLINIC
লগতে পঢ়ক :সাধাৰণ কৃষকৰ অসাধাৰণ উপহাৰ: নিজে মৰি আন সাতজনক দিলে নতুন জীৱন - BEED FARMERS FINAL GIFT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.