ETV Bharat / bharat

কৰ্ণাটকত ধৰ্ষণৰ বলি ইজৰাইলী মহিলা; পৰ্যটকৰ মৃতদেহ উদ্ধাৰ

অৱসৰ বিনোদনৰ বাবে যোৱা পৰ্যটকৰ দলক আক্ৰমণ । ইজৰাইলী মহিলা আৰু হোমষ্টেৰ মালিকক ধৰ্ষণ । পানীত উদ্ধাৰ আন এজন পৰ্যটকৰ মৃতদেহ ।

Koppal rape case
কৰ্ণাটকত ধৰ্ষণৰ বলি ইজৰাইলী মহিলা; পৰ্যটকৰ মৃতদেহ উদ্ধাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 1:49 PM IST

3 Min Read
Choose ETV Bharat

কপ্পাল : কৰ্ণাটকৰ কপ্পাল জিলাত জঘন্য ঘটনা । ইজৰাইলী পৰ্যটক আৰু হোমষ্টেৰ গৰাকীক ধৰ্ষণ দুৰ্বৃত্তৰ । দুৰ্বৃত্তৰ আক্ৰমণত ওড়িশাৰ এজন পৰ্যটকো নিহত হয় । ঘটনাটো গংগাৱতী তালুকৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে নিশা তুঙ্গভদ্ৰাৰ বাওঁ দিশৰ খালৰ কাষৰ গংগাৱতী তালুকৰ পৰ্যটনস্থলী ছানাপুৰা হ্ৰদৰ সমীপৰ জাংলি গাঁৱলৈ যোৱা পথত এই ঘটনা সংঘটিত হয় ।

আৰক্ষীয়ে জনোৱা মতে নিশা হোমষ্টেৰ স্বত্বাধিকাৰীৰ সৈতে পৰ্যটকৰ এটা দলে ছানাপুৰ হ্ৰদৰ সমীপৰ খালৰ ওচৰলৈ ফুৰিবলৈ গৈছিল । দলটোত হোমষ্টেৰ স্বত্বাধিকাৰীৰ সৈতে এজন আমেৰিকান পৰ্যটক, এগৰাকী ইজৰাইলী পৰ্যটক আৰু দুজন ঘৰুৱা পৰ্যটক আছিল । তেওঁলোকে নিশা গীটাৰ বজাই অৱসৰ বিনোদন উপভোগ কৰি আছিল । সেই সময়তে তিনি অচিনাক্ত দুৰ্বৃত্তই পেট্ৰ'লৰ বাবে টকা বিচাৰি তেওঁলোকৰ ওচৰলৈ আহিছিল ।

Koppal rape case
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত (ETV Bharat)

বিদেশী মহিলাক ধৰ্ষণ

সেই সময়ত দুয়োটা দলৰ মাজত তৰ্কযুদ্ধ আৰম্ভ হৈছিল । সেই সময়ত পৰ্যটকৰ দলটোত থকা তিনিজন পুৰুষক ঠেলি খালত পেলাই দিয়া হৈছিল । অভিযোগ অনুসৰি তাৰ পিছতে ইজৰাইলী মহিলা পৰ্যটক আৰু হোমষ্টেৰ গৰাকীক দুৰ্বৃত্তৰ দলটোৱে ধৰ্ষণ কৰে । খালত পৰি যোৱা তিনিজনৰ ভিতৰত আমেৰিকান পৰ্যটক ডেনিয়েল আৰু মহাৰাষ্ট্ৰৰ পংকজ পেটেলে সাঁতুৰি পলায়ন কৰিবলৈ সক্ষম হয় ।

ওড়িশাৰ পৰ্যটকৰ মৃতদেহ উদ্ধাৰ

কিন্তু বিভাষ নামৰ ওড়িশাৰ আন এজন পৰ্যটক সন্ধানহীন হৈ থাকে । অৱশ্যে পুৱা আৰক্ষীয়ে বিভাষৰ মৃতদেহ শনিবাৰে উদ্ধাৰ কৰে । মৃতদেহটো মল্লাপুৰৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ ওচৰত পোৱা যায় আৰু অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী বিভাগ আৰু স্থানীয় লোকৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰা হয় । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক হস্তান্তৰ কৰা হ'ব বুলি আৰক্ষীয়ে জনাইছে ।

Koppal rape case
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত (ETV Bharat)

আৰক্ষীয়ে জনোৱা মতে ঘটনাটোৰ পিছতে ভুক্তভোগী মহিলাকেইগৰাকীয়ে হোমষ্টেলৈ পলাই যাবলৈ সক্ষম হয় আৰু পিছত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে । উপ আৰক্ষী অধীক্ষক সিদ্ধলিঙ্গপ্পা গৌড়া পাটিল আৰু গংগাৱতী গ্ৰাম্য আৰক্ষী পৰিদৰ্শক সোমশেকাৰ জুট্টালে নিশাই ঘটনাস্থলী পৰিদৰ্শন কৰে ।

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি ৪ গৰাকী লোকক গংগাৱতী মহকুমা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হয় । ঘটনা সন্দৰ্ভত গংগাৱতী গ্ৰাম্য আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হয় আৰু তদন্ত চলি আছে । আৰক্ষী সূত্ৰই জনাইছে, "শুকুৰবাৰে পুৱা ড'গ স্কোৱাড আৰু ফৰেনচিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে । ঘটনাস্থলীত এখন দুচকীয়া বাহন আৰু এটা হেণ্ডবেগ পোৱা গৈছে । এটা কেমেৰা, পাৱাৰ বেংক, কলম, ভঙা গীটাৰ, হাতমোজা, চিগাৰেট আৰু তেজৰ দাগ থকা কাপোৰো পোৱা গৈছে ।"

ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কপ্পাল জিলাৰ আৰক্ষী অধীক্ষক ৰাম এল আৰাচিদ্দীয়ে কয়, "মৃতদেহটো পৰিয়ালক হস্তান্তৰ কৰা হ'ব । অপৰাধত জড়িত লোকৰ বিষয়ে এক সূত্ৰ পোৱা গৈছে । তিনিজন অভিযুক্তই স্থানীয় । পলাতক অভিযুক্তসকলক সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব ।"

লগতে পঢ়ক :পশ্চিম তীৰৰ পৰা ইজৰাইললৈ ঘূৰাই অনা হ'ল ১০ ভাৰতীয় শ্ৰমিক - INDIAN BROUGHT BACK TO ISRAEL