গাজীপুৰ: হনিমুনৰ বাবে ইন্দোৰৰ পৰা শ্বিলঙলৈ যোৱা ৰঘুবংশী দম্পতীৰ নিৰুদ্দেশ আৰু তাৰপিছত স্বামী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ কাহিনীত এক নতুন টুইষ্ট । বিগত ২৩ মে’ৰ পৰা শ্বিলঙত সন্ধানহীন হৈ আছিল সোনম আৰু তেওঁৰ স্বামী ৰাজা ৰঘুবংশী ।
২ জুনত ৰাজাৰ মৃতদেহ এটা খাৱৈত উদ্ধাৰ হোৱাৰ পিছত ঘটনাই মোৰ সলায় ৷ প্ৰায় এসপ্তাহজোৰা অভিযানৰ অন্তত ৯ জুন অৰ্থাৎ সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ এখন ধাবাত সোনমক প্ৰত্যক্ষ কৰা হৈছিল ৷ ধাবাত উপস্থিত হোৱাৰ পিছতে সোনমে আত্মসমৰ্পণ কৰে ৷ সোনমে ভাৰাতীয়া হত্যাকাৰীৰ দ্বাৰা স্বামীক হত্যা কৰোৱা বুলি ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
সোনমৰ আত্মসমৰ্পণৰ খবৰ লাভ কৰাৰ পিছত পিতৃ দেৱী সিঙে কয় যে তেওঁৰ কন্যা নিৰ্দোষী । তেওঁ কয় ‘‘ছোৱালীজনীয়ে জ্যেষ্ঠ ভাতৃ গোবিন্দক ফোনযোগে গাজীপুৰৰ এখন ধাবাত থকাৰ কথা ব্যক্ত কৰিছিল ৷ লগতে মোক বচাওক, মোক ইয়াৰ পৰা লৈ যাওক বুলিও ভাতৃক অনুৰোধ কৰিছিল ।’’

ইয়াৰ পিছতে গোবিন্দই ফোন কৰি সোনমৰ অৱস্থিতি লাভ কৰাৰ কথাটো পৰিয়ালবৰ্গক অৱগত কৰে । কিন্তু, সেই সময়ত সোনম অস্থিৰ হৈ পৰে । সোনমৰ পিতৃয়ে কয় ‘‘শ্বিলং আৰক্ষীৰ কাহিনী ভুল । চি বি আয়ে এই গোচৰৰ তদন্ত কৰিব লাগে । শ্বিলং আৰক্ষীয়ে সোনমক ফ্ৰেম কৰি আছে । আৰক্ষীৰ সমান্তৰালকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও মিছা কথা কৈছে ।’’
#WATCH | Indore missing couple case | Sonam Raghuvanshi's father, Devi Singh, says, " ...meghalaya cm is lying regarding this case. a cbi inquiry should be done on him as well. i am sure that the cm is also lying. union home minister amit shah should send the cbi there as soon as… pic.twitter.com/PPgn9QwefV
— ANI (@ANI) June 9, 2025
ধাবাত সোনমক উদ্ধাৰ সন্দৰ্ভত গাজীপুৰৰ আৰক্ষী অধীক্ষক ড৹ ইৰাজ ৰাজাই সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ‘‘নন্দগঞ্জৰ এখন ধাবাত সোনম ৰঘুবংশীক মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছে । তেওঁ ক’লা ৰঙৰ পোছাক পৰিধান কৰিছিল । প্ৰথমে তেওঁ গাজীপুৰৰ ধাবাত থকাৰ কথা ককায়েক গোবিন্দ ৰঘুবংশীক অৱগত কৰিছিল । ধাবাৰ স্বত্বাধিকাৰীৰ ফোন ব্যৱহাৰ কৰি ভাতৃক ভালে থকাৰ লগতে গাজীপুৰৰ ধাবাত থকাৰ কথাটো ব্যক্ত কৰি তেওঁক তালৈ আহি বচাবলৈ অনুৰোধ জনায় ৷’’
গাজীপুৰৰ আৰক্ষী অধীক্ষকে ঘটনা সন্দৰ্ভত এনেদৰে জনায়, ‘‘পৰিয়ালটোৱে এই তথ্য লাভ কৰাৰ লগে লগে খবৰ দিয়ে ইন্দোৰ আৰক্ষীক । তাৰ পিছত তাত থকা আৰক্ষীয়ে আমাক খবৰ দিলে । ইয়াৰ পিছত সোনমক নন্দগঞ্জ ধাবাৰ পৰা আনি ৱান ষ্টপ চেণ্টাৰত ৰখা হয় । বৰ্তমান জেৰাৰ লগতে তদন্তও চলি আছে ।
