ETV Bharat / bharat

নিৰ্দোষী নেকি সোনম ৰঘুবংশী ? শ্বিলং আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সোনমৰ পিতৃৰ

ধাবাত মুমূর্ষু অৱস্থাত উদ্ধাৰ ৰাজা ৰঘুবংশীৰ পত্নী সোনম ৷ ধাবাৰ স্বত্বাধিকাৰীয়ে ফোন কৰি খবৰ দিয়ে ইন্দোৰত থকা পৰিয়ালক ।

INDORE COUPLE MISSING IN SHILLONG
সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 1:10 PM IST

4 Min Read
Choose ETV Bharat

গাজীপুৰ: হনিমুনৰ বাবে ইন্দোৰৰ পৰা শ্বিলঙলৈ যোৱা ৰঘুবংশী দম্পতীৰ নিৰুদ্দেশ আৰু তাৰপিছত স্বামী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ কাহিনীত এক নতুন টুইষ্ট । বিগত ২৩ মে’ৰ পৰা শ্বিলঙত সন্ধানহীন হৈ আছিল সোনম আৰু তেওঁৰ স্বামী ৰাজা ৰঘুবংশী ।

২ জুনত ৰাজাৰ মৃতদেহ এটা খাৱৈত উদ্ধাৰ হোৱাৰ পিছত ঘটনাই মোৰ সলায় ৷ প্ৰায় এসপ্তাহজোৰা অভিযানৰ অন্তত ৯ জুন অৰ্থাৎ সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ এখন ধাবাত সোনমক প্ৰত্যক্ষ কৰা হৈছিল ৷ ধাবাত উপস্থিত হোৱাৰ পিছতে সোনমে আত্মসমৰ্পণ কৰে ৷ সোনমে ভাৰাতীয়া হত্যাকাৰীৰ দ্বাৰা স্বামীক হত্যা কৰোৱা বুলি ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

সোনমৰ আত্মসমৰ্পণৰ খবৰ লাভ কৰাৰ পিছত পিতৃ দেৱী সিঙে কয় যে তেওঁৰ কন্যা নিৰ্দোষী । তেওঁ কয় ‘‘ছোৱালীজনীয়ে জ্যেষ্ঠ ভাতৃ গোবিন্দক ফোনযোগে গাজীপুৰৰ এখন ধাবাত থকাৰ কথা ব্যক্ত কৰিছিল ৷ লগতে মোক বচাওক, মোক ইয়াৰ পৰা লৈ যাওক বুলিও ভাতৃক অনুৰোধ কৰিছিল ।’’

INDORE COUPLE MISSING IN SHILLONG
গাজীপুৰৰ ধাবাত এইটো ৰূপত দেখা যায় সোনমক (ETV Bharat)

ইয়াৰ পিছতে গোবিন্দই ফোন কৰি সোনমৰ অৱস্থিতি লাভ কৰাৰ কথাটো পৰিয়ালবৰ্গক অৱগত কৰে । কিন্তু, সেই সময়ত সোনম অস্থিৰ হৈ পৰে । সোনমৰ পিতৃয়ে কয় ‘‘শ্বিলং আৰক্ষীৰ কাহিনী ভুল । চি বি আয়ে এই গোচৰৰ তদন্ত কৰিব লাগে । শ্বিলং আৰক্ষীয়ে সোনমক ফ্ৰেম কৰি আছে । আৰক্ষীৰ সমান্তৰালকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও মিছা কথা কৈছে ।’’

ধাবাত সোনমক উদ্ধাৰ সন্দৰ্ভত গাজীপুৰৰ আৰক্ষী অধীক্ষক ড৹ ইৰাজ ৰাজাই সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ‘‘নন্দগঞ্জৰ এখন ধাবাত সোনম ৰঘুবংশীক মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছে । তেওঁ ক’লা ৰঙৰ পোছাক পৰিধান কৰিছিল । প্ৰথমে তেওঁ গাজীপুৰৰ ধাবাত থকাৰ কথা ককায়েক গোবিন্দ ৰঘুবংশীক অৱগত কৰিছিল । ধাবাৰ স্বত্বাধিকাৰীৰ ফোন ব্যৱহাৰ কৰি ভাতৃক ভালে থকাৰ লগতে গাজীপুৰৰ ধাবাত থকাৰ কথাটো ব্যক্ত কৰি তেওঁক তালৈ আহি বচাবলৈ অনুৰোধ জনায় ৷’’

