বিপদত পৰিছে এগৰাকী প্ৰাক্তন মুখ্য়মন্ত্ৰী, IRCTC কেলেংকাৰীত জড়িতৰ অভিযোগ
IRCTC কেলেংকাৰীৰ গোচৰত ৰাউজ এভিনিউ আদালতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, ৰাবৰী দেৱী আৰু তেজস্বী যাদৱ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ।

Published : October 13, 2025 at 3:57 PM IST
নতুন দিল্লী: দুৱাৰদলিত বিহাৰ বিধানসভা নিৰ্বাচন ৷ তাৰ পূৰ্বে বিপদ বাঢ়িছে আৰ জে ডি দলৰ ৷ আই আৰ চি টি চি কেলেংকাৰীৰ গোচৰত ৰাজনৈতিক দলটোৰ নেতা লালু প্ৰসাদ যাদৱ, ৰাবৰী দেৱী, তেজস্বী যাদৱকে ধৰি ১৪ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাউছ এভিনিউ আদালতৰ বিশেষ চি বি আই ন্যায়াধীশ বিশাল গগনে । গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এইটো দুৰ্নীতিৰ গোচৰ বুলি উল্লেখ কৰে ।
এতিয়া এইসকল ব্যক্তি গোচৰটোৰ বাবে বিচাৰৰ সন্মুখীন হ’ব । ১০ নৱেম্বৰত চি বি আইৰ আদালতে নিজৰ ৰায় প্ৰদান কৰিব ।
হুইল চেয়াৰত বহি পালেগৈ আদালত
ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে ডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ সৈতে হাজিৰ হয় ৰাউছ এভিনিউ ক’ৰ্টত । হুইল চেয়াৰত উঠি আদালতৰ মজিয়া পালেগৈ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী ৷
#UPDATE | IRCTC hotels corruption case | The Rouse Avenue court frames charges against former Railway Minister Lalu Prasad Yadav, former Bihar CM Rabri Devi, RJD leader Tejashwi Yadav and others.
— ANI (@ANI) October 13, 2025
This case pertains to alleged corruption in the tender of two IRCTC hotels in… https://t.co/VTz3gzjDRZ
সমগ্ৰ ঘটনাটো কি ?
এই ঘটনা সংঘটিত হৈছিল ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত ৷ সেই সময়ত লালু প্ৰসাদ যাদৱ দেশৰ ৰে’লমন্ত্ৰীৰ দায়িত্বত আছিল ৷ সেই সময়ছোৱাতে ভাৰতীয় ৰে’ল বিভাগৰ সহযোগী কোম্পানী আই আৰ চি টি চিৰ অধীনত পুৰী আৰু ৰাঁচীৰ বি এন আৰ হোটেলসমূহৰ পৰিচালনাৰ বাবে ব্যক্তিগত কোম্পানীক চুক্তিবদ্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল ।
চি বি আইৰ তদন্ত অনুসৰি এই প্ৰক্ৰিয়াত বহু অনিয়ম সংঘটিত হৈছিল ৷ চি বি আইৰ তদন্ত অনুসৰি সুজাতা হোটেলছ প্ৰাইভেট লিমিটেডে অযথা সুবিধা প্ৰদানৰ বাবে এই প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷
লেনদেনৰ বিনিময়ত লাভ
তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে যে সুজাতা হোটেলছ প্ৰাইভেট লিমিটেডক ঠিকা দিয়াৰ পৰিৱৰ্তে লালু পৰিয়ালৰ সৈতে জড়িত বেনামী কোম্পানী এটাক পাটনাত বজাৰ মূল্যৰ তুলনাত বহু কম মূল্যতে মাটি দিয়া হৈছিল ।
এই ভূমি লালু পৰিয়ালৰ মালিকানাধীন কোম্পানী ডেলিগেট মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে । চি বি আইয়ে কয় যে এইটো “quid pro quo’’ ৰ বিষয়, অৰ্থাৎ “লেনদেনৰ বিনিময়ত লাভ ৷’’
চি বি আইৰ অভিযোগ আৰু লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ স্থিতি
চি বি আইয়ে নিজৰ চাৰ্জশ্বীটত দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা, অপৰাধমূলক ষড়যন্ত্ৰ (আই পি চিৰ ১২০ বি ধাৰা), প্ৰতাৰণা আদিৰ অধীনত দাখিল কৰিছে অভিযোগ । এই গোচৰত চৰকাৰী পদৰ অপব্যৱহাৰ কৰা হৈছিল বুলি তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে ।
আনহাতে, এই গোচৰটো লালু প্ৰসাদ যাদৱ, ৰাবৰী দেৱী আৰু তেজস্বী যাদৱে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰি সকলো অভিযোগ নস্যাৎ কৰি আহিছে ৷ লালু প্ৰসাদ যাদৱে কয় যে নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে তদন্তকাৰী সংস্থাসমূহৰ সহায়ত বিৰোধীৰ ভাবমূৰ্তি নষ্ট কৰি মহাজোঁটবন্ধনক শিথিল কৰি তোলাৰ উদ্দেশ্যে এনে অভিযোগ উত্থাপন কৰিছে ।
#WATCH | Delhi: RJD leader Tejashwi Yadav leaves from the Rouse Avenue Court.
— ANI (@ANI) October 13, 2025
The Rouse Avenue court framed charges against former Railway Minister Lalu Prasad Yadav, former Bihar CM Rabri Devi, RJD leader Tejashwi Yadav and others in the IRCTC hotels corruption case. This case… https://t.co/F9E3EhYfJM pic.twitter.com/zpX2ecXFcC
বৰ্তমানলৈকে শুনানি আৰু কাৰ্যবিধি
চলিত বৰ্ষৰ ২৯ মে’ত দুয়োপক্ষৰ যুক্তি শুনানিৰ পিছত আদালতে এই গোচৰত নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছে । পিছত কাৰিকৰী কাৰণত এই ৰায় পিছুওৱা হয় আৰু সোমবাৰে পুনৰ ৰায়দানৰ বাবে নতুন তাৰিখ নিৰ্ধাৰণ কৰা হয় । আদালতে আটাইকেইজন অভিযুক্তক শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পিছতে দেওবাৰে সন্ধিয়া দিল্লীত উপস্থিত হৈছিল লালু প্ৰসাদ যাদৱৰ পৰিয়ালটো ।
লগতে পঢ়ক: দূৰ্গাপুৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; ৪ অভিযুক্তক গ্ৰেপ্তাৰ