ইফালে সংবাদ সংস্থা পি টি আইৰ উদ্ধৃতিৰে মেঘালয়ৰ আৰক্ষীৰ সঞ্চালকপ্ৰধান স্মিতি ইদাশিশা নোংৰাঙে কয় ‘‘ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত সোনমকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাজাক হত্যা কৰাৰ ঠিকা দিছিল সোনমে । এই অপৰাধ সংঘটিত কৰিবলৈ মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা শ্বিলঙলৈ গৈছিল হত্যাকাৰী । সোনমক গ্ৰেপ্তাৰ কৰাৰ পিছতে গাজীপুৰলৈ ৰাওনা হৈছে শ্বিলং আৰক্ষী আৰু সোনমৰ পৰিয়াল ।’’
Four persons, including wife, arrested in connection with Indore man's murder in Meghalaya: DGP I Nongrang
— Press Trust of India (@PTI_News) June 9, 2025
Wife allegedly involved in Indore man's murder during honeymoon in Meghalaya, had hired killers: DGP Nongrang pic.twitter.com/SVGBRAz3md
ইন্দোৰৰ এজন বিখ্যাত পৰিবহন ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ চলিত বৰ্ষৰ ১১ মে’ত স্থানীয় যুৱতী সোনমৰ সৈতে বিবাহকাৰ্য সম্পন্ন হৈছিল । বিবাহৰ পিছত ৰাজা আৰু সোনমে হনিমুনৰ বাবে জম্মু-কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনা কৰে ৷ কিন্তু, পহলগাম আক্ৰমণৰ পিছত উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি দেখিয়েই দুয়োজনে সলনি কৰে নিজৰ পৰিকল্পনা । তাৰপিছতে দুয়ো শ্বিলং অভিমুখে ৰাওনা হয় ।
২১ মে’ত দম্পতীটো আহি মেঘালয়ত উপস্থিত হয় ৷ সন্ধিয়া প্ৰায় ৬ বজাত সোনম-ৰাজাই বালাদী গেষ্ট হাউচ পায় আৰু ২২ মে’ত দুয়োজনে পিকনিকৰ বাবে কিটিং ৰোডত উপস্থিত হয় । ইয়াৰ পৰাই তেওঁলোকে এখন স্কুটী ভাৰাত লৈছিল । শেষবাৰৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সৈতে ২৩ মে’ত কথা পাতিছিল আৰু তাৰ পিছৰে পৰা দুয়োৰে ফোন ছুইচ অফ হৈ পৰে ।
Within 7 days a major breakthrough has been achieved by the #meghalayapolice in the Raja murder case … 3 assailants who are from Madhya Pradesh have been arrested, female has surrendered and operation still on to catch 1 more assailant .. well done #meghalayapolice
— Conrad K Sangma (@SangmaConrad) June 9, 2025
এই ঘটনাৰ কিছুদিন পিছতে চোহৰাৰিম অঞ্চলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় দম্পতীটোৱে ভাৰালৈ নিয়া স্কুটীখন । তাৰপিছত ২ জুনত ৱেই ছ’ডং জলপ্ৰপাতৰ সমীপৰ এটা খাৱৈত ৰাজা ৰঘুবংশীৰ গেলি-পচি যোৱা মৃতদেহ উদ্ধাৰ হয় । আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে যদিও পৰিয়ালৰ লোকে সোনম নিৰুদ্দেশ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এয়া কোনো ডকাইতি বা লুটপাতৰ ঘটনা বুলিহে সন্দেহ কৰে ৷
ৰাজাৰ মৃতদেহ পোৱাৰ পিছৰে পৰা আৰক্ষীয়ে সোনমক বিচাৰি অনুসন্ধান অব্যাহত ৰাখে । কিহৰ বাবে সোনমে স্বামী ৰাজাক এনেদৰে পেছাদাৰী ঘাতকৰ হতুৱাই হত্যা কৰোৱালে, সেয়া হয়তো শীঘ্ৰে পোহৰলৈ আহিব ৷