গাজীপুৰৰ আৰক্ষী অধীক্ষকে ঘটনা সন্দৰ্ভত এনেদৰে জনায়, ‘‘পৰিয়ালটোৱে এই তথ্য লাভ কৰাৰ লগে লগে খবৰ দিয়ে ইন্দোৰ আৰক্ষীক । তাৰ পিছত তাত থকা আৰক্ষীয়ে আমাক খবৰ দিলে । ইয়াৰ পিছত সোনমক নন্দগঞ্জ ধাবাৰ পৰা আনি ৱান ষ্টপ চেণ্টাৰত ৰখা হয় । বৰ্তমান জেৰাৰ লগতে তদন্তও চলি আছে ।

ইফালে সংবাদ সংস্থা পি টি আইৰ উদ্ধৃতিৰে মেঘালয়ৰ আৰক্ষীৰ সঞ্চালকপ্ৰধান স্মিতি ইদাশিশা নোংৰাঙে কয় ‘‘ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত সোনমকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাজাক হত্যা কৰাৰ ঠিকা দিছিল সোনমে । এই অপৰাধ সংঘটিত কৰিবলৈ মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা শ্বিলঙলৈ গৈছিল হত্যাকাৰী । সোনমক গ্ৰেপ্তাৰ কৰাৰ পিছতে গাজীপুৰলৈ ৰাওনা হৈছে শ্বিলং আৰক্ষী আৰু সোনমৰ পৰিয়াল ।’’

ইন্দোৰৰ এজন বিখ্যাত পৰিবহন ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ চলিত বৰ্ষৰ ১১ মে’ত স্থানীয় যুৱতী সোনমৰ সৈতে বিবাহকাৰ্য সম্পন্ন হৈছিল । বিবাহৰ পিছত ৰাজা আৰু সোনমে হনিমুনৰ বাবে জম্মু-কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনা কৰে ৷ কিন্তু, পহলগাম আক্ৰমণৰ পিছত উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি দেখিয়েই দুয়োজনে সলনি কৰে নিজৰ পৰিকল্পনা । তাৰপিছতে দুয়ো শ্বিলং অভিমুখে ৰাওনা হয় ।

২১ মে’ত দম্পতীটো আহি মেঘালয়ত উপস্থিত হয় ৷ সন্ধিয়া প্ৰায় ৬ বজাত সোনম-ৰাজাই বালাদী গেষ্ট হাউচ পায় আৰু ২২ মে’ত দুয়োজনে পিকনিকৰ বাবে কিটিং ৰোডত উপস্থিত হয় । ইয়াৰ পৰাই তেওঁলোকে এখন স্কুটী ভাৰাত লৈছিল । শেষবাৰৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সৈতে ২৩ মে’ত কথা পাতিছিল আৰু তাৰ পিছৰে পৰা দুয়োৰে ফোন ছুইচ অফ হৈ পৰে ।

এই ঘটনাৰ কিছুদিন পিছতে চোহৰাৰিম অঞ্চলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় দম্পতীটোৱে ভাৰালৈ নিয়া স্কুটীখন । তাৰপিছত ২ জুনত ৱেই ছ’ডং জলপ্ৰপাতৰ সমীপৰ এটা খাৱৈত ৰাজা ৰঘুবংশীৰ গেলি-পচি যোৱা মৃতদেহ উদ্ধাৰ হয় । আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে যদিও পৰিয়ালৰ লোকে সোনম নিৰুদ্দেশ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এয়া কোনো ডকাইতি বা লুটপাতৰ ঘটনা বুলিহে সন্দেহ কৰে ৷

ৰাজাৰ মৃতদেহ পোৱাৰ পিছৰে পৰা আৰক্ষীয়ে সোনমক বিচাৰি অনুসন্ধান অব্যাহত ৰাখে । কিহৰ বাবে সোনমে স্বামী ৰাজাক এনেদৰে পেছাদাৰী ঘাতকৰ হতুৱাই হত্যা কৰোৱালে, সেয়া হয়তো শীঘ্ৰে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: মেঘালয়ত সন্ধানহীন সোনমক উত্তৰ প্ৰদেশত উদ্ধাৰ; চুপাৰী দি স্বামী ৰাজাক হত্যা কৰাইছিল সোনমে - INDORE COUPLE MISSING IN SHILLONG