নতুন দিল্লী : একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশকাপট্টনমৰ পৰা দেশৰ এক লাখৰো অধিক স্থানত একেলগে গণ যোগাসন অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰে ।
‘‘যোগ সংগম’’ নামৰ এই অনুষ্ঠানটোৰ লক্ষ্য হৈছে ব্যক্তিগত মংগল আৰু বিশ্বজনীন বহনক্ষমতাৰ বাবে মানুহৰ মাজৰ আন্তঃসম্পৰ্কক ধৰি ৰখাৰ লগতে জীৱনশৈলীত যোগক গ্ৰহণ কৰা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা ।
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । তাত তেওঁৰ সৈতে প্ৰায় ৫ লাখ লোকে আৰ কে বিচ্চৰ কাষত যোগাসন কৰে । অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যোগাসন কেৱল ব্যায়াম নহয়, ই এক জীৱন-যাপনৰ পদ্ধতি ।"
Yoga isn't just an exercise. It is a way of life. Wonderful to join this year's Yoga Day celebrations in Visakhapatnam. https://t.co/ReTJ0Ju2sN
— Narendra Modi (@narendramodi) June 21, 2025
প্ৰধানমন্ত্ৰীৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, আয়ুষৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
#WATCH | Kurukshetra: Haryana CM Nayab Singh Saini, Governor Bandaru Dattatreya and Yoga Guru Swami Ramdev kickstart the celebrations of the 11th International Day of Yoga at Brahma Sarovar, Kurukshetra.
— ANI (@ANI) June 20, 2025
Source: Aastha TV pic.twitter.com/wlUVBIdNk2
স্কুল আৰু কলেজৰ পৰা আৰম্ভ কৰি সেনা শিবিৰ, ৰাজহুৱা উদ্যান, চৰকাৰী কাৰ্যালয় আনকি দূৰৱৰ্তী গাঁৱলৈকে লাখ লাখ অংশগ্ৰহণকাৰীয়ে একত্ৰিত হৈ ‘‘কমন যোগ প্ৰট’কল’’(CYP) সম্পন্ন কৰে, যিটো শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক মংগলৰ বাবে ডিজাইন কৰা যোগ ভংগীমাৰ এটা মানক ক্ৰম ।
জ্যেষ্ঠ নেতা-মন্ত্ৰীসকলেও সমগ্ৰ দেশতে যোগ দিৱস উদযাপন কৰি আছে । আহমেদাবাদৰ সমীপৰ ঐতিহাসিক আদালাজ ভাভ ষ্টেপৱেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে ।
#WATCH | Delhi | EAM S Jaishankar joins the dignitaries from diplomatic missions from across the world in India to perform Yoga on #InternationalYogaDay, which is being observed under the theme " yoga for one earth, one health".
— ANI (@ANI) June 21, 2025
(source - ani="" mea) pic.twitter.com/vChpigBmUF
আনহাতে, জম্মু-কাশ্মীৰৰ উধমপুৰত এই দিৱস উদযাপনত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ উধমপুৰ কেণ্টনমেণ্টত সশস্ত্ৰ বাহিনীৰ জোৱানৰ সৈতে মত বিনিময়ো কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কূটনীতিবিদসকলৰ সৈতে যোগাসন অনুষ্ঠানত যোগদান কৰে ।
#WATCH | ITBP performed Yoga on the banks of Pangong Tso at BOPs Dhan Singh Thapa and Chartse (24 Bn, Leh), located at 14,100–14,200 feet, on International Yoga Day.
— ANI (@ANI) June 20, 2025
Source: ITBP pic.twitter.com/mzuKIj9SGh
ইফালে ভাৰত-তিব্বতীয় সীমান্ত আৰক্ষীৰ জোৱানসকলে পাংগং ছ’ হ্ৰদত যোগাসন কৰি চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰতো অভূতপূৰ্ব নমনীয়তা প্ৰদৰ্শন কৰে । কুৰুক্ষেত্ৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনী, ৰাজ্যপাল বান্দাৰু দত্তত্ৰেয় আৰু যোগগুৰু ৰামদেৱৰ সৈতে পবিত্ৰ ব্ৰহ্ম সৰোবৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।